পোষ্ট কৰা হৈছে:
23 NOV 2026 8:00PM by PIB Guwahati
মাই ভাৰত(MY Bharat)-ৰ উদ্যোগত ১০০ সপ্তাহজোৰা ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযান’ৰ দশম সপ্তাহত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত ৪৪০টা কাৰ্যসূচীত ৯৫,১৪৭গৰাকী যুৱক-যুৱতী আৰু নাগৰিকে অংশগ্ৰহণ কৰে।
২২ নৱেম্বৰৰ অস্থায়ী প্ৰতিবেদন অনুসৰি, এই কাৰ্যসূচীসমূহৰ ভিতৰত আছিল ৩২২খন ব্লকসমূহৰ গোট পৰ্যায়ৰ ক্ৰীড়া সমাৰোহ আৰু ১১৮খন ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ পৰ আলোচনা’ (চুবুৰীয়া যুৱ সংসদ)ৰ অধিৱেশন।
২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত ব্লকসমূহৰ গোট পৰ্যায়ৰ ক্ৰীড়া সমাৰোহত বিভিন্ন ব্লক আৰু গাঁৱৰ যুৱক-যুৱতীসকলে ক্ৰীড়া প্ৰতিযোগিতা, পৰম্পৰাগত খেল-ধেমালি আৰু অন্যান্য ক্ৰীড়া কাৰ্যকলাপত অংশগ্ৰহণ কৰে।
এই পদক্ষেপৰ লক্ষ্য হৈছে শাৰীৰিক সক্ষমতা, দলীয় সহযোগিতা, অনুশাসন আৰু ক্ৰীড়াসুলভ মনোভাৱৰ বিকাশ ঘটোৱা। একে সময়তে তৃণমূল পৰ্যায়ৰ সমাজসমূহক জিলা পৰ্যায়ৰ ক্ৰীড়াৰ সুবিধাৰ সৈতে সংযুক্ত কৰা আৰু প্ৰতিভাৱান যুৱ অংশগ্ৰহণকাৰীসকলক স্বীকৃতি লাভৰ এক মঞ্চ প্ৰদান কৰাও ইয়াৰ উদ্দেশ্য।
মুঠ ৩২২টা ক্ৰীড়া কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীসমূহৰ অধীনত ১,০৫৩টা কাৰ্যকলাপত ৮১,৪৮৯গৰাকী যুৱক-যুৱতী আৰু নাগৰিকে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য উত্তৰাখণ্ড, কেৰালাৰ এৰ্ণাকুলাম, অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু ক্ৰা দাদি, জম্মু-কাশ্মীৰৰ শ্বোপিয়ান আৰু ছাম্বা তথা বিহাৰৰ গোপালগঞ্জত বিশেষ অংশগ্ৰহণ দেখা গৈছিল ।
ক্ৰীড়া কাৰ্যকলাপৰ সমান্তৰালভাৱে ২০২৬ চনৰ ২১ নৱেম্বৰত ব্লক পৰ্যায়ত ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱৰ বিষয়ে আলোচনা’ (চুবুৰীয়া যুৱ সংসদ)ৰ অধিৱেশনসমূহ অনুষ্ঠিত কৰা হয়।
প্ৰতিটো ব্লকত ন্যূনতম ৮০গৰাকী যুৱকৰ অংশগ্ৰহণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। প্ৰতিখন চুবুৰীয়া যুৱ সংসদত চাৰিখন সুনিৰ্দিষ্ট অধিৱেশন অনুষ্ঠিত হয়। সেইকেইটা হৈছে—
মাই ভাৰত পৰ্টেলৰ সৈতে পৰিচয়,নিচাযুক্ত সামগ্ৰীৰ অপব্যৱহাৰৰ বিষয়ে জ্ঞান: ভাৰতৰ যুৱ সমাজৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ, সজাগতাৰ পৰা কাৰ্যকৰী পদক্ষেপলৈ: নিচামুক্ত যুৱ সমাজ গঢ়াৰ উপায়সমূহ, দৃশ্য-শ্ৰাব্য উপস্থাপন—পৰিৱৰ্তনৰ কাহিনী: নিচামুক্ত ভাৰতৰ দিশে যাত্ৰা।
১১৮ চুবুৰীয়া যুৱ সংসদৰ কাৰ্যসূচীত ৩৬০টা কাৰ্যকলাপৰ জৰিয়তে ১৩,৬৫৮গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।
এই অধিৱেশনসমূহে যুৱক-যুৱতীসকলক নিচাযুক্ত সামগ্ৰীৰ অপব্যৱহাৰৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ এক মঞ্চ প্ৰদান কৰে।
ব্ৰহ্মাকুমাৰী আৰু হাৰ্টফুলনেছকে ধৰি সহযোগী সংস্থাসমূহে অভিযানৰ বিভিন্ন কাৰ্যসূচীত সহায়-সহযোগিতা আগবঢ়ায়। হাৰ্টফুলনেছে পুনেত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাকে ধৰি ক্ৰীড়া অনুষ্ঠানসমূহতো সহযোগিতা আগবঢ়ায়।
এই অভিযানত স্থানীয় পৰ্যায়তো বিভিন্ন সহযোগিতা পৰিলক্ষিত হয়। মাই ভাৰত মীৰাটে শোভিত বিশ্ববিদ্যালয়ত এখন চুবুৰীয়া যুৱ সংসদৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ড০ লক্ষ্মীকান্ত বাজপেয়ী উপস্থিত থাকে।
কুপৱাৰাত মাই ভাৰতে ভাৰতীয় সেনা, কেৰান বাউল আৰু খাটানা একচন ক্লাবৰ সৈতে সমন্বয় সাধন কৰি কেৰান ব্লকৰ কুণ্ডিয়ানত এখন অধিৱেশনৰ যুটীয়াভাৱে আয়োজন কৰে।
আন উল্লেখযোগ্য পদক্ষেপসমূহৰ ভিতৰত আছিল ঝাৰখণ্ডৰ ঝিনকপানী ব্লকৰ চাইবাসা ইঞ্জিনিয়াৰিং কলেজত আৰু গুজৰাটৰ নৰ্মদা জিলাৰ গৰুদেশ্বৰত অনুষ্ঠিত কাৰ্যসূচীসমূহ।
তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা আৰু যুৱক-যুৱতীৰ নেতৃত্বত অনুষ্ঠিত সুনিৰ্দিষ্ট আলোচনাসমূহক একত্ৰিত কৰি মাই ভাৰতে সমাজৰ অংশগ্ৰহণৰ সৈতে সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰ সমন্বয় সাধন কৰিছে। ইয়াৰ জৰিয়তে সুস্থ জীৱনশৈলীৰ প্ৰসাৰ আৰু নিচাযুক্ত সামগ্ৰীৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলি থকা অভিযান অধিক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

******
Gaurav Saini/PB