মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

এম ডব্লিউ চি ডি আৰু এম এছ ডি ই -এ ২০২৬ চনৰ ২৮ নৱেম্বৰত হৰিদ্বাৰত যৌথভাৱে মুকলি কৰিব নব্যা ২.০


২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০০খন জিলাত দক্ষতা, আত্মবিশ্বাস বৃদ্ধি আৰু জীৱিকাৰ সুযোগৰ জৰিয়তে কিশোৰী তথা যুৱতীক সবল কৰিবলৈ যৌথ পদক্ষেপ

পোষ্ট কৰা হৈছে: 27 NOV 2026 9:13PM by PIB Guwahati

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় (এম ডব্লিউ চি ডি) আৰু দক্ষতা উন্নয়ন আৰু উদ্যোগিতা মন্ত্ৰালয় (এম এছ ডি ই) এ যৌথভাৱে ২০২৬ চনৰ ২৮ নৱেম্বৰত বিয়লি ৩:৩০ বজাত হৰিদ্বাৰৰ উত্তৰাখণ্ড সংস্কৃত একাডেমী প্ৰেক্ষাগৃহত নব্যা– কিশোৰী আৰু যুৱতীৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে আকাংক্ষা অভিমুখী যাত্ৰা (নব্যা ২.০)ৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব।অনুশীলনমূলক পৰ্যায়ৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি, নব্যা ২.০এ কিশোৰী আৰু যুৱতীৰ আকাংক্ষাক জগাই তুলি তেওঁলোকৰ সামৰ্থ্যৰ বিকাশ কৰাৰ লগতে অধিক আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জন কৰিবলৈ সক্ষম কৰি মহিলা নেতৃত্বাধীন উন্নয়ন আগবঢ়াই নিয়াৰ লক্ষ্য লৈছে।

কাৰ্যসূচীত উপস্থিত থাকিব মহিলা আৰু শিশু উন্নয়নৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী, দক্ষতা উন্নয়ন আৰু উদ্যমিতাৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰী, উত্তৰাখণ্ড চৰকাৰৰ মহিলা সবলীকৰণ আৰু শিশু উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, ক্ৰীড়া আৰু যুৱ কল্যাণৰ কেবিনেট মন্ত্ৰী শ্ৰীমতী ৰেখা আৰ্য, উত্তৰাখণ্ড চৰকাৰৰ পঞ্চায়তী ৰাজ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পুনৰ্বাসন, আয়ুষ আৰু আয়ুষ শিক্ষা, পুনৰ্গঠন আৰু জনগণনাৰ কেবিনেট মন্ত্ৰী শ্ৰী মদন কৌশিক আৰু লোকসভাৰ উত্তৰাখণ্ডৰ সাংসদ  শ্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱত।

এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দ্বাৰা নব্যা ২.০ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। ইয়াৰ সৈতে সংগতি ৰাখি উত্তৰাখণ্ডত ‘পি এম জন মন’ৰ অধীনত নিৰ্মিত সক্ষম অংগনৱাড়ী কেন্দ্ৰ আৰু নতুন অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা হ’ব। লগতে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পি এম কে ভি ৱাই)ৰ অধীনত প্ৰশিক্ষিত প্ৰাৰ্থীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হ’ব।

নব্যা: আকাংক্ষাৰ বিকাশেৰে  সবলীকৰণৰ দিশে এখোজ

নব্যা হৈছে এম ডব্লিউ চি ডি  আৰু এম এচ ডি ই ৰ এটা সহযোগিতামূলক পদক্ষেপ। ই মহিলা আৰু শিশু উন্নয়ন তথা দক্ষতা উন্নয়ন ব্যৱস্থাৰ শক্তিসমূহক একত্ৰিত কৰি কিশোৰী আৰু যুৱতীক সবল কৰে। এই পদক্ষেপে প্ৰতিফলিত কৰে যে সবলীকৰণ কেৱল প্ৰশিক্ষণৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ ভিতৰত আকাংক্ষা পুহি ৰখা, আত্মবিশ্বাস গঢ়ি তোলা, সামৰ্থ্য বিকশিত কৰা আৰু ভৱিষ্যতৰ বিষয়ে সচেতন সিদ্ধান্ত ল’বলৈ সক্ষম কৰাও অন্তৰ্ভুক্ত।

এই কাৰ্য্যসূচীৰ অনুশীলনমূলক পৰ্যায় ২০২৫ চনৰ ২৪ জুনত উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত মুকলি কৰা হয়। ইয়াৰ অধীনত ১৯খন ৰাজ্যৰ ২৭খন অভিলাষী জিলা সামৰি লোৱাৰ পৰিকল্পনা কৰা হয়। প্ৰায় ১,২০০ গৰাকী কিশোৰীক ড্ৰ’ন উৎপাদন আৰু সংযোজন কাৰিকৰী, সৌৰ পি ভি স্থাপন সহায়ক আৰু ফেশ্বন ডিজাইনাৰৰ দৰে উদ্যোগ-প্ৰাসংগিক চাকৰিৰ ভূমিকাত প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে তেওঁলোকৰ আত্মবিশ্বাস আৰু আৰ্থ-সামাজিক স্বাধীনতা শক্তিশালী কৰিবলৈ ডিজিটেল আৰু বিত্তীয় সাক্ষৰতা, কেৰিয়াৰৰ বাবে প্ৰস্তুতি আৰু উদ্যমিতাতো গুৰুত্ব দিয়ে।

নব্যা ২.০: সবলীকৰণৰ দিগন্ত সম্প্ৰসাৰণ

অনুশীলনমূলক পৰ্যায়ৰ  অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, নব্যা ২.০এ ইয়াৰ পৰিসৰ ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০০খন জিলালৈ সম্প্ৰসাৰিত কৰিব। ইয়াত বিশেষকৈ অভিলাষী আৰু দুৰ্গম অঞ্চলৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ বাবে যোগ্য বয়সৰ গোটো ১৬-১৮ বছৰৰ পৰা ১৬-২৫ বছৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত অধিক সংখ্যক কিশোৰী আৰু যুৱতী ইয়াৰ আওতালৈ আহিব।

সম্প্ৰসাৰিত পদক্ষেপে উদ্যোগ-প্ৰাসংগিক, নতুন যুগৰ আৰু অপৰম্পৰাগত চাকৰিৰ ভূমিকাত বৃত্তিমূলক প্ৰশিক্ষণৰ অধিক সুবিধা প্ৰদান কৰিব। লগতে নিয়োগ, শিক্ষানবিশী আৰু উদ্যমিতাৰ পথ শক্তিশালী কৰিব। ই প্ৰাতিষ্ঠানিক সমন্বয়, সমন্বিত জিলা পৰ্যায়ৰ ৰূপায়ণ আৰু ফলাফলমুখী সহায়ত গুৰুত্ব দিয়ে। জিলা পৰ্যায়ত ফলপ্ৰসূ সমন্বয় আৰু ৰূপায়ণৰ সুবিধাৰ বাবে এটা গাঁথনিগত মানক পৰিচালনা পদ্ধতি (এছ অ’ পি)ও প্ৰৱৰ্তন কৰা হৈছে।

 

প্ৰযুক্তি-সক্ষম ৰূপায়ণ

স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছ আই ডি এইচ) এ দক্ষতা বিকাশৰ সুযোগৰ সুবিধা প্ৰদান কৰাৰ লগতে নামভৰ্তিৰ পৰা প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ পৰ্যন্ত তেওঁলোকৰ যাত্ৰাত প্ৰাৰ্থীসকলক সহায় কৰাৰ বাবে ডিজিটেল মঞ্চ হিচাপে কাম কৰিব। ই হিতাধিকাৰীৰ পঞ্জীয়ন, উপস্থিতি, প্ৰশিক্ষণৰ অগ্ৰগতি আৰু প্ৰমাণপত্ৰৰ ৰিয়েল-টাইম অনুসৰণো সক্ষম কৰিব। ইয়াৰ ফলত স্বচ্ছতা আৰু জবাবদিহিতা শক্তিশালী হ’ব। ডিজিটেলভাৱে সত্যাপন হোৱা প্ৰমাণপত্ৰই প্ৰাৰ্থীসকলক তেওঁলোকৰ দক্ষতা আৰু যোগ্যতা প্ৰদৰ্শন কৰাত আৰু অধিক সহায় কৰিব।

মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতি

এম ডব্লিউ চি ডি আৰু এম এছ ডি ই- ৰ সমন্বয়ৰ জৰিয়তে, নব্যা ২.০-এ এনে এটা সক্ষম পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে য’ত বিশেষকৈ অভিলাষী আৰু প্ৰান্তীয় অঞ্চলৰ পৰা অহা কিশোৰী আৰু যুৱতীসকলে নিজ  সম্ভাৱনা উপলব্ধি কৰাৰ লগতে তেওঁলোকৰ আকাংক্ষা অনুসৰণ কৰি অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰিব পাৰে।

নব্যা ২.০ হৈছে আকাংক্ষাক সুযোগলৈ আৰু সুযোগক সবলীকৰণলৈ ৰূপান্তৰিত কৰাৰ দিশত এটা পদক্ষেপ। ই প্ৰতিগৰাকী যুৱতীক নিজৰ ভৱিষ্যৎ গঢ়িবলৈ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈ সক্ষম কৰে।

*****

RC/SM/DD


(ৰিলিজ আই ডি : 2343116) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी