পোষ্ট কৰা হৈছে:
25 NOV 2026 7:25PM by PIB Guwahati
নতুন দিল্লী, ২৫ নৱেম্বৰ: সোমনাথ স্বাভিমান পৰ্বৰ অধীনত, ২০ৰ পৰা ২৫ নৱেম্বৰ, ২০২৬লৈ আয়োজিত পাঁচদিনীয়া ‘যুৱ সোমনাথ যাত্ৰা’ৰ সফল সামৰণি লগে লগে এই যাত্ৰাত অংশগ্ৰহণ কৰা ১১০০ৰো অধিক শিক্ষাৰ্থী আজি নতুন দিল্লীৰ সফদৰজং ৰে’লৱে ষ্টেচনত উপস্থিত হৈ উভতি আহে। যাত্ৰাকালত শিক্ষাৰ্থীসকলে সোমনাথৰ বিভিন্ন মন্দিৰ, তীৰ্থস্থান আৰু ঐতিহাসিক স্থান পৰিদৰ্শন কৰি ভাৰতৰ সমৃদ্ধ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে অধিক ওচৰৰ পৰা জানিবলৈ সুযোগ লাভ কৰে।
২০ নৱেম্বৰত নতুন দিল্লীৰ সফদৰজং ৰে’লৱে ষ্টেচনৰ পৰা কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে বিশেষ ৰে’লখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ২১ নৱেম্বৰত ৰে’লখন গুজৰাটৰ ভেৰাৱল ৰে’লৱে ষ্টেচনত উপস্থিত হয়। তাত শিক্ষাৰ্থীসকলক পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন আৰু পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনোৱা হয়।
২২ নৱেম্বৰত শিক্ষাৰ্থীসকলে প্ৰভাস পাটনৰ শ্ৰী ৰাম মন্দিৰ, গোলোকধাম তীৰ্থ আৰু পৱিত্ৰ প্ৰথম জ্যোতিৰ্লিংগ শ্ৰী সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন কৰে। ইয়াৰ উপৰি তেওঁলোকে সোমনাথ মন্দিৰত অনুষ্ঠিত ‘জয় সোমনাথ’ শীৰ্ষক পোহৰ আৰু শব্দৰ অনুষ্ঠান উপভোগ কৰে। এই অনুষ্ঠানৰ জৰিয়তে মন্দিৰটোৰ সমৃদ্ধ ইতিহাস আৰু ইয়াৰ চিৰন্তন মহত্ত্বৰ বিষয়ে সুন্দৰভাৱে উপস্থাপন কৰা হয়।
২৩ নৱেম্বৰত শিক্ষাৰ্থীসকলে বাণ গংগা, ভিড়ভঞ্জন মহাদেৱ মন্দিৰ, ভালকা তীৰ্থ আৰু অহিল্যাবাই মন্দিৰ পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সংগ্ৰহালয় আৰু স্বদেশী বজাৰো দৰ্শন কৰে। এই স্থানসমূহত তেওঁলোকে স্থানীয় সংস্কৃতি আৰু থলুৱা সামগ্ৰীৰ বিষয়ে জানিবলৈ সুযোগ লাভ কৰে। ত্ৰিবেণী ঘাটত শিক্ষাৰ্থীসকলে পৱিত্ৰ আৰতি দৰ্শন কৰাৰ মাজেৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে।
২৪ নৱেম্বৰত শিক্ষাৰ্থীসকলে বিশেষ ৰে’লযোগে ভেৰাৱল ৰে’লৱে ষ্টেচনৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰে। ২৫ নৱেম্বৰত তেওঁলোক সফদৰজং ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে পাঁচদিনীয়া যাত্ৰাৰ সামৰণি পৰে। ষ্টেচনত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়।
এই পাঁচদিনীয়া যাত্ৰাই শিক্ষাৰ্থীসকলক সোমনাথৰ ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ অদম্য স্থিতিস্থাপকতা আৰু সহনশীলতাৰ বিষয়ে বুজি পোৱাৰ এক বিশেষ সুযোগ প্ৰদান কৰে। যাত্ৰাৰ অভিজ্ঞতা ব্যক্ত কৰি অংশগ্ৰহণকাৰীসকলে এই যাত্ৰাক কেৱল এক আধ্যাত্মিক ভ্ৰমণ হিচাপেই নহয়, বৰঞ্চ ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু ইতিহাসৰ সৈতে অধিক নিবিড়ভাৱে পৰিচিত কৰি তোলা এক স্মৰণীয় অভিজ্ঞতা হিচাপে অভিহিত কৰে।
সোমনাথ মন্দিৰত প্ৰথমবাৰৰ বাবে যি আক্ৰমণ হৈছিল সেই আক্ৰমণৰ ১০০০ বছৰ পূৰ্তি উপলক্ষে ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ আয়োজন কৰা হৈছে। এই উদযাপনৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু পৰ্যটকসকলক সোমনাথৰ আধ্যাত্মিক তথা সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচিত কৰোৱাৰ উদ্দেশ্যে বিশেষ যাত্ৰাৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে বৰ্তমানলৈকে ৩৫,০০০ৰো অধিক লোকে সোমনাথ মহাদেৱ মন্দিৰ দৰ্শন কৰিছে।
‘যুৱ সোমনাথ যাত্ৰা’ও এই বিস্তৃত পদক্ষেপৰেই এক অংশ। নতুন প্ৰজন্মক ভাৰতৰ ঐতিহাসিক ঐতিহ্য, সাংস্কৃতিক মূল্যবোধ আৰু সমৃদ্ধ ঐতিহ্যৰ সৈতে সংযোগ কৰাই হৈছে এই যাত্ৰাৰ মূল উদ্দেশ্য। এনে পদক্ষেপৰ জৰিয়তে সংস্কৃতি মন্ত্ৰালয়ে যুৱ প্ৰজন্মক দেশৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহাসিক স্থানসমূহৰ বিষয়ে জানিবলৈ, সেইসমূহৰ সৈতে জড়িত হ'বলৈ আৰু নিজৰ ঐতিহ্যক উপলব্ধি কৰিবলৈ নিৰন্তৰ উৎসাহিত কৰি আহিছে।
***
M Annadurai/MS