পোষ্ট কৰা হৈছে:
25 NOV 2026 6:16PM by PIB Guwahati
কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে আজি নতুন দিল্লীৰ পুছাস্থিত এনএএছচি কমপ্লেক্সত লিংগ সমতা আৰু নাৰী সৱলীকৰণ বিষয়ক ৰাষ্ট্ৰীয় অভিযান “নয়ী চেতনা: পহল বদলাৱ কী”-ৰ পঞ্চম সংস্কৰণটো মুকলি কৰে। অনুষ্ঠানত গ্ৰামোন্নয়ন বিভাগৰ সচিব শ্ৰী ৰোহিত কানছাল, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সচিব শ্ৰী অনিল মালিক, ন্যায় বিভাগৰ সচিব শ্ৰী নীৰজ বাৰ্মাৰ লগতে অংশগ্ৰহণকাৰী মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়া, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উন্নয়নমূলক অংশীদাৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা নেত্ৰীসকল উপস্থিত থাকে।
অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল গ্ৰামোন্নয়ন বিভাগ, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ আৰু ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ (নালছা) মাজত স্বাক্ষৰিত ‘হিংসামুক্ত গাঁও পদক্ষেপ’ (ভিএফভিআই) সম্পৰ্কীয় এক ঐতিহাসিক চতুৰ্পাক্ষিক বুজাবুজিৰ চুক্তি। এই চুক্তিখনে প্ৰতিৰোধ আৰু সুৰক্ষাৰ পৰা আৰম্ভ কৰি আইনী সাহায্য আৰু পুনৰ্বাসনলৈকে এক একক সহায় শৃংখলত ডিএৱাই-এনআৰএলএম-ৰ লিংগ সমল কেন্দ্ৰসমূহক ৱান ষ্টপ চেণ্টাৰ, মহিলা হেল্পলাইন ১৮১, দিশা ২.০ আৰু আইনী সাহায্য সেৱাৰ সৈতে সংযুক্ত কৰিছে। ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত পাইলটভিত্তিত আৰম্ভ হ’বলগীয়া এই পদক্ষেপৰ মূল প্ৰতিশ্ৰুতি হৈছে— হিংসাৰ সন্মুখীন হোৱা কোনো মহিলাই যাতে অকলশৰে সহায় বিচাৰি হাবাথুৰি খাবলগীয়া নহয়।
সমবেত ৰাইজক সম্বোধন কৰি শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে বিকশিত ভাৰতৰ সপোনৰ মূলতেই হৈছে নাৰীৰ সৱলীকৰণ, মৰ্যাদা আৰু সন্মান। তেওঁ গ্ৰাম্য অৰ্থনীতিলৈ প্ৰায় ৩.৭৫ কোটি ‘লাখপতি দিদি’য়ে আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা কৰে। অৰ্থনৈতিক স্বাধীনতাৰ লগতে মৰ্যাদা, সুৰক্ষা আৰু সমান সুযোগ থকাটো অপৰিহাৰ্য বুলি উল্লেখ কৰি তেওঁ পিতৃতান্ত্ৰিক মানসিকতাক প্ৰত্যাহ্বান জনাবলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। এই বুজাবুজিৰ চুক্তিখনক সুৰক্ষা, ন্যায়, পুনৰ্বাসন আৰু জীৱিকাৰ সহায় একত্ৰিত কৰা এক কাঠামো বুলি অভিহিত কৰি তেওঁ ৰাজ্যসমূহ, আত্মসহায়ক গোট, অংগনৱাড়ী নেটৱৰ্ক আৰু সমাজক এই অভিযানক তৃণমূল পৰ্যায়ৰ নিৰন্তৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰিবলৈ আৰু ড্ৰাগছমুক্ত তথা হিংসামুক্ত গাঁও গঢ়াৰ দিশত ‘নিচামুক্ত ভাৰত অভিযান’কো ইয়াৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়।
শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে প্ৰতিটো পৰিয়াললৈ এই অভিযান লৈ যোৱাৰ ক্ষেত্ৰত সামূহিক প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। সহায় সেৱাসমূহৰ ব্যাপক ব্যৱহাৰৰ আহ্বান জনাই তেওঁ নাগৰিকসকলক মহিলা হেল্পলাইন ১৮১ আৰু জৰুৰীকালীন সঁহাৰি নম্বৰ ১১২ মনত ৰাখিবলৈ, সংৰক্ষণ কৰিবলৈ আৰু আনকো জনাবলৈ অনুৰোধ জনায়, যাতে বিপদত পৰা কোনো মহিলাই সময়মতে সহায় লাভৰ পৰা বঞ্চিত নহয়।
শ্ৰী ৰোহিত কানছালে এক সজাগতা অভিযানৰ পৰা দেশব্যাপী সমাজ-নেতৃত্বাধীন আন্দোলনলৈ ‘নয়ী চেতনা’ৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰে, য’ত এতিয়ালৈকে ৫.৩ কোটি অংশগ্ৰহণকাৰী জড়িত হৈছে আৰু প্ৰায় ৭,০০০ লিংগ সমল কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয় যে পঞ্চম সংস্কৰণটোৱে সেই সজাগতা আৰু সামাজিক বিশ্বাসক কাৰ্যকৰী সহায়, আইনী সাহায্য আৰু সময়মতে ন্যায় প্ৰাপ্তিৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিব।
শ্ৰী অনিল মালিকে সময়োচিত সঁহাৰি আৰু নিৰন্তৰ তদাৰকীৰ জৰিয়তে হেল্পলাইন, আইনী সেৱা আৰু সহায়কাৰী প্ৰতিষ্ঠানসমূহৰ সু-সমন্বয়ৰ বাবে আহ্বান জনায়। ১৬ দিনীয়া কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি তেওঁ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত পৰিয়াল, সমাজ আৰু প্ৰতিষ্ঠানসমূহৰ সামূহিক দায়িত্বৰ কথা দোহাৰে।
শ্ৰী নীৰজ বাৰ্মাই বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলসমূহত বৰ্তমানৰ আইনী সুৰক্ষাসমূহক মহিলাসকলে বাস্তৱিকতে ঢুকি পোৱা সেৱালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আইনী সজাগতা, ৰেফাৰেল আৰু বিনামূলীয়া আইনী সাহায্য শক্তিশালী কৰাৰ ক্ষেত্ৰত নালছা, টেলি-ল’, ন্যায় বন্ধু, পেৰালিগেল স্বেচ্ছাসেৱক আৰু লিংগ সমল কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা উল্লেখ কৰে।
অনুষ্ঠানত লিংগভিত্তিক বৈষম্য আৰু হিংসা দূৰ কৰাৰ লগতে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণ আগবঢ়াই নিবলৈ ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগী সম্প্ৰসাৰিত কৰি এক আন্তঃমন্ত্ৰালয় যুটীয়া পৰামৰ্শাৱলীও উন্মোচন কৰা হয়। সহযোগী মন্ত্ৰালয়/বিভাগসমূহ হৈছে: গ্ৰামোন্নয়ন, মহিলা আৰু শিশু বিকাশ; বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা; গৃহ পৰিক্ৰমা; পঞ্চায়তীৰাজ; কৃষি আৰু কৃষক কল্যাণ; সামাজিক ন্যায় আৰু সৱলীকৰণ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া; স্বাস্থ্য আৰু পৰিয়াল কল্যাণ; ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ; তথ্য আৰু সম্প্ৰচাৰ; ন্যায়; শ্ৰম আৰু নিয়োগ; ৰাজহ; আৰু পথ পৰিবহণ আৰু ঘাইপথ।
ডিএৱাই-এনআৰএলএম-ৰ নেতৃত্বত ২০২৬ চনৰ ২৩ ডিচেম্বৰলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিবলগীয়া এই অভিযানটো চাৰিটা মূল বিষয়বস্তুৰ ওপৰত আধাৰিত: পৰিচয়, সম্পত্তিকৰণ, গতিশীলতা আৰু অবৈতনিক যতনমূলক কামৰ পুনৰ বিতৰণ। আত্মসহায়ক গোট আৰু সামূহিক প্ৰতিষ্ঠানসমূহৰ জৰিয়তে সজাগতা কাৰ্যসূচী, সমদল, ৰাজহুৱা সভা, বাটৰ নাট আৰু পুৰুষ তথা যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময়ৰ মাধ্যমেৰে ই গ্ৰাম্য ভাৰতত প্ৰৱেশ কৰিব।
অনুষ্ঠানত ‘নয়ী চেতনা ৪.০’ মূল্যায়ন প্ৰতিবেদন আৰু ‘নয়ী চেতনা’ শীৰ্ষক গীতটোও মুকলি কৰা হয়, লগতে জেণ্ডাৰ চেম্পিয়ন আৰু ৱান ষ্টপ চেণ্টাৰৰ প্ৰশাসকসকলে ক্ষেত্ৰভিত্তিক অভিজ্ঞতা বিনিময় কৰে। আত্মসহায়ক গোটৰ মহিলা, অংগনৱাড়ী কৰ্মী, ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান আৰু নাগৰিক সমাজৰ অংশীদাৰসকলে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰি ‘নয়ী চেতনা’ক লিংগ সমতাৰ এক প্ৰকৃত জন আন্দোলন হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে।
PU/MM