পোষ্ট কৰা হৈছে:
26 NOV 2026 11:52AM by PIB Guwahati
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি নতুন দিল্লীৰ কৰ্তব্য ভৱনত মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সামূহিক অংশগ্ৰহণেৰে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠৰ জৰিয়তে সংবিধান দিৱস পালন কৰে। এই উপলক্ষে ভাৰতীয় সংবিধান গ্ৰহণৰ ঐতিহাসিক ক্ষণক স্মৰণ কৰাৰ লগতে সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট মূল্যবোধ আৰু আদৰ্শবিলাকৰ প্ৰতি নিজৰ অংগীকাৰ পুনৰ দৃঢ় কৰা হয়।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব, যুটীয়া সচিব, সঞ্চালক, উপ-সচিব আৰু সমপৰ্যায়ৰ বিষয়াসকলকে ধৰি সকলো জ্যেষ্ঠ বিষয়াই এই কাৰ্যসূচীত সোঁশৰীৰে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (NACO), ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ (NHA) আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NMC)-ৰ প্ৰতিনিধিসহ মন্ত্ৰালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
এই উদযাপনে মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলক দেশৰ গণতান্ত্ৰিক ব্যৱস্থা আৰু শাসন ব্যৱস্থাক দিক-নিৰ্দেশনা প্ৰদান কৰা সংবিধানত সন্নিৱিষ্ট মূল্যবোধসমূহৰ প্ৰতি সামূহিক অংগীকাৰ পুনৰ দৃঢ় কৰাৰ সুযোগ প্ৰদান কৰে।
উল্লেখযোগ্য যে, ‘সংবিধান দিৱস’ প্ৰতি বছৰে ২৬ নৱেম্বৰত পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান সভাই ভাৰতীয় সংবিধান গ্ৰহণ কৰাৰ ঐতিহাসিক ঘটনাক স্মৰণ কৰি এই দিৱস পালন কৰা হয়।


SR/PK
HFW/Constitution Day observance/26th November 2026/1