আজি গোৱাৰ কলা একাডেমীত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ অংশ হিচাপে অভিনেতা তথা অভিনয় প্ৰশিক্ষক শ্ৰী সৌৰভ সচদেৱাৰ দ্বাৰা পৰিচালিত ‘হোৱাট ষ্টপছ ইউ ফ্ৰম বিয়িং এন এক্টৰ’ শীর্ষক এক মাষ্টাৰক্লাছ অনুষ্ঠিত হয়। বহুসংখ্যক যুৱ অভিনয়প্ৰেমীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই সত্ৰখনত উদীয়মান অভিনেতাসকলক নিজৰ উচ্চাকাংক্ষা পূৰণৰ ক্ষেত্ৰত প্ৰায়ে বাধা দি অহা মানসিক, ব্যৱহাৰিক আৰু ব্যক্তিগত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
পাৰস্পৰিক মত বিনিময় আৰু ব্যৱহাৰিক উদাহৰণৰ জৰিয়তে শ্ৰী সচদেৱাই অংশগ্ৰহণকাৰীসকলক কেৱল অভিনেতা হোৱাৰ ইচ্ছাৰ মাজতে সীমাবদ্ধ নাথাকি তেওঁলোকক পিছুৱাই ৰখা ভয়, অভ্যাস আৰু মানসিকতাবোৰ পৰীক্ষা কৰি চাবলৈ উৎসাহিত কৰে।
অডিচন আৰু প্ৰত্যাখ্যানৰ সৈতে জড়িত অনিশ্চয়তাৰ বিষয়ে উল্লেখ কৰি তেওঁ বুজাই দিয়ে যে অভিনেতাসকলে কিয় নিৰ্বাচিত হৈছে বা কিয় প্ৰত্যাখ্যাত হৈছে সেয়া সদায় জনাটো সম্ভৱ নহয়, কিয়নো কাষ্টিঙৰ সিদ্ধান্তত বহুকেইজন লোক জড়িত হৈ থাকে। একোটা অডিচনৰ সৈতে আৱেগিকভাৱে জড়িত হৈ নপৰিবলৈ অংশগ্ৰহণকাৰীসকলক পৰামৰ্শ দি তেওঁ কয়, "আপুনি কেতিয়াও গম নাপাব। আপুনি কেৱল তেওঁলোকক সুধিব পাৰে যে অভিনয়টো কেনেকুৱা লাগিল, মাত্ৰ সিমানেই।" ফলাফলটোক সহজভাৱে মানি লৈ, কোনো উত্তৰৰ বাবে অনির্দিষ্টকাললৈ অপেক্ষা কৰি নাথাকি অডিচন দি থকা আৰু আগবাঢ়ি যোৱাৰ গুৰুত্বৰ ওপৰতো তেওঁ বিশেষভাৱে জোৰ দিয়ে।
মাষ্টাৰক্লাছটোৰ এটা মূল বিষয়বস্তু আছিল কোনো এটা কাম ভাল পোৱা আৰু সেই কামটোৰ প্ৰতি আন্তৰিকতাৰে যত্ন লোৱাৰ মাজৰ পাৰ্থক্য। নিজৰ দায়বদ্ধতাৰ বিষয়ে চিন্তা কৰিবলৈ অংশগ্ৰহণকাৰীসকলক আহ্বান জনাই সচদেৱাই প্ৰশ্ন কৰে, "আপুনি এজন অভিনেতা হ'বলৈ ভাল পায় নে অভিনেতা হোৱাৰ প্ৰতি আপুনি দায়বদ্ধ?" তেওঁ ব্যাখ্যা কৰে যে কোনো এটা বস্তু ভাল পোৱাটো কেৱল আগ্ৰহৰ পৰ্যায়তে থাকিব পাৰে, কিন্তু যত্ন লোৱা বা দায়বদ্ধ হোৱাৰ বাবে দায়িত্ববোধ, মনোযোগ আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন। "আমাৰ বেছিভাগেই নিজৰ কামটো ভাল পাওঁ, কিন্তু কামটোৰ প্ৰতি যত্ন নলওঁ," বুলি মন্তব্য কৰি তেওঁ উদীয়মান অভিনেতাসকলক নিজৰ সপোন পূৰণৰ বাবে প্ৰয়োজনীয় দায়বদ্ধতা তেওঁলোকৰ কৰ্মত প্ৰতিফলিত হৈছে নে নাই, সেয়া মূল্যায়ন কৰিবলৈ আহ্বান জনায়।
সামাজিক সমালোচনাৰ ভয়ৰ বিষয়ে উল্লেখ কৰি তেওঁ সামাজিক বিপদাশংকাক আন এক গুৰুত্বপূৰ্ণ বাধা হিচাপে চিনাক্ত কৰে। "আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সামাজিক বিপদাশংকা," বুলি উল্লেখ কৰি তেওঁ বুজাই দিয়ে যে অভিনয়ৰ বাবে এজন ব্যক্তিয়ে আনৰ সমালোচনাৰ সন্মুখীন হ'বলৈ, মানুহৰ ওচৰ চাপিবলৈ আৰু আন মানুহে তেওঁৰ বিষয়ে কি ভাবিব তাক লৈ বেছি চিন্তা নকৰাকৈ মনৰ ভাব প্ৰকাশ কৰিবলৈ সাজু থাকিব লাগে। অভিনয় শিল্পীসকলে নিজকে প্ৰকাশ কৰাৰ আৰু মানুহৰ সৈতে সংযোগ স্থাপন কৰাৰ আত্মবিশ্বাস গঢ়ি তুলিব লাগিব বুলি তেওঁ জোৰ দিয়ে।
উচ্চাকাংক্ষাৰ সৈতে কৰ্মক একাকাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সচদেৱাই অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ দৈনন্দিন ৰুটিন আৰু অভ্যাসবোৰে তেওঁলোকে লাভ কৰিব বিচৰা সফলতাৰ স্তৰটোক প্ৰতিফলিত কৰিছে নে নাই, সেয়া পৰীক্ষা কৰি চাবলৈ উৎসাহিত কৰে। তেওঁ বুজাই দিয়ে যে উচ্চাকাংক্ষাৰ বিভিন্ন স্তৰৰ বাবে সেই অনুপাতে প্ৰস্তুতি, অনুশাসন আৰু দায়বদ্ধতাৰ প্ৰয়োজন হয়, যাৰ ভিতৰত প্ৰশিক্ষণ, শাৰীৰিক প্ৰস্তুতি, জীৱনশৈলী আৰু দৈনন্দিন অভ্যাসৰ পৰিৱৰ্তনো অন্তৰ্ভুক্ত।
জীৱনৰ উদ্দেশ্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সচদেৱাই অংশগ্ৰহণকাৰীসকলক প্ৰথমে কি কাৰণত অভিনয় জগতলৈ আহিবলৈ অনুপ্ৰাণিত হৈছিল সেই কথা পুনৰ মনত পেলাবলৈ কয়, আৰু উল্লেখ কৰে যে ব্যক্তিগত অভিজ্ঞতাৰ লগে লগে মানুহৰ প্ৰেৰণাৰ ৰূপো সলনি হ'ব পাৰে। নিজৰ যাত্ৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি তেওঁ আত্ম-প্ৰকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰাৰম্ভিক সংগ্ৰামে কেনেদৰে তেওঁৰ উদ্দেশ্য গঢ় দিছিল সেই বিষয়ে কয়। নিজৰ উদ্দেশ্যক "মানুহক আত্ম-প্ৰকাশৰ সুযোগ দিয়া আৰু সৃষ্টি কৰাৰ শক্তি প্ৰদান কৰা" বুলি বৰ্ণনা কৰি তেওঁ উদীয়মান শিল্পীসকলক কেৱল অডিচন, নিৰ্বাচন বা বাহ্যিক স্বীকৃতিৰ মাজেৰে নিজৰ যাত্ৰা জুখি নাচাই নিজৰ 'কিয়' অৰ্থাৎ মূল উদ্দেশ্যৰ সৈতে জড়িত হৈ থাকিবলৈ আৰু কলাৰ জৰিয়তে আত্ম-প্ৰকাশত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰে।
এই মাষ্টাৰক্লাছটোৱে অংশগ্ৰহণকাৰীসকলক অন্তৰ্দৃষ্টিৰে চাবলৈ আৰু অভিনয় জগতখনে প্ৰকৃততে কি বিচাৰে সেই বিষয়ে পুনৰ চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। নিজৰ অভিজ্ঞতাৰ জৰিয়তে সচদেৱাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ভয়ক অতিক্ৰম কৰা, প্ৰত্যাখ্যানক মানি লোৱা, বিপদাশংকা গ্ৰহণ কৰা, মূল ভেটি শক্তিশালী কৰা আৰু উচ্চাকাংক্ষাক নিৰন্তৰ কৰ্মলৈ ৰূপান্তৰিত কৰাটো কেৱল এজন অভিনেতা হোৱাৰ বাবেই নহয়, বৰঞ্চ পৰিৱেশ্য কলাৰ জগতখনত এক অৰ্থপূৰ্ণ যাত্ৰা অব্যাহত ৰখাৰ বাবেও অপৰিহাৰ্য।
_20261124191247_a90479.jpeg)

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rabeehashmi/ Supriya/ Andrew/ Darshana | IFFI 57 - 085