পোষ্ট কৰা হৈছে:
25 NOV 2026 8:29PM by PIB Guwahati
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সমৰ্থ-শ্ৰেণীৰ অফশ্ব’ৰ পেট্ৰ’ল ভেছেল ‘আইচিজিএছ সুজয়ে’ ২০২৬ চনৰ ২৩ ৰ পৰা ২৫ নৱেম্বৰলৈ শ্ৰীলংকাৰ ত্ৰিংকোমালীলৈ কৰা তিনিদিনীয়া ভ্ৰমণ সামৰণি মাৰিছে। বিশেষকৈ সামুদ্ৰিক প্ৰদূষণ সঁহাৰিৰ (এমপিআৰ) ক্ষেত্ৰত দ্বিপাক্ষিক সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাই আছিল এই ভ্ৰমণৰ মূল লক্ষ্য।
এই ভ্ৰমণকালত আইচিজিএছ সুজয়ত থকা বিশেষজ্ঞ প্ৰদূষণ সঁহাৰি দলটোৱে শ্ৰীলংকা উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক এমপিআৰ সঁজুলিসমূহৰ পৰিচালনা আৰু ব্যৱহাৰৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণে পেছাদাৰী অভিজ্ঞতা বিনিময় বৃদ্ধি কৰাৰ লগতে অধিক পৰিষ্কাৰ আৰু সুৰক্ষিত সাগৰ নিশ্চিত কৰাৰ দিশত যৌথ অভিযানগত প্ৰস্তুতি শক্তিশালী কৰি তোলে।
ইয়াৰ উপৰিও এই ভ্ৰমণকালত সৌহাৰ্দ্য আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ উদ্দেশ্যে ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ শীৰ্ষক বিষয়বস্তুৰে এক যৌথ যোগ অধিৱেশন, এখন বন্ধুত্বপূৰ্ণ ভলীবল খেল আৰু স্থানীয় নাগৰিকসকলৰ বাবে জাহাজ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
ভাৰত-শ্ৰীলংকা মৈত্ৰী সেতু যাত্ৰা যৌথ আন্তঃৰাষ্ট্ৰীয় চাইক্লিং অভিযানত অংশগ্ৰহণ কৰা ২২ গৰাকী এনচিচি কেডেট, তিনিগৰাকী বিষয়া আৰু সাতগৰাকী সহায়ক কৰ্মচাৰীৰ জাহাজত আৰোহণ আছিল এই অভিযানৰ এক অন্যতম মুখ্য আকৰ্ষণ। ত্ৰিংকোমালীৰ পৰা কাৰাইকাললৈ সামুদ্ৰিক যাত্ৰাৰ বাবে দলটোৱে আইচিজিএছ সুজয়ত আৰোহণ কৰিছে আৰু অহা ২৬ নৱেম্বৰ ২০২৬ তাৰিখে তেওঁলোক গন্তব্যস্থানত উপস্থিত হোৱাৰ কথা আছে।
আইচিজিএছ সুজয়ৰ এই ভ্ৰমণে ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি আৰু ‘সাগৰ’ (অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু বিকাশ) দৃষ্টিভংগীৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। ই বৰ্ধিত অভিযানগত সহযোগিতা, সামৰ্থ্য বিকাশ আৰু ভাৰত মহাসাগৰীয় অঞ্চলত সুৰক্ষিত, নিৰাপদ তথা পৰিষ্কাৰ সাগৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ জৰিয়তে ভাৰত-শ্ৰীলংকাৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক অংশীদাৰিত্বক অধিক সুদৃঢ় কৰি তুলিছে।
SR/PS/MM