গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ওড়িশাত জলাশয় উন্নয়ন উপাদান- প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনা ২.০ আৰু বিশ্ব বেংকৰ সহযোগিতাত ৰূপায়িত ৰিৱাৰ্ড কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা ভূমি সম্পদ বিভাগৰ সচিবৰ

ডব্লিউডিচি-পিএমকেএছৱাই ২.০ৰ অধীনত ৮৯ শতাংশ পুঁজি ব্যয়ত সন্তুষ্টি প্ৰকাশ; লেহেমীয়া গতিৰে চলি থকা ৭টা প্ৰকল্পৰ কাম ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ লগতে ৩১ মাৰ্চ ২০২৭ৰ ভিতৰত সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান

৩১ মাৰ্চ ২০২৭ত কাৰ্যসূচীৰ সামৰণিৰ পূৰ্বে ৰিৱাৰ্ডৰ অধীনত পৰিকল্পিত সকলো কাম সম্পূৰ্ণ কৰাৰ পৰামৰ্শ

পোষ্ট কৰা হৈছে: 27 NOV 2026 8:58PM by PIB Guwahati

নতুন দিল্লী. ২৭ নৱেম্বৰ ২০২৬: ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰে ওড়িশা ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনা ২.০ (পিএমকেএছৱাই ২.০)ৰ জলবিভাজিকা উন্নয়ন উপাদান আৰু বিশ্ব বেংকৰ সহযোগত ৰূপায়িত উদ্ভাৱনীমূলক উন্নয়নৰ জৰিয়তে কৃষি স্থিতিস্থাপকতাৰ বাবে জলাশয়সমূহ পুনৰুজ্জীৱিত কৰা (ৰিৱাৰ্ড) কাৰ্যসূচীৰ অগ্ৰগতি তথা তৃণমূল পৰ্যায়ত ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

ক্ষেত্ৰ পৰিদৰ্শন আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময়

ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত শ্ৰী দিলীপ কুমাৰে খোৰ্ধা জিলাৰ টাংগী ব্লকৰ ডব্লিউডিচি-পিএমকেএছৱাই ২.০ প্ৰকল্প এলেকাত ৰূপায়িত বিভিন্ন জলবিভাজিকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। তেওঁ প্ৰকল্পসমূহৰ কামৰ গুণগত মানৰ শলাগ লোৱাৰ লগতে স্থানীয় ৰাইজ, জল ব্যৱহাৰকাৰী গোট আৰু আত্মসহায়ক গোটসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ বিশেষভাৱে প্ৰশংসা কৰে।

হিতাধিকাৰী আৰু ব্যৱহাৰকাৰী গোটৰ সদস্যসকলৰ সৈতে পোনপটীয়া মত বিনিময় কৰি সচিবগৰাকীয়ে এই পদক্ষেপসমূহৰ আৰ্থ-সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ বুজ লয়। লগতে সৃষ্টি কৰা সম্পদসমূহৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় প্ৰতিষ্ঠানসমূহৰ ভূমিকা সন্দৰ্ভতো আলোচনা কৰে।

জলবিভাজিকা উন্নয়নৰ ক্ষেত্ৰত ওড়িশাই গ্ৰহণ কৰা জনসাধাৰণকেন্দ্ৰিক পদ্ধতিৰো তেওঁ শলাগ লয়। তেওঁ উল্লেখ কৰে যে প্ৰাকৃতিক সম্পদৰ ফলপ্ৰসূ ব্যৱস্থাপনা, কৃষকৰ জীৱিকাৰ মান উন্নত কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহনশীল গ্ৰাম্য সমাজ গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।

ডব্লিউডিচি-পিএমকেএছৱাই ২.০ৰ অগ্ৰগতিৰ পৰ্যালোচনা

ডব্লিউডিচি-পিএমকেএছৱাই ২.০ৰ অধীনত ৰাজ্যখনৰ সামগ্ৰিক প্ৰদৰ্শন পৰ্যালোচনা কৰি সচিবগৰাকীয়ে প্ৰায় ৮৯ শতাংশ পুঁজি ব্যয়ৰ সাফল্যৰ বাবে ওড়িশাৰ শলাগ লয়। অনুমোদিত ৬০টা প্ৰকল্পৰ ভিতৰত ৩৮টা প্ৰকল্প বৰ্তমান সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত আছে।

কিন্তু ৭টা প্ৰকল্পৰ কামৰ অগ্ৰগতি তুলনামূলকভাৱে লেহেমীয়া হোৱা আৰু সেইবোৰত পুঁজি ব্যয়ৰ পৰিমাণ ৬০ শতাংশতকৈ কম হৈ থকাত তেওঁ উদ্বেগ প্ৰকাশ কৰে। এই প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰ কৰিবলৈ শ্ৰী দিলীপ কুমাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ অধিক শক্তিশালী কৰা, তাৎক্ষণিকভাৱে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু বাকী থকা কামসমূহ ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়ে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত, অৰ্থাৎ ৩১ মাৰ্চ ২০২৭ৰ পূৰ্বে সকলো প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবেও তেওঁ নিৰ্দেশনা দিয়ে।

“এক পেড় মা কে নাম” অভিযান

ভ্ৰমণৰ অংশ হিচাপে সচিবগৰাকীয়ে “এক পেড় মা কে নাম” অভিযানৰ অধীনত এটি গছপুলি ৰোপণ কৰে। ইয়াৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক স্থায়িত্বৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ দোহাৰে।

বিশ্ব বেংকৰ সহযোগত ৰূপায়িত ৰিৱাৰ্ড কাৰ্যসূচীৰ পৰ্যালোচনা

ক্ষেত্ৰ পৰিদৰ্শনৰ পাছত সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় বৰষুণ-নিৰ্ভৰ এলেকা প্ৰাধিকৰণৰ (এনআৰএএ) মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে বিশ্ব বেংকৰ সহযোগত ৰূপায়িত ৰিৱাৰ্ড কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত এখন বিস্তৃত পৰ্যালোচনা বৈঠকত মিলিত হয়।প্ৰকল্পৰ নিৰ্ধাৰিত লক্ষ্য আৰু সময়সীমা মানি চলাৰ গুৰুত্বৰ ওপৰত জোৰ দি সচিবগৰাকীয়ে ৰূপায়ণকাৰী সংস্থাসমূহক কামৰ গতি বৃদ্ধি কৰিবলৈ আৰু ৩১ মাৰ্চ ২০২৭ত কাৰ্যসূচীৰ সামৰণি পৰাৰ বহু পূৰ্বেই পৰিকল্পিত সকলো কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

এই ভ্ৰমণৰ সময়ত সচিবগৰাকীৰ সৈতে ভাৰত চৰকাৰৰ ভূমি সম্পদ বিভাগৰ জ্যেষ্ঠ অতিৰিক্ত আয়ুক্ত ড০ চি. পি. ৰেড্ডী, ৰাষ্ট্ৰীয় বৰষুণ-নিৰ্ভৰ এলেকা প্ৰাধিকৰণৰ কাৰিকৰী বিশেষজ্ঞ ড০ সুষমা সুধিশ্ৰী, ওড়িশা চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক আৰু বিভাগ তথা জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

***

SS/HR/MS


(ৰিলিজ আই ডি : 2342907) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu