পোষ্ট কৰা হৈছে:
26 NOV 2026 7:43PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৬ চনৰ ১৬ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ২০২৭-২৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ বাবে ধাৰাবাহিকভাৱে অনুষ্ঠিত হোৱা প্ৰাক-বাজেট পৰামৰ্শমূলক বৈঠকসমূহত সভাপতিত্ব কৰে।
কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত আগন্তুক ২০২৭-২৮ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত যুৱ সমাজৰ প্ৰতিনিধিসকলৰ সৈতে ত্ৰয়োদশ তথা অন্তিমখন প্ৰাক-বাজেট পৰামৰ্শমূলক বৈঠকত সভাপতিত্ব কৰে।
১৩টা খণ্ড আৰু অংশীদাৰ গোটক প্ৰতিনিধিত্ব কৰা ২০০ৰো অধিক অংশীদাৰে এই পৰামৰ্শমূলক বৈঠকসমূহত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত কৃষি আৰু গ্ৰামোন্নয়ন; উৎপাদন; এমএছএমই আৰু ষ্টাৰ্টআপ; মূলধনী বজাৰ আৰু বেংকিং, বিত্তীয় সেৱা তথা বীমা (বিএফএছআই); তথ্য প্ৰযুক্তি; আন্তঃগাঁথনি, শক্তি আৰু বহনক্ষমতা; নিয়োগ আৰু শ্ৰম; গৃহ নিৰ্মাণ, নগৰায়ন আৰু সংস্কৃতি; স্বাস্থ্য আৰু সামাজিক বিষয়; গৱেষণা তথা উন্নয়ন আৰু উচ্চ শিক্ষা; বিদ্যালয় শিক্ষা, বৃত্তিমূলক শিক্ষা, দক্ষতা বিকাশ আৰু ক্ৰীড়া; যুৱ পৰিক্ৰমা; আৰু অৰ্থনীতি খণ্ডৰ উদ্যোগ সংস্থাসমূহ, বিষয় বিশেষজ্ঞ, কৰ্প’ৰেট জগতৰ আগশাৰীৰ ব্যক্তিসকল, শিক্ষাবিদ, যুৱ প্ৰতিনিধি তথা পেছাদাৰীসকল অন্তৰ্ভুক্ত আছিল। যুৱ প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা এই পৰামৰ্শমূলক বৈঠকখন আছিল চলিত বৰ্ষৰ এক নতুন পদক্ষেপ।
অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী অনুৰাধা ঠাকুৰ; মুখ্য অৰ্থনৈতিক উপদেষ্টা ড° ভি. অনন্ত নাগেশ্বৰন; বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল; আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ সচিবসকলেও এই আলোচনাসমূহত অংশগ্ৰহণ কৰে।
এই পৰামৰ্শমূলক বৈঠকসমূহৰ পৰা ভাৰতৰ মানৱ সম্পদ, উদ্ভাৱনী পৰিৱেশ তন্ত্ৰ, উৎপাদন খণ্ডৰ প্ৰতিযোগিতামূলক ক্ষমতা, কৃষি উৎপাদনশীলতা, গৃহ সুৰক্ষা আৰু শৈক্ষিক ফলাফলসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে বহুতো দূৰদৰ্শী পৰামৰ্শ লাভ কৰা হয়। অংশীদাৰসকলে সৰ্বব্যাপী আৰু অন্তৰ্ভুক্তিমূলক উন্নয়ন নিশ্চিত কৰাৰ লগতে অৰ্থনৈতিক বিকাশক অধিক ত্বৰান্বিত কৰিব পৰা সংস্কাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
লাভ কৰা মূল পৰামৰ্শসমূহৰ ভিতৰত আছিল— জৈৱ-সাৰ আৰু উন্নত জৈৱ-প্ৰযুক্তিভিত্তিক কৃষি সামগ্ৰীৰ ঘৰুৱা উৎপাদনত উৎসাহ যোগোৱাৰ ব্যৱস্থা; স্থানীয়ভাৱে উপলব্ধ হাৰ্ডৱেৰৰ বাবে উপযোগী খণ্ড-ভিত্তিক এআই মডেল বিকশিত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ পদক্ষেপ; এমএছএমই আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত চাইবাৰ-স্বচ্ছতা সম্পৰ্কীয় সজাগতা শক্তিশালী কৰাৰ কাৰ্যসূচী; আৰু গ্ৰাম্য যুৱক-যুৱতী তথা শ্ৰমিকসকলক উৎপাদনশীল অ-কৃষি নিয়োগ আৰু বহনক্ষম উদ্যোগলৈ ৰূপান্তৰিত হোৱাত সহায় কৰিবলৈ লক্ষ্যভিত্তিক হস্তক্ষেপ।
অংশগ্ৰহণকাৰীসকলে পঞ্চম শ্ৰেণীৰ শেষলৈকে প্ৰতিটো শিশুৱে যাতে বাতৰি কাকত পঢ়িব আৰু বুজিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ এক দেশজোৰা পঠন আন্দোলন আৰম্ভ কৰাৰো পৰামৰ্শ আগবঢ়ায়। গৃহ নিৰ্মাণ খণ্ডত অংশীদাৰসকলে চহৰাঞ্চলত সুলভ মূল্যৰ আৱাস সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে ভাড়াঘৰ ব্যৱস্থাক উৎসাহিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও, ভাৰতীয় যুৱক-যুৱতীসকলে শিক্ষাৰ পৰা নিয়োগ আৰু উদ্যমিতালৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবেও পৰামৰ্শ দিয়া হয়।
সামূহিকভাৱে এই পৰামৰ্শসমূহে উদ্ভাৱন-ভিত্তিক বিকাশক প্ৰসাৰিত কৰা, নিয়োগৰ সুযোগ সম্প্ৰসাৰণ কৰা, সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি শক্তিশালী কৰা তথা এক অধিক স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু অৰ্থনীতি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
প্ৰাক-বাজেট পৰামৰ্শমূলক বৈঠকসমূহে চৰকাৰৰ অংশগ্ৰহণমূলক আৰু পৰামৰ্শভিত্তিক বাজেট প্ৰস্তুতি প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰে, যিয়ে বিভিন্ন স্তৰৰ অংশীদাৰসকলক ভাৰতৰ উন্নয়নমূলক অগ্ৰাধিকাৰ আৰু বিকাশৰ কাৰ্যসূচী গঢ় দিয়াত অৰিহণা যোগোৱাৰ সুযোগ প্ৰদান কৰে।
KT/KMN/MM