পোষ্ট কৰা হৈছে:
26 NOV 2026 1:19PM by PIB Guwahati
বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিহাৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা বৃহৎ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI) ভাৰত-নেপাল সীমান্তৰ সমীপৱৰ্তী বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত ১৯.৩৯ কিলোগ্ৰাম হাতীৰ দাঁত জব্দ কৰাৰ লগতে ইয়াৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে।
চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত DRIৰ বিষয়াসকলে বিহাৰ আৰক্ষীৰ সৈতে সমন্বয় সাধন কৰি কালি দুচকীয়া বাহনত অহা চাৰিজন লোকক মাজপথতে আটক কৰে। সন্দেহভাজন লোককেইজনৰ ভিতৰত এজনে হাতীৰ দাঁত থকা বুলি সন্দেহ কৰা এটা বেগ কঢ়িয়াই লৈ গৈছিল। লোককেইজনে পলায়নৰ চেষ্টা কৰাৰ লগতে বিষয়াসকলক বাধা দিছিল যদিও তেওঁলোকক সফলতাৰে আটক কৰা হয়। পৰৱৰ্তী সময়ত বেগটো পৰীক্ষা কৰাত ১৯.৩৯ কিলোগ্ৰাম হাতীৰ দাঁত উদ্ধাৰ কৰা হয় আৰু বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত সেইখিনি জব্দ কৰা হয়।
হাতীক বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী ১ৰ অধীনত সংৰক্ষিত প্ৰাণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিপন্ন বন্যপ্ৰাণী তথা উদ্ভিদৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কীয় চুক্তি (CITES)ৰ পৰিশিষ্ট ১ তো তালিকাভুক্ত কৰা হৈছে। ভাৰতীয় আইন অনুসৰি হাতীৰ দাঁতৰ ব্যৱসায় নিষিদ্ধ। ইয়াৰ অবৈধ সৰবৰাহে হাতী সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে।
এই অভিযানৰ জৰিয়তে চোৰাংচোৱা তথ্যৰ ভিত্তিত আইন বলৱৎকৰণমূলক ব্যৱস্থা গ্ৰহণ আৰু অন্যান্য আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সংৰক্ষিত প্ৰজাতিৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত চক্ৰসমূহ উৎখাত কৰাৰ প্ৰতি DRIৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হৈছে।

KT/KMN/PK