বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া চলচ্চিত্ৰ আৰু মনোগ্ৰাহী কাহিনী কথনৰ শক্তিক উদ্যাপন কৰি ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) ‘হনুমান অংশ’ নামৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ খনৰ বাবে ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিষেক ঘটা পৰিচালকৰ বঁটা লাভ কৰিছে ড০ বিশাল চতুৰ্বেদীয়ে।
২০২৬ চনৰ ২৮ নৱেম্বৰত গোৱাত অনুষ্ঠিত মহোৎসৱৰ সামৰণি অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এটা ট্ৰফী আৰু পাঁচ লাখ টকাৰ নগদ পুৰস্কাৰ।
চলচ্চিত্ৰ, বিজ্ঞাপন আৰু সংগীত ভিডিঅ'ত ১০০ৰো অধিক প্ৰকল্পত কাম কৰা এজন লেখক আৰু পৰিচালক হিচাপে চতুৰ্বেদীয়ে ছবিখনলৈ এক বৈচিত্ৰ্যময় সৃষ্টিশীল পটভূমি কঢ়িয়াই আনিছে। এম.বি.বি.এছ ডিগ্ৰীধাৰী চতুৰ্বেদীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে প্ৰায় পাঁচ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াইছিল। তেওঁ এগৰাকী সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা অনুভৱ সিনহাৰ সৈতেও সহযোগিতাৰে কাম কৰিছে আৰু দূৰদৰ্শন ধাৰাবাহিক 'ফৌজী ২' ৰ বাবে কাহিনী লিখিছে। নিম কৰোলি বাবাৰ জীৱন আৰু দৰ্শনৰ সৈতে থকা তেওঁৰ গভীৰ সম্পৰ্কই ২০২০ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ 'ডিভাইন ডিটুৰ: দ্যাট চেঞ্জড মাই লাইফ' ৰচনা কৰিবলৈও অনুপ্ৰাণিত কৰিছিল।
চলচ্চিত্ৰখনত সৰলতা আৰু আৱেগিক কাহিনী কথনৰ ওপৰত দিয়া গুৰুত্ব বিচাৰকমণ্ডলীৰ প্ৰশংসাত প্ৰতিফলিত হৈছে। বঁটা ঘোষণা কৰাৰ সময়ত বিচাৰকমণ্ডলীয়ে উল্লেখ কৰে যে “বাজেটতকৈ বিষয়বস্তুহে অধিক গুৰুত্বপূৰ্ণ” আৰু সংস্কৃতি, বিশ্বাস তথা সংগীতক এক শক্তিশালী আৱেগিক সংযোগেৰে একত্ৰিত কৰাৰ বাবে চতুৰ্বেদীৰ শলাগ বিশেষ দৃশ্য প্ৰভাৱ আৰু প্ৰযুক্তিৰ আধিপত্য থকা বৰ্তমানৰ যুগত চলচ্চিত্ৰখনৰ জটিলতাহীন কাহিনী কথনক এক সতেজ দৃষ্টিভংগী বুলি অভিহিত কৰি বিচাৰকমণ্ডলীয়ে ইয়াক প্ৰশংসা কৰে। তদুপৰি, বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিনেমা হলত দৰ্শকৰ পৰা ছবিখনে লাভ কৰা হাতচাপৰি তথা সমাদৰকো বিচাৰকমণ্ডলীয়ে স্বীকাৰ কৰে।
জুৰীৰ প্ৰশংসাপত্ৰত উল্লেখ কৰা হৈছে, “বাজেট গুৰুত্বপূৰ্ণ নহয়, বিষয়বস্তুহে গুৰুত্বপূৰ্ণ। তেওঁৰ প্ৰথম চলচ্চিত্ৰ ‘হনুমান অংশ’ৰ জৰিয়তে চলচ্চিত্ৰৰ এই মৌলিক ভেটিটো সুন্দৰভাৱে প্ৰতিফলিত কৰাৰ বাবে আমি ড০ বিশাল চতুৰ্বেদীক সন্মানিত কৰিছোঁ।”
প্ৰশংসাপত্ৰখনত লগতে কোৱা হৈছে, “সংস্কৃতি, বিশ্বাস আৰু সংগীতক এক শক্তিশালী আৱেগিক সংযোগেৰে একত্ৰিত কৰাটো এক অসাধাৰণ কৃতিত্ব। বিশেষ দৃশ্যমান প্ৰভাৱ আৰু প্ৰযুক্তিৰ আধিপত্য থকা এই যুগত ছবিখনৰ সৰল কাহিনী কথন সঁচাকৈয়ে প্ৰশংসনীয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত ছবিখনে লাভ কৰা বিপুল হাতচাপৰিয়ে ইয়াৰ সফলতাৰ প্ৰমাণ দাঙি ধৰিছে। ‘হনুমান অংশ’ৰ বাবে শ্ৰেষ্ঠ অভিষেক ঘটা পৰিচালকৰ বঁটা লাভ কৰাৰ বাবে ড০ বিশাল চতুৰ্বেদীক আমাৰ আন্তৰিক অভিনন্দন।”
চলচ্চিত্ৰখনৰ কাহিনী :
‘হনুমান অংশ’ চলচ্চিত্খনত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা লক্ষ্মীনাৰায়ণৰ আধ্যাত্মিক যাত্ৰাৰ কাহিনী উপস্থাপন কৰা হৈছে। জীৱন, মৃত্যু আৰু মানৱীয় দুখ-কষ্ট সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ উত্তৰ ভাৰতৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰে। এই যাত্ৰাপথত সাধু-সন্ত আৰু সাধাৰণ লোকৰ সৈতে হোৱা সাক্ষাৎ তথা অভিজ্ঞতাই ক্ৰমান্বয়ে তেওঁৰ আধ্যাত্মিক চিন্তাধাৰাক গঢ় দিয়ে। আনহাতে, নীম কৰোলী গাঁৱৰ ওচৰত হোৱা এক ৰহস্যময় ঘটনাই তেওঁক ‘নীম কৰোলী বাবা’ নাম প্ৰদান কৰে।
চলচ্চিত্ৰখনত তেওঁৰ এগৰাকী শ্ৰদ্ধাৰ আধ্যাত্মিক ব্যক্তিত্বলৈ ৰূপান্তৰিত হোৱাৰ কাহিনীও তুলি ধৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁৰ শিক্ষাই ষ্টিভ জবছ, মাৰ্ক জুকাৰবাৰ্গ আৰু জুলিয়া ৰবাৰ্টছকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক অনুপ্ৰাণিত কৰিছিল।
পৰিকল্পিত ত্ৰিলজীৰ প্ৰথম খণ্ড হিচাপে নিৰ্মিত ছবিখনে সৰলতা, আত্ম-অন্বেষণ আৰু আত্মচিন্তনৰ দৰে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিছে।
পৃথিৱীখনক বুজিবলৈ হ’লে প্ৰথমে নিজকে বুজি পোৱাটো প্ৰয়োজনীয়—এই বাৰ্তাও চলচ্চিত্ৰখনে দৰ্শকৰ মাজলৈ কঢ়িয়াই আনিছে।
ড০ বিশাল চতুৰ্বেদীৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেল ইয়াত চাব পাৰিব।
Read and follow PIB’s coverage of Hanuman Ansh at IFFI 2026 on its social media platforms:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Sasmita/ Darshana/DM | IFFI 57 - 129