পোষ্ট কৰা হৈছে:
23 NOV 2026 9:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱ জীৰ পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে আয়োজিত শাবদ কীৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে 'ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কী ফতেহ!' সম্ভাষণেৰে তেওঁৰ ভাষণ আৰম্ভ কৰে। পবিত্ৰ পৰিৱেশত গুৰু নানক দেৱ জীক শ্ৰদ্ধাৰে প্ৰণাম জনাই আৰু শাবদ কীৰ্তনত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ দেশবাসীক উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে। "প্ৰকাশ পৰ্ব উপলক্ষে মই সকলো দেশবাসীক অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ," শ্ৰী মোদীয়ে কয়।
গুৰবাণীৰ প্ৰতিটো শাবদ আৰু কীৰ্তনৰ প্ৰতিটো সুৰ কেৱল সংগীততকৈও বহু ঊৰ্ধ্বত বুলি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক প্ৰকৃতাৰ্থত এক আধ্যাত্মিক সাধনা আৰু জ্ঞানৰ সাগৰত ডুব যোৱাৰ দৰে বুলি অভিহিত কৰে। "সেয়েহে, যেতিয়াই মই এনে অনুষ্ঠানৰ বাবে আমন্ত্ৰণ পাওঁ, যেতিয়াই সুযোগ পাওঁ, মই নিশ্চিতভাৱে সংগত আৰু কীৰ্তনত অংশগ্ৰহণ কৰোঁ," প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
শৈশৱৰে পৰা নিজৰ জীৱনৰ এক স্বাভাৱিক অংশ হিচাপে গুৰু নানক দেৱ জীৰ 'কিৰাত কৰো, ৱণ্ড ছকো, নাম জপো'ৰ শিক্ষাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰত মূৰ দোঁৱাই প্ৰণাম জনোৱা, গুৰবাণীত মগ্ন হোৱা, সেৱাৰ আনন্দ অনুভৱ কৰা, লংগৰত প্ৰসাদ গ্ৰহণ কৰা আৰু বহুবাৰ শ্ৰী হৰমন্দিৰ চাহিবত সেৱা আগবঢ়োৱাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। "পুৰণি সতীৰ্থসকলে জানে যে মই পঞ্জাবতো বহু সময় কটাইছোঁ আৰু সেই সময়ছোৱা মোৰ জীৱনৰ অন্যতম বিশেষ স্মৃতি হৈ আছে," শ্ৰী মোদীয়ে কয়।
গুৰুৰ কৃপাত নিৰন্তৰ শিখ সন্তসকলৰ সান্নিধ্য লাভ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত বহুতো সন্ত আৰু বিদ্বান লোকক আদৰণি জনোৱাৰ সৌভাগ্য লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে অনুভৱ হোৱা এক সুকীয়া আধ্যাত্মিক শক্তিৰ কথা উল্লেখ কৰাৰ লগতে সকলো শিখ ভাতৃক অভিনন্দন জ্ঞাপন কৰে। "এই উপলক্ষে মই সকলো সন্ত আৰু বিদ্বান লোকক প্ৰণাম জনাইছোঁ," প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে।
এই বছৰৰ প্ৰকাশ পৰ্ব শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱসৰ সৈতে একেলগে পৰিছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাষ্ট্ৰৰ পৰিচয়, বিশ্বাস, আস্থা আৰু মূল্যবোধ ৰক্ষাৰ বাবে দিল্লীৰ এই পবিত্ৰ ভূমিতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল; ৩৫০ বছৰ পাছতো সেই ত্যাগৰ প্ৰেৰণা দেশৰ মাটি আৰু প্ৰতিটো কোণত গভীৰভাৱে শিপাই আছে। "দেশৰ প্ৰতিগৰাকী নাগৰিক ইয়াৰ বাবে তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব," শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
ভাই মতি দাস জী, ভাই সতী দাস জী আৰু ভাই দয়ালা জীৰ আত্মবলিদানৰ লগতে স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত দেখুওৱা অদম্য মনোভাৱৰ উদাহৰণ দাঙি ধৰি সমগ্ৰ শিখ পৰম্পৰা ৰাষ্ট্ৰ আৰু ইয়াৰ সংস্কৃতিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ মনোভাৱৰ সমাৰ্থক হৈ আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰ সংস্কাৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু জীৱনজোৰা সেৱাৰ বাবে সমৰ্পিত চৰ্দাৰ তেজা সিং সমুন্দ্ৰী জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "এই বছৰ তেওঁৰ শ্বহীদ হোৱাৰো এশ বছৰ সম্পূৰ্ণ হৈছে; এই উপলক্ষে মই তেওঁকো প্ৰণাম জনাইছোঁ," প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।
ভাৰতে শতিকাজুৰি দাসত্ব সহ্য কৰাৰ কথা আৰু ইয়াৰ অতি কঠিন ঐতিহাসিক সময়ছোৱাতো গুৰুসকলে ৰাষ্ট্ৰ ৰক্ষাৰ শিখা জীয়াই ৰখাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে আজিৰ মহান ৰাষ্ট্ৰীয় সংকল্পসমূহ আৰু 'বিকশিত ভাৰত'-ৰ লক্ষ্য কেৱল তেওঁলোকৰ প্ৰেৰণা আৰু আদৰ্শৰ জৰিয়তেহে অৰ্জন কৰিব পৰা যাব। "সেয়েহে, শিখ পৰম্পৰা আৰু শিখ ঐতিহ্যক এক আলোকবৰ্তিকা হিচাপে আগুৱাই লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব," শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
বিগত ১২ বছৰত চৰকাৰে এই দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে কেনেদৰে পালন কৰিছে তাৰ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশত গুৰু গোবিন্দ সিং জীৰ ৩৫০ সংখ্যক প্ৰকাশ পৰ্ব আৰু গুৰু নানক দেৱ জীৰ ৫৫০ সংখ্যক প্ৰকাশ পৰ্ব উদযাপনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰা হৈছিল, বিশেষ ৰে'ল চলোৱা হৈছিল, সমগ্ৰ দেশতে গুৰবাণী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু গুৰু টেগ বাহাদুৰ জীৰ ৪০০ সংখ্যক প্ৰকাশ পৰ্ব উপলক্ষে লালকিল্লাত এক ৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। "এই একে মনোভাৱেৰে আমি বৰ্তমান গুৰু টেগ বাহাদুৰ জীৰ ৩৫০সংখ্যক শ্বহীদ দিৱসো পালন কৰি আছোঁ," প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।
২৬ ডিচেম্বৰত দেশে পৰৱৰ্তী 'বীৰ বাল দিৱস' পালন কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে বীৰ চাহিবজাদাসকলৰ আত্মবলিদান আৰু মাতা গুজৰীৰ দৃঢ় সংকল্পৰ অমৰ গাথা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় দিৱস আৰম্ভ কৰা হৈছিল। "যেতিয়া আমাৰ শিশুসকলে সেই যুগৰ পৰিস্থিতি, চাহিবজাদা আৰু গুৰুসকলে কেনেদৰে শ্বহীদ বৰণ কৰিছিল আৰু আমাৰ বিশ্বাস কেনেদৰে সুৰক্ষিত হৈ থাকিল সেই বিষয়ে জানিব, তেতিয়া এই জ্ঞান আৰু প্ৰেৰণাই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত যুৱপ্ৰজন্ম গঢ়ি তুলিব," শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
গুৰুসকলৰ মহিমা উদযাপনৰ প্ৰচেষ্টা ভাৰতৰ সীমাৰ বাহিৰলৈও বিস্তৃত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ আটাইতকৈ পুৰণি গুৰুদ্বাৰ 'খালছা দিৱান'-লৈ শেহতীয়াকৈ কৰা ভ্ৰমণৰ কথা স্মৰণ কৰে, যাৰ পুনৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে সহায় আগবঢ়াইছে। "আমাৰ গুৰুসকলৰ পোহৰ যাতে প্ৰতিগৰাকী ব্যক্তিৰ ওচৰ পায়গৈ আৰু তেওঁলোকৰ আশীৰ্বাদত ভাৰতে যাতে নতুন উচ্চতা স্পৰ্শ কৰে, সেয়াই আমাৰ প্ৰচেষ্টা," প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
অৰ্দাস প্ৰাৰ্থনা ‘নানক নাম চড়দী কলা, তেৰে ভানে সৰ্বত দা ভলা’ উদ্ধৃত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুৰবাণীয়ে সকলোৰে কল্যাণৰ বাবে কাম কৰাৰ সাৰ্বজনীন শিক্ষা প্ৰদান কৰে। "সকলোৰে মংগল কামনা কৰাৰ চিন্তাধাৰা মনত তেতিয়াহে জাগ্ৰত হয় যেতিয়া আমি সকলোকে নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰোঁ," শ্ৰী মোদীয়ে কয়।
বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাতৰ ফলত নিৰীহ লোক আৰু পৰিয়ালসমূহে হিংসা তথা অশান্তিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শান্তি, প্ৰতিটো পৰিয়ালৰ সুৰক্ষা আৰু প্ৰতিগৰাকী ব্যক্তিৰ বাবে মৰ্যাদাপূৰ্ণ জীৱনৰ সাৰ্বজনীন প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "এনে সময়ত 'সৰ্বত দা ভলা'ৰ ভাৱনা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে," প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
গুৰু চাহিবে প্ৰদান কৰা জীৱন মূল্যবোধৰ আটাইতকৈ ডাঙৰ পৰীক্ষা দৈনন্দিন জীৱনত হয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ড্ৰাগছৰ দৰে গুৰুতৰ সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। "যেতিয়া এজন যুৱক নিচাৰ কৱলত পৰে, তেতিয়া তেওঁৰ লগতে সমগ্ৰ পৰিয়ালটোৰ সপোন ভাঙি চূৰমাৰ হৈ যায়," শ্ৰী মোদীয়ে কয়।
ভাৰতৰ প্ৰতিগৰাকী যুৱক-যুৱতী নিচামুক্ত হ’বলৈ আহ্বান জনাই, যাতে তেওঁলোকে ভালদৰে অধ্যয়ন কৰিব পাৰে, নিজৰ সপোন পূৰণ কৰিব পাৰে আৰু নিজৰ পৰিয়াল তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মক সঠিক পথ দেখুওৱাত পৰিয়াল, সংগত, গুৰুদ্বাৰ আৰু সামাজিক অনুষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আলোকপাত কৰে আৰু শেষত প্ৰকাশ পৰ্বৰ শুভেচ্ছা তথা পৰম্পৰাগত শিখ সম্ভাষণেৰে ভাষণ সামৰে। "মই নিশ্চিত যে গুৰু চাহিবৰ কৃপা আৰু সমাজৰ সামূহিক প্ৰচেষ্টাৰে আমি আমাৰ নতুন প্ৰজন্মক এক সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যত দিবলৈ সক্ষম হ’ম," প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
****
MJPS/SS/PRK/DB