পোষ্ট কৰা হৈছে:
23 NOV 2026 4:56PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে নিৰ্মিত নিৰ্দেশিত ক্ষেপণাস্ত্ৰবাহী ষ্টীল্থ ফ্ৰিগেট আই এন এছ সহ্যাদ্ৰিয়ে সুদূৰ পূবলৈ চলোৱা অভিযানৰ অংশ হিচাপে ২০ৰ পৰা ২২ নৱেম্বৰলৈ ভিয়েটনামৰ ডা নাঙত কৰা বন্দৰ ভ্ৰমণ সফলতাৰে সমাপ্ত কৰে।
এই ভ্ৰমণৰ সময়ছোৱাত নৌসেনাৰ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ লক্ষ্যৰে জাহাজখনে বিভিন্ন পেছাদাৰী আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ভিয়েটনাম পিপলছ নেভীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মত বিনিময়, দুয়োখন দেশৰ নৌসেনাৰ কৰ্মীসকলৰ মাজত পৰস্পৰৰ জাহাজ পৰিদৰ্শন আৰু সাংস্কৃতিক বিনিময় অন্যতম। এই কাৰ্যসূচীসমূহে দুয়োখন দেশৰ নৌসেনাৰ মাজত পেছাদাৰী সম্পৰ্ক, পাৰস্পৰিক বিশ্বাস আৰু সৌহাৰ্দ্য শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।
ভাৰত আৰু ভিয়েটনামৰ সামুদ্ৰিক অংশীদাৰিত্বই দুয়োখন দেশৰ নৌসেনাৰ মাজত অব্যাহত থকা যোগাযোগ আৰু সামুদ্ৰিক সহযোগিতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
আই এন এছ সহ্যাদ্ৰিৰ এই ভ্ৰমণে সামুদ্ৰিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বন্ধুত্বপূৰ্ণ বিদেশী নৌসেনাসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। এই পদক্ষেপ ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ আৰু ‘মহাসাগৰ’ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে। ‘মহাসাগৰ’ৰ অৰ্থ হৈছে— বিভিন্ন অঞ্চলত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সামগ্ৰিক উন্নয়ন (Mutual and Holistic Advancement for Security and Growth Across Regions) ৷
*****
VM/SPS /PB