57th International Film Festival of India 2026
20 – 28 Nov 2026

‘এলিফেণ্টছ ইন দ্য ফগে’ সামাজিক গ্ৰহণযোগ্যতা আৰু বৰ্জনৰ বৈপৰীত্যৰ সন্ধান কৰিছে: পৰিচালক অবিনাশ বিক্ৰম শ্বাহ

‘এলিফেণ্টছ ইন দ্য ফগ’-ত সামাজিক কুসংস্কাৰ পৰীক্ষা কৰিবলৈ হাতীৰ ৰূপক ব্যৱহাৰ কৰিছে পৰিচালকে

পোষ্ট কৰা হৈছে: 24 NOV 2026 8:28PMby PIB Guwahatiৰিলিজ আই ডি : 2340991Views: 9

যিখন সমাজে শুভ অনুষ্ঠানসমূহত ৰূপান্তৰকামী মহিলাসকলক আদৰণি জনায়, অথচ দৈনন্দিন জীৱনত প্ৰায়ে তেওঁলোকক মৰ্যাদা আৰু স্বীকৃতিৰ পৰা বঞ্চিত কৰে— সেই সমাজখনৰ এই মূল বৈপৰীত্যকে নেপালী পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘এলিফেণ্টছ ইন দ্য ফগ’-এ অন্বেষণ কৰিছে। গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ সমান্তৰালকৈ আয়োজিত এক সংবাদ বাৰ্তালাপত ছবিখনৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ অবিনাশ বিক্ৰম শ্বাহ আৰু মুখ্য অভিনেত্ৰী পুষ্পা থিং লামাই ছবিখন আৰু ইয়াৰ বিষয়বস্তুৰ সন্দৰ্ভত আলোচনা কৰে।

৭৯ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ‘আন ছাৰ্টেইন ৰিগাৰ্ড’ শাখাত জুৰী বঁটা আৰু শ্ৰেষ্ঠ ধ্বনি সৃষ্টি বঁটা লাভ কৰা এই ছবিখনে এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত নেপালী চিনেমাৰ বাবে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।

নেপালৰ পটভূমিত নিৰ্মিত ‘এলিফেণ্টছ ইন দ্য ফগ’-ৰ কাহিনীটো পিৰাতি নামৰ এগৰাকী ৰূপান্তৰকামী মহিলা আৰু তিনিগৰাকী কন্যা সন্তানৰ মাতৃক কেন্দ্ৰ কৰি আগবাঢ়িছে, যিয়ে নিজৰ প্ৰেমিকৰ সৈতে এক নতুন জীৱন গঢ়াৰ সপোন দেখে। কিন্তু বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁওখনক ৰক্ষা কৰিবলৈ আয়োজিত এক নৈশ পহৰাৰ সময়ত তেওঁৰ কনিষ্ঠ কন্যা অপ্সৰা সন্ধানহীন হোৱাৰ লগে লগে তেওঁৰ সকলো আশা-আকাংক্ষা থানবান হৈ পৰে। সন্ধান অভিযান আগবঢ়াৰ লগে লগে ছবিখনে মাতৃত্ব, পৰিচয়, ব্যক্তিগত স্বাধীনতা আৰু সামাজিক বৰ্জনৰ মাজৰ জটিল দিশসমূহ পৰীক্ষা কৰিছে।

কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখনৰ যাত্ৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি শ্বাহে এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিক এক অবাস্তৱ অনুভূতি বুলি অভিহিত কৰে আৰু বিশ্ব মঞ্চত নেপালী চিনেমাক প্ৰতিনিধিত্ব কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে। দুটাকৈ বঁটা লাভ কৰাটো বিশেষভাৱে আনন্দদায়ক বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজত প্ৰায়ে অশ্ৰুত হৈ ৰোৱা কণ্ঠ আৰু অভিজ্ঞতাবোৰক তুলি ধৰিব বিচৰা এখন ছবিৰ বাবে শ্ৰেষ্ঠ ধ্বনি সৃষ্টি বঁটাই এক বিশেষ তাৎপৰ্য বহন কৰিছে।

ছবিখনৰ শিৰোনামটোৰ ব্যাখ্যা আগবঢ়াই শ্বাহে কয় যে মূল চিত্ৰনাট্যত হাতীৰ প্ৰসংগ নাছিল, কিন্তু পৰৱৰ্তী সময়ত ছবিখনৰ মূল বিষয়বস্তুৰ এক ৰূপক হিচাপে ই লাহে লাহে আত্মপ্ৰকাশ কৰে। তেওঁ হাতী আৰু ৰূপান্তৰকামী লোকসকলৰ মাজত এক সমান্তৰাল তুলনা দাঙি ধৰে— যিদৰে হাতী নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিলে পূজনীয় হয়, কিন্তু সেই সীমা অতিক্ৰম কৰিলেই ভীতিৰ কাৰণ হৈ পৰে; ঠিক তেনেদৰে ৰূপান্তৰকামী লোকসকলকো শুভ অনুষ্ঠানত আদৰণি জনোৱা হয়, অথচ দৈনন্দিন জীৱনত প্ৰায়ে মৰ্যাদা আৰু গ্ৰহণযোগ্যতাৰ পৰা বঞ্চিত কৰা হয়। এই বৈপৰীত্যৰ জৰিয়তে ছবিখনে প্ৰান্তীয় সম্প্ৰদায়সমূহৰ প্ৰতি সমাজৰ চৰ্তসাপেক্ষ গ্ৰহণযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

পুষ্পা থিং লামাৰ বাবে পিৰাতিৰ চৰিত্ৰত অভিনয় কৰাটো আছিল এক প্ৰত্যাহ্বানমূলক তথা গভীৰ ব্যক্তিগত অভিজ্ঞতা। এগৰাকী ৰূপান্তৰকামী মহিলা হিচাপে নিজৰ দৃষ্টিভংগীৰে কথা কৈ তেওঁ সামাজিক স্বীকৃতি আৰু গ্ৰহণযোগ্যতা লাভৰ ক্ষেত্ৰত ৰূপান্তৰকামী লোকসকলে সন্মুখীন হৈ অহা অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ ছবিখনক নিজৰ অভিজ্ঞতাসমূহ বহল দৰ্শকৰ মাজলৈ লৈ যোৱাৰ আৰু তেওঁলোকৰ কাহিনীবোৰক সকলোৰে আগত চাবলৈ, শুনিবলৈ আৰু বুজিবলৈ সক্ষম কৰাৰ এক সুযোগ বুলি বৰ্ণনা কৰে।

চৰিত্ৰটোৰ বাবে লোৱা প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি লামাই কয় যে ইয়াৰ বাবে তেওঁ বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু আৱেগৰ আশ্ৰয় ল'বলগীয়া হৈছিল আৰু চৰিত্ৰটোৰ যাত্ৰাক অন্তৰৰ পৰা উপলব্ধি কৰিবলগীয়া হৈছিল। জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী, সহনশীলতা আৰু সমাজৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ মানসিকতা গঢ় দিয়াত মাতৃৰ লালন-পালন আৰু শিক্ষাই পেলোৱা প্ৰভাৱৰ কথাও তেওঁ উল্লেখ কৰে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে জানিবলৈ দিয়ে যে ছবিখন নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় তিনি বছৰ সময় লাগিছিল। পিৰাতিৰ জীৱন যাত্ৰা আৰু হাতীৰ ৰূপকৰ জৰিয়তে ‘এলিফেণ্টছ ইন দ্য ফগ’-এ পৰিচয় আৰু আত্মীয়তাক কেন্দ্ৰ কৰি থকা সামাজিক সীমাৰেখাসমূহ পৰীক্ষা কৰাৰ লগতে প্ৰতীকী গ্ৰহণযোগ্যতা আৰু দৈনন্দিন জীৱনত মৰ্যাদা অস্বীকাৰ কৰাৰ মাজত থকা ব্যৱধানটোক উন্মোচন কৰিছে।

সংবাদ বাৰ্তালাপখন সঞ্চালনা কৰে লক্ষ্মী প্ৰিয়াই।

 

সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক:

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ Supriya/ Smita /Darshana / IFFI 57 - 089


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340991
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026