স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইচিএমআৰৰ সম্পদা (SAMPADA) সমীক্ষাত পূৰ্বৰ ৰাষ্ট্ৰীয় সমীক্ষাৰ তুলনাত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ

অধিকাংশ বয়সৰ লোকৰ মাজত গুৰুতৰ ৰক্তহীনতাৰ হাৰ ২ শতাংশতকৈ কম; অধিকাংশ ৰোগীৰ ক্ষেত্ৰতে ৰক্তহীনতা নিম্ন পৰ্যায়ৰ

ৰক্তহীনতামুক্ত ভাৰত অভিযান অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সম্পদা (SAMPADA) সমীক্ষাই যোগান ধৰিছে বিস্তৃত ৰাষ্ট্ৰীয় তথ্য-প্ৰমাণ।

হিম’গ্লবিনৰ পৰিমাণ নিৰ্ণয়ৰ বাবে সম্পদা (SAMPADA) সমীক্ষাত শিৰাৰ পৰা তেজৰ নমুনা সংগ্ৰহৰ স্বীকৃত মানসম্পন্ন পদ্ধতি আৰু স্বয়ংক্ৰিয় বিশ্লেষক যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে।

বিশ্বৰ অন্যতম বৃহৎ পুষ্টি সমীক্ষা হিচাপে পৰিগণিত এই সমীক্ষাত ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮৩খন জিলাৰ ২ লাখতকৈ অধিক লোকক সামৰি লোৱা হৈছে।

পোষ্ট কৰা হৈছে: 23 NOV 2026 6:35PM by PIB Guwahati

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ অধীনস্থ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-এ ২০২৩-২০২৫ বৰ্ষৰ সম্পদা (SAMPADA) সমীক্ষাৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। এই সমীক্ষাত জীৱনৰ বিভিন্ন পৰ্যায়ৰ লোকসকলৰ মাজত ৰক্তহীনতা আৰু অণুপুষ্টিকৰ উপাদানৰ অভাৱ সম্পৰ্কে বিস্তৃত ৰাষ্ট্ৰীয় তথ্য-প্ৰমাণ দাঙি ধৰা হৈছে।

 

সম্পদা (SAMPADA) অৰ্থাৎ Survey for Assessment of Markers of Population Health, Activity, Diet and Anthropometry হৈছে বিশ্বজুৰি সম্পন্ন হোৱা অন্যতম বৃহৎ আৰু বিস্তৃত পুষ্টি সমীক্ষা। এই সমীক্ষাত ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮৩খন জিলাৰ ৮১ হাজাৰতকৈ অধিক পৰিয়ালৰ ২ লাখতকৈ অধিক লোকক সামৰি লোৱা হৈছে। বিভিন্ন বয়স, লিংগ আৰু শাৰীৰিক অৱস্থাৰ লোকৰ হিম’গ্লবিনৰ পৰিমাণ নিৰ্ণয়ৰ বাবে ১.৭ লাখতকৈ অধিক তেজৰ নমুনা বিশ্লেষণ কৰা হৈছে।

 

সম্পদা (SAMPADA) এক উল্লেখযোগ্য দিশ হৈছে হিম’গ্লবিনৰ পৰিমাণ নিৰ্ণয়ৰ বাবে শিৰাৰ পৰা তেজৰ নমুনা সংগ্ৰহৰ স্বীকৃত মানসম্পন্ন পদ্ধতি আৰু স্বয়ংক্ৰিয় বিশ্লেষক যন্ত্ৰৰ ব্যৱহাৰ। ইয়াৰ ফলত অধিক নিৰ্ভুল আৰু পুনৰ পৰীক্ষাযোগ্য ফলাফল লাভ কৰাটো সম্ভৱ হৈছে। সমীক্ষাৰ একাংশ নমুনাত আইৰণৰ পৰিমাণ, ফ’লেট, ভিটামিন বি১২ৰ লগতে প্ৰদাহজনিত জৈৱিক সূচক চি-ৰিয়েক্টিভ প্ৰ’টিন(CRP) আৰু আলফা-১-এচিড গ্লাইক’প্ৰ’টিন (AGP)-ৰ পৰীক্ষাও কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত এইসমূহ উপাদানৰ অভাৱৰ প্ৰাদুৰ্ভাৱ নিৰ্ণয় কৰা হৈছে।

 

সম্পদা(SAMPADA)  সমীক্ষাৰ তথ্য অনুসৰি, পূৰ্বৰ ৰাষ্ট্ৰীয় সমীক্ষাসমূহৰ তুলনাত দেশত সামগ্ৰিকভাৱে ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পোৱাৰ এক আশাব্যঞ্জক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বিশেষকৈ ১২ৰ পৰা ৫৯ মাহ বয়সৰ শিশুৰ ক্ষেত্ৰত এই পাৰ্থক্য যথেষ্ট উল্লেখযোগ্য। এই বয়সৰ শিশুৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৪২ শতাংশ।

 

১০ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰীৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ ৪৬ শতাংশ। একে বয়সৰ কিশোৰ আৰু ২০ৰ পৰা ৫৯ বছৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত এই হাৰ ২২ৰ পৰা ২৩ শতাংশ। আনহাতে, প্ৰজননক্ষম বয়সৰ মহিলাৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৫৬ শতাংশ।

 

এই সমীক্ষাই বৃদ্ধ লোকসকলৰ মাজতো ৰাষ্ট্ৰীয় পৰ্যায়ত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতিনিধিত্বমূলক তথ্য আগবঢ়াইছে। ইয়াৰ ফলত পূৰ্বতে ৰাষ্ট্ৰীয় পৰ্যায়ত সীমিত তথ্য উপলব্ধ থকা এই বয়সৰ লোকসকলৰ মাজতো ৰক্তহীনতাৰ অৱস্থা মূল্যায়ন কৰাটো সম্ভৱ হৈছে।

 

সমীক্ষাৰ তথ্যই বয়স, লিংগ, শাৰীৰিক অৱস্থা আৰু বাসস্থানৰ ভিত্তিত ৰক্তহীনতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাৰ্থক্য থকা বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত সকলোৰে বাবে একেটা কৌশল গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিভিন্ন জনসমষ্টিৰ প্ৰয়োজন অনুসৰি পৃথক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা পুনৰ প্ৰতিষ্ঠা হৈছে।

 

 প্ৰতিবেদনখনৰ মূল দিশসমূহ

 

অধিকাংশ ৰক্তহীনতাৰ ঘটনা মৃদু পৰ্যায়ৰ, যিয়ে আৰম্ভণিতে ব্যৱস্থা গ্ৰহণৰ সুযোগ প্ৰদান কৰিছে।

 

সামগ্ৰিক ৰক্তহীনতাৰ বোজাৰ এক বৃহৎ অংশই মৃদু পৰ্যায়ৰ ৰক্তহীনতা। ৰক্তহীনতাত আক্ৰান্ত প্ৰায় আধাসংখ্যক মহিলা, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা, কিশোৰী আৰু শিশুৰ ক্ষেত্ৰত মৃদু পৰ্যায়ৰ ৰক্তহীনতা দেখা গৈছে। ইয়াৰ ফলত মধ্যমীয়া বা গুৰুতৰ ৰক্তহীনতাৰ তুলনাত স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা যথেষ্ট কম।

 

কিশোৰ, প্ৰাপ্তবয়স্ক আৰু বৃদ্ধ পুৰুষৰ মাজত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট কম। আনকি ৰক্তহীনতাত আক্ৰান্তসকলৰ মাজতো প্ৰায় তিনি-চতুৰ্থাংশৰ ক্ষেত্ৰত মাত্ৰ মৃদু পৰ্যায়ৰ ৰক্তহীনতা দেখা গৈছে।

 

অধিকাংশ বয়সৰ লোকৰ মাজত গুৰুতৰ ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ ২ শতাংশতকৈ কম।

 

মহিলা, কিশোৰী আৰু শিশুৰ মাজত ৰক্তহীনতাৰ প্ৰায় আধা ঘটনাৰ কাৰণ হৈছে আইৰণৰ অভাৱ।

 

অণুপুষ্টিকৰ উপাদানৰ মূল্যায়নত দেখা গৈছে যে দুৰ্বল আৰু অধিক বিপদাশংকাপূৰ্ণ জনসমষ্টিৰ মাজত আইৰণৰ অভাৱ ৰক্তহীনতাৰ অন্যতম প্ৰধান কাৰণ। অৱশ্যে সামগ্ৰিক ৰক্তহীনতাৰ বোজাৰ প্ৰায় আধাহে আইৰণৰ অভাৱৰ সৈতে জড়িত।

 

ইয়াৰ পৰা স্পষ্ট হৈছে যে ৰক্তহীনতা প্ৰতিৰোধৰ বাবে আইৰণৰ অভাৱৰ লগতে অন্যান্য পুষ্টিজনিত আৰু পুষ্টিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নোহোৱা কাৰণসমূহো একেলগে মোকাবিলা কৰাটো প্ৰয়োজনীয়। ইয়াৰ ভিতৰত সংক্ৰমণ, হিম’গ্লবিনৰ বংশগত বিসংগতি (Hemoglobinopathies) আৰু দীৰ্ঘদিনীয়া ৰোগৰ সৈতে জড়িত প্ৰদাহ অন্যতম।

 

আনহাতে, বিভিন্ন জনসমষ্টিৰ ৰক্তহীনতাত আক্ৰান্ত আৰু ৰক্তহীনতাত আক্ৰান্ত নোহোৱা লোকসকলৰ মাজত ভিটামিন বি১২ আৰু ফ’লেটৰ অভাৱৰ হাৰ প্ৰায় একে বুলি দেখা গৈছে। ইয়াৰ পৰা বুজা যায় যে ভাৰতত ৰক্তহীনতাৰ ক্ষেত্ৰত এই দুয়োবিধ অণুপুষ্টিকৰ উপাদানৰ অভাৱৰ ভূমিকা সীমিত।

 

 আইৰণৰ অভাৱ নিৰ্দিষ্ট জীৱনকালৰ পৰ্যায় আৰু মধ্যমীয়া তথা গুৰুতৰ ৰক্তহীনতাৰ ক্ষেত্ৰত অধিক কেন্দ্ৰীভূত।

 

সম্পদা (SAMPADA) সমীক্ষাৰ তথ্য অনুসৰি, আইৰণৰ অভাৱ মূলতঃ পাঁচ বছৰৰ তলৰ শিশু, কিশোৰী আৰু প্ৰজননক্ষম বয়সৰ মহিলাৰ মাজতে অধিক সীমাবদ্ধ। আনহাতে, কিশোৰ, পুৰুষ আৰু বৃদ্ধ লোকসকলৰ মাজত আইৰণৰ অভাৱৰ প্ৰাদুৰ্ভাৱ কম।

 

বিশেষভাৱে উল্লেখযোগ্য যে মধ্যমীয়া আৰু গুৰুতৰ ৰক্তহীনতাত আক্ৰান্ত লোকসকলৰ মাজত আইৰণৰ অভাৱৰ হাৰ অধিক। সেয়েহে উপযুক্ত পৰীক্ষাৰ জৰিয়তে এনে লোকসকলক চিনাক্ত কৰি চিকিৎসা প্ৰদান আৰু সম্পূৰ্ণ সুস্থ নোহোৱালৈকে তেওঁলোকৰ অৱস্থাৰ নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়। ৰক্তহীনতামুক্ত ভাৰত অভিযানৰ (AMB 2.0) অধীনতো এনে ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

 

 

ভাৰত চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ সচিব তথা আই চি এম আৰ(ICMR)ৰ সঞ্চালক প্ৰধান ড০ ৰাজীৱ বেহেলে কয়—

 

“শিশু, কিশোৰ-কিশোৰী, প্ৰাপ্তবয়স্ক, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা তথা বৃদ্ধ লোকসকলৰ মাজত ৰক্তহীনতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধিত্বমূলক তথ্য সম্পদা (SAMPADA)  সমীক্ষাই আগবঢ়াইছে। ইয়াৰ লগতে ৰক্তহীনতাৰ সম্ভাৱ্য কাৰণসমূহ মূল্যায়নৰ বাবে অণুপুষ্টিকৰ উপাদানৰ অভাৱ সম্পৰ্কেও বিস্তৃত তথ্য প্ৰদান কৰিছে।

 

পূৰ্বৰ ৰাষ্ট্ৰীয় সমীক্ষাসমূহৰ তুলনাত সম্পদা (SAMPADA) সমীক্ষাত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পোৱাটো আশাব্যঞ্জক। এই সমীক্ষাত ৰক্তহীনতাৰ বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, যিয়ে ৰক্তহীনতামুক্ত ভাৰত অভিযানৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহ অধিক শক্তিশালী কৰাৰ বাবে তথ্যভিত্তি যোগান ধৰিব।”

 আই চি এম আৰ -এন আই এন (ICMR-NIN)ৰ সঞ্চালক ড০ ভাৰতী কুলকাৰ্ণীয়ে কয়—

 

“এই তথ্যসমূহে ৰক্তহীনতা প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অধিক লক্ষ্যভিত্তিক, জনসমষ্টি-নিৰ্দিষ্ট আৰু জীৱনৰ বিভিন্ন পৰ্যায়ক সামৰি লোৱা পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব। লগতে এই তথ্যই অধিক গৱেষণা আৰু উন্নত নিৰীক্ষণ ব্যৱস্থাৰ প্ৰয়োজনীয়তা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰাতো সহায় কৰিব।”

 

সম্পূৰ্ণ প্ৰতিবেদনখন ইয়াত উপলব্ধ:

 

https://www.nin.res.in/ebooks/Sampada_Anaemia_BM_Factsheet.pdf

 

SR/GS/PB


(ৰিলিজ আই ডি : 2340682) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Tamil