স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বেংগালুৰুৰ নিমহান্সত উন্নত ‘স্পেকট্ৰেল চি টি’ সুবিধা উদ্বোধন কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পূণ্য সলিলা শ্ৰীবাস্তৱৰ; মুখ্য মানসিক স্বাস্থ্যসেৱা আৰু মস্তিষ্কৰ স্বাস্থ্য পদক্ষেপসমূহৰ পৰ্যালোচনা

চাৰিটা পেছাদাৰী শাখাত মানসিক স্বাস্থ্য কৰ্মীবাহিনী শক্তিশালী কৰাৰ উদ্দেশ্যে নিমহান্সৰ ‘আত্মহত্যা প্ৰতিৰোধ কাৰ্যসূচী’ আৰু সামৰ্থ্য বিকাশ সম্পৰ্কীয় পদক্ষেপসমূহ পৰ্যালোচনা শ্ৰীমতী শ্ৰীবাস্তৱৰ

টেলি-মানস সেৱাই ৫০ লাখ কল অতিক্ৰম কৰিছে; হেল্পলাইন সংযোগৰ সম্প্ৰসাৰণ, পৰামৰ্শদাতাৰ প্ৰশিক্ষণ, গুণগত মান নিশ্চিতকৰণ আৰু প্ৰযুক্তি-সক্ষম মানসিক স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণৰ পৰ্যালোচনা

নিমহান্সৰ চেণ্টাৰ ফৰ এডিকচন মেডিচিনৰ ২০২৬ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত ২৫,৯১৩ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান; টেলিমেডিচিন ফ’ল’-আপ, বিশেষ চিকিৎসা আৰু দেশজোৰা প্ৰচাৰ শক্তিশালী কৰাৰ দিশে পদক্ষেপ

নিমহান্সৰ আত্মহত্যা প্ৰতিৰোধ পদক্ষেপ সমূহ কৰ্ণাটকৰ ৩৭ খন চৰকাৰী চিকিৎসালয়ত উপলব্ধ হৈছে; নগৰীয়া আত্ম-ক্ষতি অধ্যয়নৰ অধীনত ৩১,৫৫৭ জন ৰক্ষা পৰা ব্যক্তিয়ে চিকিৎসা লাভ কৰিছে

নিটি আয়োগৰ পৰামৰ্শমৰ্মে নিমহনচ-এ বিকাশ কৰা কৰ্ণাটক ব্ৰেইন হেল্থ ইনিচিয়েটিভ (কভী) আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত ২.৬১ লাখ পৰীক্ষণ সম্পন্ন হোৱাৰ লগতে ৩২,৬৩০ গৰাকী ৰোগীক চিকিৎসা প্ৰদান; স্বাস্থ্য মন্ত্ৰণালয়ৰ কাৰ্য্য গোটৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিলিপিৰ প্ৰস্তাৱ

পোষ্ট কৰা হৈছে: 27 NOV 2026 8:01PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে বেংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰ’ ছায়েন্সেছ (নিমহান্স)ৰ জৰুৰীকালীন ব্লকত এটা অত্যাধুনিক স্পেকট্ৰেল চিটি  সুবিধাৰ উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ভ্ৰমণকালত সচিবগৰাকীয়ে মানসিক স্বাস্থ্য সেৱা, আত্মহত্যা প্ৰতিৰোধ, নিচামুক্তি চিকিৎসা, দক্ষতা বিকাশ আৰু মগজুৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহলৈ প্ৰতিষ্ঠানটোৰ অৱদান আৰু মূল পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে।

নতুনকৈ স্থাপন কৰা সুবিধাটোত জি ই-ৰ ৰিভলিউচন এপেক্স এলিট চিটি স্কেনাৰৰ ব্যৱস্থা কৰা হৈছে। এই ২৫৬-ডিটেক্টৰ-ৰ’ চিষ্টেমত উন্নত স্পেকট্ৰেল ইমেজিং আৰু এ আই-ভিত্তিক ছবি পুনৰ্নিৰ্মাণৰ সুবিধা আছে। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে বাবে ব্যাপক স্নায়ৱিক, হৃদৰোগ, ভাস্কুলাৰ আৰু সমগ্ৰ শৰীৰৰ ইমেজিং সমৰ্থন কৰিবলৈ প্ৰস্তুত কৰা এই স্কেনাৰটোৱে জৰুৰীকালীন বিভাগত ৰোগীৰ যথেষ্ট ভিৰ সামৰিবলৈ দিনে-নিশাই কাৰ্যক্ষম হৈ থাকিব।

উন্নত ইমেজিং ব্যৱস্থাটোৱে বিশেষকৈ সময়মতে আৰু সঠিক ৰোগ নিৰ্ণয় অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ষ্ট্ৰোক আৰু নিউৰ’ভাস্কুলাৰ চিকিৎসাত জৰুৰীকালীন ৰোগ নিৰ্ণয় শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ই মস্তিষ্কৰ ৰক্তক্ষৰণ, ধমনীৰ অৱৰোধ আৰু অন্যান্য জীৱনলৈ ভাবুকি কঢ়িয়াই অনা অৱস্থা দ্ৰুতভাৱে চিনাক্ত কৰাৰ লগতে হৃদৰোগ আৰু ভাস্কুলাৰ বিকাৰ, চিকিৎসাৰ পিছৰ জটিলতা, পলিট্ৰমা আৰু অন্যান্য জটিল চিকিৎসা অৱস্থাৰ মূল্যায়নতো সহায় কৰে।

 

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্যসেৱা পদক্ষেপৰ পৰ্যালোচনা

 

এই পৰিদৰ্শন কালত সচিবগৰাকীয়ে টেলি-মানস (ৰাজ্যসমূহৰ বাবে টেলি মানসিক স্বাস্থ্য সহায়তা আৰু নেটৱৰ্কিং)ৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই পদক্ষেপে ৫০ লাখ কলৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এই কাৰ্যসূচীয়ে অন্যান্য হেল্পলাইনৰ সৈতে একত্ৰীকৰণ, দেশজোৰা সজাগতা পদক্ষেপ, পৰামৰ্শদাতাৰ প্ৰশিক্ষণ আৰু স্বীকৃতি, গুণগত মান নিশ্চিতকৰণ ব্যৱস্থা আৰু প্ৰযুক্তি-সক্ষম সেৱাৰ জৰিয়তে নিজৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰিছে। ২০২৭-৩২ ৰ বাবে ইয়াৰ পাঁচ বছৰীয়া দৃষ্টিভংগীয়ে প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণ, সেৱাৰ মান বৃদ্ধি আৰু টেলি-মানসক বৃহত্তৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ সৈতে অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰাত গুৰুত্ব দিছে।

সচিবগৰাকীয়ে নিমহনচ-ৰ চেণ্টাৰ ফৰ এডিকচন মেডিচিন (চি এ এম)ৰ কাৰ্যকলাপো পৰ্যালোচনা কৰে। এয়া মন্ত্ৰণালয়ৰ ধঁপাত নিয়ন্ত্ৰণ আৰু ড্ৰাগছ আসক্তি দূৰীকৰণ কাৰ্যসূচীৰ অধীনত সমৰ্থিত ছটা কেন্দ্ৰৰ ভিতৰত অন্যতম। ২০২৬ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত কেন্দ্ৰটোৱে আসক্তিজনিত বিকাৰ থকা ২৫,৯১৩ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান কৰাৰ লগতে ৭,০০০তকৈ অধিক লোকে টেলিমেডিচিন ফ’ল’-আপৰ সুবিধা লাভ কৰিছে।

ইয়াৰ বিশেষ সেৱাসমূহৰ ভিতৰত আছে অপিঅ’ইড(এবিধ বিশেষ শ্ৰেণীৰ দৰৱ) প্ৰতিস্থাপন চিকিৎসা, নিউৰ’মডুলেচন, পৰামৰ্শ আৰু টেলি-আফটাৰকেয়াৰ। কেন্দ্ৰটোৱে ডিজিটেল প্ৰশিক্ষণ আৰু ই-লাৰ্নিং কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশৰ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ কাষ চাপিছে। ইয়াৰ এডিকচন আৰ এক্স মোবাইল এপ্লিকেচনটো ১৪৫খন দেশত প্ৰায় ১৯,৬০০ ডাউনলোড  হোৱাৰ তথ্য প্ৰকাশিত হৈছে। সমাজৰ প্ৰচাৰ কাৰ্যকলাপসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত নিচা মুক্ত ভাৰত অভিযানৰ অধীনত পদক্ষেপ আৰু ধঁপাত ত্যাগ হেল্পলাইন কাৰ্য্যসূচীয়ে ৩৬,০০০তকৈ অধিক কল লাভ কৰিছে। কেন্দ্ৰটোৱে নিজৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু ডিজিটেল পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ দিশত কাম কৰি থকাৰ লগতে বিশেষকৈ যুৱক-যুৱতীৰ মাজত আসক্তিৰ আগতীয়া চিনাক্তকৰণত সহায় কৰিবলৈ এ আই-সক্ষম সঁজুলি বিকশিত কৰি আছে।

পেছাদাৰী সামৰ্থ্য আৰু আত্মহত্যা প্ৰতিৰোধ শক্তিশালীকৰণ

পৰ্যালোচনাত নিমহনচ-চি আই পি- এল জি বি আৰ আই এম এইচ ক্ষমতা বৃদ্ধি কাৰ্যসূচীও সামৰি লোৱা  হয়।এই কাৰ্য্যসূচী চেণ্ট্ৰেল ইনষ্টিটিউট অৱ চাইকিয়াট্ৰি (চি আই পি), ৰাঁচী আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (এল জি বি আৰ আই এম এইচ), তেজপুৰৰ সহযোগত গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মনোৰোগ চিকিৎসা, ক্লিনিকেল মনোবিজ্ঞান, মনোৰোগ সমাজকৰ্ম আৰু মনোৰোগ নাৰ্চিঙত পেছাদাৰী সামৰ্থ্য শক্তিশালী কৰা।

পৰ্যালোচনাৰ আন এটা মূল ক্ষেত্ৰ আছিল নিমহনচ আত্মহত্যা প্ৰতিৰোধ, গৱেষণা, ৰূপায়ণ, প্ৰশিক্ষণ আৰু অংশগ্ৰহণ(এন- স্প্ৰাইট) কেন্দ্ৰৰ কাম-কাজ। এই পদক্ষেপ ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ কৌশল (২০২২)ৰ চাৰিটা স্তম্ভৰ সৈতে সংগতিপূৰ্ণ।

কেন্দ্ৰটোৰ আৰ্বান চেল্ফ-হাৰ্ম ষ্টাডি (য়শ্বাস)য়ে ২০২২ চনৰ পৰা ৪২,৩৮২টা ঘটনা  নথীভুক্ত কৰিছে। ইয়াত ৩১,৫৫৭ গৰাকী আত্মহননৰ পৰা উদ্ধাৰ হোৱা ব্যক্তিয়ে সহায় লাভ কৰিছে। এই ক্ষেত্ৰত  পুনৰ চেষ্টাৰ হাৰ ১.৩% বুলি উল্লেখ কৰা হৈছে। কেন্দ্ৰটো এতিয়া কৰ্ণাটকৰ ৩৭খন চৰকাৰী চিকিৎসালয়ত কাৰ্যক্ষম। ইয়াৰ উপৰি ই সুৰক্ষা, য়শ্বাস আৰু এমপাৱাৰ কাৰ্য্যসূচী ৰূপায়ণৰ জৰিয়তে সমাজ, যুৱচাম আৰু কৰ্মক্ষেত্ৰত আত্মহত্যা প্ৰতিৰোধত গুৰুত্ব দিয়ে।

শ্ৰীমতী শ্ৰীবাস্তৱক শেহতীয়াকৈ আৰম্ভ কৰা কল্যাণ কেন্দ্ৰ, নিমহনচ ছাত্ৰ মানসিক স্বাস্থ্য সেৱাৰ বিষয়েও অৱগত কৰা হয়। কেন্দ্ৰটোৱে বহু-বিষয়ক দলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিবেদিত পৰামৰ্শ, মনোচিকিৎসা আৰু মনোৰোগ সহায় প্ৰদান কৰে। ইয়াৰ সেৱাসমূহৰ ভিতৰত আছে গাঁথনিগত হ্ৰস্বম্যাদী থেৰাপী, প্ৰয়োজন হ’লে দীৰ্ঘম্যাদী যত্নৰ বাবে পৰামৰ্শ আৰু সপ্তাহত দুবাৰ মনোৰোগ পৰামৰ্শ।

মস্তিষ্কৰ স্বাস্থ্য আৰু জৰুৰীকালীন স্নায়ৱিক যত্নৰ অগ্ৰগতি

আলোচনাত কৰ্ণাটকত মস্তিষ্কৰ স্বাস্থ্য আৰু স্নায়ৱিক যত্ন শক্তিশালী কৰিবলৈ নিমহনচ-ৰ প্ৰচেষ্টাও সামৰি লোৱা হয়। নিমহনচ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত নিটি আয়োগৰ পৰামৰ্শৰে বিকশিত  কৰ্ণাটক ব্ৰেইন হেল্থ ইনিচিয়েটিভ (কভী)ৰ জৰিয়তে স্নায়ৱিক বিকাৰৰ আগতীয়া চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎসাত গুৰুত্ব দিয়া হৈছে। এই পদক্ষেপে ২.৬১ লাখ পৰীক্ষণ সম্পন্ন কৰাৰ লগতে ৩২,৬৩০ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা গঠিত মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য্য গোটে কভীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক্ষেপৰ বাবে আদৰ্শ হিচাপে প্ৰস্তাৱ কৰিছে। এই প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে, কৰ্ণাটকত মূৰৰ আঘাত আৰু ষ্ট্ৰোক যত্নৰ বাবে প্ৰস্তাৱিত হাব এণ্ড স্প’ক মডেলে আঞ্চলিক হাব আৰু সমন্বিত ৰেফাৰেল নেটৱৰ্কৰ জৰিয়তে সময়মতে জৰুৰীকালীন স্নায়ৱিক যত্নৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লক্ষ্য ৰাখিছে। প্ৰস্তাৱিত মডেলটোত হুব্বল্লীৰ  কে এম চি আৰ আই-ত এটা নিউৰ’হাব আৰু নিমহনচ-ত এটা একিউট ষ্ট্ৰোক ইমাৰ্জেন্সি এণ্ড এচেছমেণ্ট চেণ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত চৰকাৰে ব্যাপক আৰু সহজলভ্য স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই প্ৰচেষ্টাত মানসিক স্বাস্থ্যক বিশেষ গুৰুত্ব দিয়া হৈছে। আগতীয়া ৰোগ নিৰ্ণয়, চিকিৎসা, আত্মহত্যা প্ৰতিৰোধ, আসক্তি আঁতৰ কৰাৰ বাবে যত্ন, পেছাদাৰী ক্ষমতা বৃদ্ধি আৰু মস্তিষ্কৰ স্বাস্থ্যক সামৰি লোৱা পদক্ষেপসমূহৰ জৰিয়তে মন্ত্ৰণালয়ে সমগ্ৰ দেশত মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰা আৰু মানসিক স্বাস্থ্যসেৱা পৰিস্থিতি তন্ত্ৰ শক্তিশালী কৰাৰ দিশত প্ৰচেষ্টা ত্বৰান্বিত কৰি আহিছে।

*****

SR/DD


(ৰিলিজ আই ডি : 2343102) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada