৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ উদযাপন চলচ্চিত্ৰগৃহ আৰু মহোৎসৱৰ প্ৰেক্ষাগৃহসমূহৰ মাজতে সীমাবদ্ধ নাৰাখি ৰাজপথলৈ সম্প্ৰসাৰিত কৰা হয়।
‘চলচ্চিত্ৰৰ আনন্দ উদযাপন’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত বৰ্ণাঢ্য আই এফ এফ আই শোভাযাত্ৰাই আজি পানাজীৰ ৰাজপথক গোৱাৰ শিল্পকলা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক প্ৰাণৱন্ত প্ৰদৰ্শনস্থলীলৈ ৰূপান্তৰিত কৰে।
এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা (ই এছ জি)ৰ কাৰ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা কলা একাডেমীলৈ আগবাঢ়ে।
শোভাযাত্ৰাত বৰ্ণিল প্ৰতীকপট, পৰম্পৰাগত হস্তশিল্প, লোকনৃত্যৰ অনুষ্ঠান আৰু ৰাইজৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে এক আকৰ্ষণীয় পৰিৱেশৰ সৃষ্টি কৰে।
গোৱাৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ দৃশ্যগত উদযাপন হিচাপে আয়োজিত এই শোভাযাত্ৰাত ৰাজ্যখনৰ কাৰ্নিভেল আৰু শিগমো উৎসৱৰ বঁটাপ্ৰাপ্ত প্ৰতীকপটসমূহৰ লগতে মনোমোহা লোকনৃত্য প্ৰদৰ্শন কৰা হয়।
গোৱাৰ উৎসৱমুখৰ পৰিৱেশৰ সৈতে চলচ্চিত্ৰৰ সাৰ্বজনীন আকৰ্ষণৰ সমন্বয় ঘটাই আয়োজিত এই শোভাযাত্ৰাই পৰ্যটক, মহোৎসৱৰ প্ৰতিনিধি আৰু স্থানীয় বাসিন্দাসকলক ৰাজ্যখনৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰাণৱন্ত ঐতিহ্যৰ সৈতে পৰিচিত হোৱাৰ এক বিশেষ সুযোগ প্ৰদান কৰে।
ইয়াৰ জৰিয়তে আই এফ এফ আইৰ ‘সীমাহীন কাহিনী’ শীৰ্ষক মূল বিষয়বস্তুৰো প্ৰতিফলন ঘটে।
শিল্পকলা আৰু সাংস্কৃতিক প্ৰকাশভংগীয়ে ভাষা তথা ভৌগোলিক সীমাৰ পৰিসৰ অতিক্ৰম কৰিব পাৰে বুলি এই শোভাযাত্ৰাই প্ৰমাণ কৰে।

শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে মহোৎসৱলৈ অহা বিশিষ্ট ব্যক্তিসকল, শিল্পী আৰু দৰ্শনাৰ্থীসকলক আদৰণি জনায়।
তেওঁ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্য বাস্তৱায়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰ দোহাৰে।
স্থানীয় প্ৰতিভাৰ বিকাশ, সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু ৰাইজৰ অংশগ্ৰহণমূলক পদক্ষেপৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ত তেওঁ বিশেষভাৱে আলোকপাত কৰে।
আকাশ কন্দিল প্ৰতিযোগিতাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হাতেৰে নিৰ্মিত পৰম্পৰাগত বন্তিৰ জৰিয়তে নিজৰ সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ গোৱাৰ ৰাইজে দেখুওৱা উৎসাহৰ শলাগ লয়।

তেওঁ কয় যে এনে পদক্ষেপে কেৱল শিল্পকলাৰ সৃষ্টিশীল প্ৰকাশভংগীক উদযাপন কৰাই নহয়, বৰঞ্চ সমাজৰ সামূহিক অংশগ্ৰহণ শক্তিশালী কৰাৰ লগতে পুৰণি পৰম্পৰাসমূহ জীয়াই ৰখাতো সহায় কৰে।
তেওঁ লগতে উল্লেখ কৰে যে আই এফ এফ আইৰ ‘সীমাহীন কাহিনী’ শীৰ্ষক বিষয়বস্তুৰ স্বাভাৱিক প্ৰতিফলন গোৱাৰ পৰম্পৰাগত প্ৰতীকপটৰ শোভাযাত্ৰা আৰু লোকনৃত্যসমূহৰ মাজত দেখিবলৈ পোৱা যায়।
এই সাংস্কৃতিক প্ৰকাশভংগীসমূহে ভাষাৰ বাধা অতিক্ৰম কৰি দৰ্শনাৰ্থীসকলক ৰাজ্যখনৰ শিল্পকলাৰ ঐতিহ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰে বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শিল্পী আৰু আয়োজকসকলক অভিনন্দন জনোৱাৰ লগতে চলিত বৰ্ষৰ আই এফ এফ আইক অন্যতম সফল মহোৎসৱ হিচাপে অভিহিত কৰে।
গোৱা চৰকাৰৰ হৈ তেওঁ মহোৎসৱলৈ অহা সকলো দৰ্শনাৰ্থীক উষ্ম আদৰণি জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱাৰ উপাধ্যক্ষ শ্ৰীমতী ডেলিলা এম লোবোৱে আকাশ কন্দিল (পৰম্পৰাগত বন্তি নিৰ্মাণ) প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰে।
এইবাৰ ময়ূৰক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ৩৫০টাতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগীসকলৰ সৃষ্টিশীলতা আৰু কাৰিকৰী দক্ষতাৰ প্ৰশংসা কৰি তেওঁ বঁটাপ্ৰাপ্ত কাৰ্নিভেলৰ প্ৰতীকপট আৰু বৰ্ণিল লোকনৃত্যৰে সজাই তোলা বিশেষ শোভাযাত্ৰাটোৰ বিষয়েও আলোকপাত কৰে।
তেওঁ দৰ্শনাৰ্থী আৰু চলচ্চিত্ৰপ্ৰেমীসকলক গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে একাত্ম হোৱাৰ লগতে মহোৎসৱত প্ৰদৰ্শিত বিভিন্ন ধৰণৰ চলচ্চিত্ৰ উপভোগ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এন এফ ডি চি) অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰ, নিগমৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং, এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী দীপক বান্দেকাৰ আৰু বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব শ্ৰী অসীম বাজাজ, শ্ৰী এছলী লোবো তথা শ্ৰী ছাইনি এছ জোহৰেই উপস্থিত থাকে।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Swadhin/ Darshana/DM | IFFI 57 - 102