প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

বিন্ধ্যগিৰিৰ হস্তান্তৰ (ৱাই ৩০২৪) (প্ৰকল্প ১৭এ থলুৱা উন্নত ষ্টেল্থ ফ্ৰিগেট)

পোষ্ট কৰা হৈছে: 27 NOV 2026 6:04PM by PIB Guwahati

গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (জি আৰ এচ ই) দ্বাৰা নিৰ্মিত বিশেষ শ্ৰেণীৰ তৃতীয়খন তথা নীলগিৰি শ্ৰেণীৰ (প্ৰকল্প ১৭এ) সপ্তম আৰু অন্তিম জাহাজ  বিন্ধ্যগিৰি (য়াৰ্ড ৩০২৪) ২০২৬ চনৰ ২৭ নৱেম্বৰত কলকাতাৰ জি আৰ এচ ই- ত ভাৰতীয় নৌসেনাক হস্তান্তৰ কৰা হয়। ইয়াৰ ফলত প্ৰকল্প ১৭এ জাহাজ হস্তান্তৰৰ সফল সমাপ্তি ঘটাৰ লগতে যুদ্ধজাহাজৰ শৈলী প্ৰস্তুত আৰু নিৰ্মাণত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ ক্ষেত্ৰত এক বৃহৎ দৃষ্টান্ত পৰিলক্ষিত হয়।

সামুদ্ৰিক ক্ষেত্ৰত বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ শৈলী প্ৰস্তুত কৰা প্ৰকল্প ১৭এ ফ্ৰিগেটসমূহ হৈছে বহুমুখী বহু অভিযানৰ সামৰ্থ্য সম্বলিত মঞ্চ। কৰ্ণাটকৰ বিন্ধ্যগিৰি পৰ্বতমালাৰ নামেৰে নামকৰণ কৰা জাহাজখন হৈছে ১৯৮১ চনৰ ৮ জুলাইৰ পৰা ২০১২ চনৰ ১১ জুনলৈকে ভাৰতীয় নৌসেনাৰ অভিযানৰ অংশ হৈ ৩১ বছৰ ধৰি দেশক গৌৰৱময় সেৱা আগবঢ়াই থকা লিয়েণ্ডাৰ-শ্ৰেণীৰ ফ্ৰিগেট পূৰ্বৰ আই এন এচ বিন্ধ্যগিৰিৰ পুনৰ্জন্ম স্বৰূপ । এই অত্যাধুনিক ফ্ৰিগেটখনে নৌ-ডিজাইন, ষ্টেল্থ, অগ্নিশক্তি, স্বয়ংক্ৰিয়কৰণ আৰু স্থায়ীত্বৰ সামৰ্থ্যত এক বৃহৎ অগ্ৰগতি প্ৰতিফলিত কৰে। এয়া যুদ্ধজাহাজ নিৰ্মাণত আত্মনিৰ্ভৰতাৰ এক প্ৰশংসনীয় প্ৰতীক।

যুদ্ধজাহাজ ডিজাইন ব্যুৰ’ (ডব্লিউ ডি বি) দ্বাৰা শৈলী প্ৰস্তুত কৰা আৰু যুদ্ধজাহাজ তদাৰকী দল (কলকাতা) দ্বাৰা তদাৰক কৰা পি ১৭ এ ফ্ৰিগেটসমূহে থলুৱা জাহাজৰ শৈলী, ষ্টেল্থ, স্থায়ীত্বৰ সামৰ্থ্য আৰু যুদ্ধ ক্ষমতাত প্ৰজন্মগত অগ্ৰগতি প্ৰতিফলিত কৰে। এই জাহাজসমূহত পি ১৭ (শিৱালিক) শ্ৰেণীৰ তুলনাত অস্ত্ৰ আৰু চেন্সৰৰ উন্নত ব্যৱস্থা আছে। জাহাজসমূহ কম্বাইণ্ড ডিজেল অৰ গেছ (চি অ’ ডি  অ’ জি ) প্ৰপালচন প্লাণ্টেৰে সজ্জিত, য’ত এটা ডিজেল ইঞ্জিন আৰু এটা গেছ টাৰবাইনে প্ৰতিটো শ্বাফ্টত এটা কণ্ট্ৰ’লেবল পিচ প্ৰপেলাৰ (চি পি পি) চলোৱাৰ লগতে এটা অত্যাধুনিক ইণ্টিগ্ৰেটেড প্লেটফৰ্ম মেনেজমেণ্ট চিষ্টেম (আই পি এম এচ) আছে। শক্তিশালী আৰু প্ৰযুক্তিগতভাৱে উন্নত অস্ত্ৰ তথা চেন্সৰ ব্যৱস্থাই জাহাজসমূহৰ জাহাজ-প্ৰতিৰোধী, বিমান-প্ৰতিৰোধী আৰু চাবমেৰিণ-প্ৰতিৰোধী ক্ষেত্ৰত বহুমাত্ৰিক যুদ্ধ ক্ষমতা ত্বৰান্বিত কৰে।

বিন্ধ্যাগিৰিৰ হস্তান্তৰে এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰে। উল্লেখযোগ্য যে ২০২৪ চনৰ ২০ ডিচেম্বৰত পি ১৭ এ ফ্ৰিগেট প্ৰথম শ্ৰেণীৰ জাহাজ (আই এন এচ নীলগিৰি) হস্তান্তৰ কৰাৰ পৰা   ২৩ মাহৰ ভিতৰত ভাৰতীয় নৌসেনাক সাতখন জাহাজ হস্তান্তৰ কৰা হৈছে। ইয়াৰ উপৰি, পূৰ্বৰ ছখন পি ১৭ এ জাহাজ নিৰ্মাণৰ পৰা লাভ কৰা প্ৰাতিষ্ঠানিক অভিজ্ঞতাই বিন্ধ্যগিৰিৰ নিৰ্মাণ সময় প্ৰথম শ্ৰেণীৰ জাহাজ (আই এন এচ নীলগিৰি)ৰ বাবে লোৱা ৮৪ মাহৰ তুলনাত ৬৮ মাহলৈ  হ্ৰাস কৰিবলৈ সক্ষম কৰিছে। বিন্ধ্যগিৰিৰ হস্তান্তৰে দেশৰ শৈলী প্ৰস্তুত, জাহাজ নিৰ্মাণ আৰু অভিযান্ত্ৰিক দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে জাহাজৰ শৈলী প্ৰস্তুত আৰু জাহাজ নিৰ্মাণ দুয়োটাতে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ভাৰতীয় নৌসেনাৰ অদম্য মনোযোগ উজলাই তুলিছে। ৭৫% থলুৱা সামগ্ৰীৰ এই প্ৰকল্পত দুই শতাধিক অধিক এম এচ এম ই জড়িত হৈ থকাৰ লগতে প্ৰায় ৪,০০০ জন লোকৰ প্ৰত্যক্ষ আৰু ১০,০০০তকৈ অধিক লোকৰ পৰোক্ষ নিযুক্তি সৃষ্টি হৈছে।

***

VM/SPS/DD


(ৰিলিজ আই ডি : 2342958) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil