পোষ্ট কৰা হৈছে:
26 NOV 2026 2:58PM by PIB Guwahati
নতুন দিল্লী, ২৬ নৱেম্বৰ: আয়ুষ মন্ত্ৰালয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ) ২০২৬ত অংশগ্ৰহণ কৰিছে। “আয়ুষ কি বিৰাসত ছে স্বস্থ ভাৰত কা বিকাশ” শীৰ্ষক বিষয়বস্তুৰে সজাই তোলা আয়ুষ পেভিলিয়নলৈ দৰ্শকৰ ব্যাপক সমাগম ঘটিছে। ইয়াত হাতে-কামে অংশগ্ৰহণ কৰিব পৰা আৰু ডিজিটেল কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিসমূহৰ ঐতিহ্য, গৱেষণা আৰু আধুনিক প্ৰয়োগৰ বিভিন্ন দিশ উপস্থাপন কৰা হৈছে।
আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী আলাৰমেলমংগাই ডিয়ে কালি আয়ুষ পেভিলিয়ন পৰিদৰ্শন কৰে। তেওঁ বিভিন্ন চিকিৎসা পদ্ধতিভিত্তিক প্ৰদৰ্শনী, আয়ুষ আহাৰৰ বিভিন্ন সামগ্ৰী আৰু অংশগ্ৰহণমূলক প্ৰদৰ্শনীৰ শলাগ লয়। তেওঁ হোমিঅ’পেথী বহিঃবিভাগৰ চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদৰ (চিচিআৰএইচ) ডিজিটেল কাৰ্যসূচী, ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ (এনআইএ) ভাৰ্চুৱেল ৰিয়েলিটী সুবিধা আৰু ইউনানি চিকিৎসা পদ্ধতিৰ গৱেষণাৰ বাবে গঠিত কেন্দ্ৰীয় ইউনানি চিকিৎসা গৱেষণা পৰিষদৰ (চিচিআৰইউএম) ‘মিজাজ’ মূল্যায়ন ব্যৱস্থাৰ অভিজ্ঞতা গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ড (এনএমপিবি), সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (এআইআইএ) আৰু ফাৰ্মাক’পিয়া কমিছন ফৰ ইণ্ডিয়ান মেডিচিন এণ্ড হোমিঅ’পেথীৰ (পিচিআইএম এণ্ড এইচ) প্ৰদৰ্শনীসমূহো পৰিদৰ্শন কৰে।
প্ৰশিক্ষকৰ নিৰ্দেশনাত যোগাভ্যাস, সূৰ্য নমস্কাৰৰ প্ৰদৰ্শন, যোগ প্ৰতিযোগিতা, প্ৰকৃতি আৰু মিজাজ মূল্যায়ন, আয়ুৰ্বেদ বিষয়ক শিক্ষামূলক খেল আৰু ভাৰ্চুৱেল ৰিয়েলিটীৰ অভিজ্ঞতাসমূহ দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। বিশেষকৈ শিশু আৰু যুৱ দৰ্শকসকলৰ মাজত এই কাৰ্যসূচীসমূহে ব্যাপক আকৰ্ষণ সৃষ্টি কৰিছে। কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদে (চিচিআৰএইচ) ঔষধি উদ্ভিদৰ পাজল(মেডিচিনাল প্লাণ্ট পাজল), ফুল চিনাক্তকৰণৰ প্ৰত্যাহ্বান আৰু চেন্সৰ-ভিত্তিক স্বাস্থ্যকৰ/অস্বাস্থ্যকৰ খাদ্য খেলৰ দৰে বিভিন্ন কাৰ্যসূচী আগবঢ়াইছে। জয়পুৰস্থিত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে (এনআইএ) মানৱ শৰীৰৰ এক ভাৰ্চুৱেল ৰিয়েলিটী ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে। ফটো বুথ আৰু ফ্লিপবুক কিয়স্কৰ জৰিয়তে দৰ্শকে মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকাশন পঢ়াৰ সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত ফ্ৰম ৰুটছ টু গ্ল’বেল ৰিচ্চ-11 ইয়ৰ্ছ অৱ ট্ৰান্সফৰ্মেচন ইন আয়ুষ (২০১৪-২০২৫) শীৰ্ষক প্ৰকাশনখনো অন্তৰ্ভুক্ত।
আয়ুৰ্বেদ, ইউনানি, সিদ্ধ আৰু হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ অধীনত স্বাস্থ্য পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধো যোগান ধৰা হৈছে। ইয়াৰ উপৰি যোগ আৰু প্ৰাকৃতিক চিকিৎসা সম্পৰ্কীয় পৰামৰ্শৰ লগতে ড্ৰাই কাপিং চিকিৎসা পদ্ধতিৰ সুবিধাও আগবঢ়োৱা হৈছে। ২৪ আৰু ২৫ নৱেম্বৰত কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদে (চিচিআৰএইচ) পৰিচালনা কৰা হোমিঅ’পেথী বহিঃবিভাগৰ জৰিয়তে দৰ্শকসকলক বিনামূলীয়াকৈ চিকিৎসা পৰামৰ্শ আৰু ঔষধ প্ৰদান কৰা হয়।
পেভিলিয়নত আয়ুৰ্বেদৰ দ্বাৰা অনুপ্ৰাণিত কুকিজ, বনৌষধিজাত সামগ্ৰী, ইউনানি প্ৰস্তুতি আৰু পুষ্টিকৰ জলপানৰ প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। ‘দাদী ছে পুচো’ আৰু ‘মিলেটছ অন দ্য হুইল’ৰ দৰে পদক্ষেপৰ জৰিয়তে পৰম্পৰাগত খাদ্যাভ্যাস আৰু শস্যজাতীয় মিলেটৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে।
ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ডে (এনএমপিবি) জীৱন্ত ঔষধি উদ্ভিদৰ প্ৰদৰ্শনী, বিনামূলীয়া ঔষধি পুলিৰ বিতৰণ আৰু কিউআৰ ক’ডৰ জৰিয়তে তথ্য লাভৰ সুবিধা আগবঢ়াইছে। আনহাতে, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে (এআইআইএ) দৈনন্দিন ব্যৱহৃত বিভিন্ন বনৌষধি আৰু মছলাৰ প্ৰদৰ্শনীৰ লগতে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি সেইবোৰৰ নিৰাপদ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহেও আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ আৰু হোমিঅ’পেথী ক্ষেত্ৰত তেওঁলোকৰ গৱেষণা আৰু কাম-কাজৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰিছে।
আইআইটিএফ ২০২৬ত আয়ুষ মন্ত্ৰালয়ৰ এই অংশগ্ৰহণে পৰম্পৰাগত স্বাস্থ্যসেৱা পদ্ধতিসমূহৰ বিষয়ে সজাগতা বৃদ্ধি, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰসাৰ তথা ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাত গৱেষণা, শিক্ষা আৰু উদ্ভাৱনৰ ভূমিকাক আলোকপাত কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।



****
SR/AK/SG/MS