পোষ্ট কৰা হৈছে:
23 NOV 2026 1:02PM by PIB Guwahati
ভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্যত ৰাজনীতি, অৰ্থনীতি, চিকিৎসা বিজ্ঞান, গণিত, জ্যোতিৰ্বিজ্ঞান, কৃষি আৰু বহনক্ষম জীৱন-যাপনৰ সৈতে জড়িত জ্ঞানৰ এক বিশাল ভাণ্ডাৰ নিহিত হৈ আছে। এই ঐতিহ্যই এক সমৃদ্ধ সভ্যতাগত যাত্ৰাৰ প্ৰতিফলন ঘটায়, য’ত লিপি (আখৰ), ভাষা আৰু জ্ঞানৰ জৰিয়তে বিভিন্ন অঞ্চলৰ মাজত জ্ঞানৰ আদান-প্ৰদান হৈছিল।
“আ নো ভদ্ৰাঃ ক্ৰতৱো য়ন্তু বিশ্বতঃ” (সকলো দিশৰ পৰা আমাৰ ওচৰলৈ কল্যাণকৰ চিন্তা আহক) — ঋগ্বেদৰ এই প্ৰাৰ্থনাৰ অন্তৰ্নিহিত ভাবনাৰে অনুপ্ৰাণিত এই উমৈহতীয়া ঐতিহ্যই ২০২৬ চনৰ ২২ নৱেম্বৰত নতুন দিল্লীৰ পুৰণি কিল্লাত সংস্কৃতি মন্ত্ৰালয়ে জ্ঞান ভাৰতম অভিযানৰ অধীনত আয়োজন কৰা “ভাষা, সাহিত্য, লিপি আৰু পাণ্ডুলিপিৰ পৰম্পৰা” শীৰ্ষক চতুৰ্থ অধিৱেশনৰ মূল বিষয়বস্তু হিচাপে স্থান লাভ কৰে। এই অধিৱেশনত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰ আৰু সংলাপৰ সহযোগী দেশসমূহৰ বিশিষ্ট পণ্ডিত, বিশেষজ্ঞ আৰু প্ৰতিনিধিসকল একত্ৰিত হৈ উমৈহতীয়া পাণ্ডুলিপিৰ ঐতিহ্য আৰু সহযোগিতাৰ বিভিন্ন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।
এই অধিৱেশন ২০২৬ চনৰ ২০ৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত প্ৰথম এছচিঅ’ সভ্যতা সংলাপ মঞ্চৰ অংশ আছিল। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মঞ্চৰ উদ্বোধন কৰে।
শ্ৰী ইন্দৰজিৎ সিং, মুখ্য কাৰ্যবাহী বিষয়া (জ্ঞান ভাৰতম) তথা সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিবে এছচিঅ’ৰ সদস্য দেশসমূহৰ পৰা অহা প্ৰতিনিধিসকলক জ্ঞান ভাৰতম অভিযান আৰু ইয়াৰ কাৰ্যকৰী কাৰ্যকলাপসমূহৰ বিষয়ে অৱগত কৰে। এই অভিযানত এছচিঅ’ৰ সদস্য দেশসমূহৰ অংশগ্ৰহণৰ বাবে পাঁচটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত আলোকপাত কৰা হয়। সেইবোৰ হ’ল— পাণ্ডুলিপিৰ জৰীপ আৰু তালিকাভুক্তকৰণ; সংৰক্ষণ আৰু দক্ষতা বিকাশ; প্ৰযুক্তি আৰু ডিজিটেলকৰণ; ভাষাতত্ত্ব আৰু অনুবাদ; তথা গৱেষণা, প্ৰকাশন আৰু প্ৰচাৰ।
তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু ইয়াৰ সৈতে সংহত বিভিন্ন সুবিধা, যেনে— জ্ঞান-মিত্ৰম এ আই (AI), পাণ্ডুলিপি দৰ্পণ আৰু ভাৰতীয় জিপিটি ( GPT)-ৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। লগতে ৰাষ্ট্ৰীয় পাণ্ডুলিপি জৰীপৰ জৰিয়তে ১.২৬ কোটিৰো অধিক পাণ্ডুলিপিৰ তথ্য লাভ কৰাটো এক উল্লেখযোগ্য সাফল্য হিচাপে দাঙি ধৰে।
অভিযানটোৰ সহযোগিতামূলক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “জ্ঞান ভাৰতম অভিযানৰ বাবে এয়া এক দায়িত্বৰ লগতে একেলগে কাম কৰাৰ বাবেও এক আমন্ত্ৰণ।” তেওঁ এছচিঅ’ অঞ্চলজুৰি ভাৰতীয় লিপিসমূহৰ গুৰুত্ব আৰু বিশ্বজনীন সংলাপৰ প্ৰসাৰ তথা জ্ঞানৰ এক বিশ্বজনীন ডিজিটেল ভাণ্ডাৰ গঢ়ি তোলাৰ ক্ষেত্ৰত পাণ্ডুলিপিসমূহৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।
সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত জ্ঞান ভাৰতমৰ প্ৰকল্প সঞ্চালক অধ্যাপক অনিৰ্বাণ দাশে অধিৱেশনখনৰ আঁত ধৰে আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে ভাষাই আমাৰ চিন্তাধাৰাক প্ৰকাশৰ মাধ্যম প্ৰদান কৰে, ভাষা আৰু সাহিত্যে সেই চিন্তাধাৰাসমূহ সংৰক্ষণ কৰে আৰু এই পাণ্ডুলিপিসমূহে সময় আৰু স্থানৰ সীমা অতিক্ৰম কৰি জ্ঞান আৰু প্ৰজ্ঞা বহন কৰে।
তেওঁ লগতে প্ৰকাশ কৰে যে কেনেদৰে পৰ্বত আৰু সাগৰ অতিক্ৰম কৰি জ্ঞানৰ আদান-প্ৰদান হৈছিল, অনুবাদ আৰু অভিযোজনৰ মাজেৰে ই বিভিন্ন ৰূপ লাভ কৰিছিল আৰু অৱশেষত বিভিন্ন সমাজৰ বৌদ্ধিক জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল।
ইয়াৰ পিছতে অধিৱেশনখনত চাৰিটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ আলোচনা আৰম্ভ হয়। বিষয়কেইটা আছিল," বহু ভাষা, বহু লিপি: ভাৰতৰ ভাষিক আৰু লিপিগত ঐতিহ্য তথা এছিয়াৰ ভাষাসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ।
গতিশীল সাহিত্য: সমগ্ৰ এছিয়াজুৰি ভাৰতীয় গ্ৰন্থসমূহৰ প্ৰচাৰ, অনুবাদ আৰু স্থানীয়কৰণৰ পৰম্পৰা।
সীমান্তৰ পৰিধি অতিক্ৰম কৰা পাণ্ডুলিপি: ভাৰতৰ পাণ্ডুলিপিৰ ঐতিহ্যৰ বিশ্বজুৰি উপস্থিতি আৰু বিভিন্ন স্থানত ইয়াৰ বিস্তাৰ।
বিচ্ছিন্ন হৈ পৰা জ্ঞানৰ পুনৰ সংযোগ: জ্ঞান ভাৰতম অভিযান আৰু পাণ্ডুলিপিৰ ঐতিহ্যৰ ডিজিটেল ভৱিষ্যৎ।"
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এছ এছ আই এছ (SSIS)-ৰ অধ্যাপক অধ্যাপক ৰজনীশ কুমাৰ মিশ্ৰই ভাৰতৰ সমৃদ্ধ ভাষিক আৰু লিপিগত ঐতিহ্য তথা এছিয়াৰ ভাষাসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ আমাৰ মহান ঋষি-মুনিসকলৰ যোগাযোগ আৰু লেখাৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ বিয়পি পৰা বিভিন্ন ধৰণৰ চিন্তাধাৰা, ধাৰণা আৰু প্ৰকাশভংগীৰ বিষয়ে আলোচনা কৰে। তেওঁ উল্লেখ কৰে যে ৰেচম পথ (Silk Route)-ৰ জৰিয়তেও ভাৰতীয় সংস্কৃতি সাগৰ অতিক্ৰম কৰি বিভিন্ন অঞ্চললৈ বিস্তাৰিত হৈছিল।
তেওঁ শংকৰাচাৰ্য, ৰামশেখৰ, আচাৰ্য অভিনৱগুপ্ত আদিৰ দৰে পণ্ডিতসকলৰ বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক পাণ্ডুলিপিৰ পৰম্পৰা আৰু ইয়াৰ বিভিন্ন পাঠভেদৰ বিষয়তো আলোকপাত কৰে।
কলকাতা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক অধ্যাপক কে. কে. মিশ্ৰই ডিজিটেলকৰণৰ প্ৰক্ৰিয়া অধিক সুদৃঢ় কৰা, অধিক সংখ্যক ভাষালৈ অনুবাদ সম্প্ৰসাৰণ কৰা, কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ বহুমুখী ব্যৱহাৰ আৰু ৰাষ্ট্ৰীয় ডিজিটেল ভাণ্ডা (NDR)-ৰ স্থাপনৰ জৰিয়তে বিশ্বজুৰি পাণ্ডুলিপিসমূহৰ সহজলভ্যতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ (BnF), থাইলেণ্ড আৰু ভিয়েটনাম, মংগোলিয়া আৰু ৰাছিয়া, গুগল আৰ্টছ এণ্ড কালচাৰ (Google Arts & Culture)ৰ লগতে দ্বিপাক্ষিক সহযোগিতা আৰু আৰ্কাইভসমূহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ অনুবাদক, তীৰ্থযাত্ৰী আৰু নালন্দাৰ বিষয়েও প্ৰকাশ কৰে।
টিকেডিএল (TKDL) গোটৰ মুৰব্বী ড° বিশ্বজননী জে. সত্তিগেৰীয়ে জ্ঞান ভাৰতম অভিযান আৰু পাণ্ডুলিপিৰ ঐতিহ্যৰ ডিজিটেল ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে। তেওঁ আমাৰ পৰম্পৰাগত জ্ঞানক স্বত্বাধিকাৰ উলংঘন আৰু অনুমতিবিহীন ব্যৱহাৰৰ পৰা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ আমাৰ পৰম্পৰাগত জ্ঞানৰ প্ৰকাশিত স্বৰূপ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (IPR), পেটেণ্ট কোড, তথ্যভাণ্ডাৰত সংৰক্ষিত বিধিবদ্ধ তথ্য-পাতি আৰু তথ্যৰ পুনৰাবৃত্তি তথা অপব্যৱহাৰ ৰোধ কৰাৰ বাবে নিয়ন্ত্ৰিত প্ৰৱেশাধিকাৰৰ বিষয়ে আলোচনা কৰে। এই ক্ষেত্ৰত তেওঁ পৰম্পৰাগত জ্ঞান ডিজিটেল পুথিভঁৰাল (TKDL)-ৰ দৰে ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰে।
আইআইটি বোম্বেৰ অধ্যাপক কে. ৰামা সুব্ৰমনিয়মে পাণ্ডুলিপিৰ গুৰুত্ব আৰু কোনো বিষয়ৰ যথাযথ ব্যাখ্যা কৰাত ইয়াৰ ভূমিকাৰ বিষয়ে আলোচনা কৰে। তেওঁ উল্লেখ কৰে যে পাণ্ডুলিপিয়ে আমাৰ চিন্তাধাৰা, প্ৰকাশভংগী আৰু মানসিকতা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৫০টাতকৈও অধিক বিদেশী ভাষা, যেনে— আৰবী, পাৰ্চী আদি ভাষালৈ অনূদিত হোৱা পঞ্চতন্ত্ৰৰ উদাহৰণ দাঙি ধৰি তেওঁ অনুবাদৰ ক্ষেত্ৰত পক্ষপাতদুষ্ট ব্যাখ্যা পৰিহাৰ কৰি মূল বিষয়বস্তুৰ যথাৰ্থতা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ মন্তব্য কৰে যে সময়ৰ লগে লগে জ্ঞানৰ অৱক্ষয় হোৱাটো স্বাভাৱিক আৰু সেয়েহে ইয়াক সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। শ শ বছৰ ধৰি সংৰক্ষিত হৈ থকা এটা পাণ্ডুলিপি কেৱল ইয়াৰ বিষয়বস্তুৰ বাবেই মূল্যৱান নহয়, বৰঞ্চ ই কঢ়িয়াই অনা সময়ৰ যাত্ৰা আৰু পৰম্পৰাৰ বাবেও অমূল্য সম্পদ হিচাপে বিবেচিত হয়।
ইৰান, কিৰ্গিস্তান, পাকিস্তান, কম্বোডিয়া, উজবেকিস্তান, লাওছ আৰু নেপালকে ধৰি এছচিঅ’ৰ কেইবাখনো সদস্য দেশৰ প্ৰতিনিধিয়ে আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকে পাণ্ডুলিপি সংৰক্ষণৰ ক্ষেত্ৰত নিজ নিজ দেশৰ প্ৰচেষ্টা আৰু পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে আৰু পাণ্ডুলিপি সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ জ্ঞান ভাৰতম অভিযানৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে।
পাণ্ডুলিপি সংৰক্ষণ, লিপি শিক্ষণ, তুলনামূলক সাহিত্য অধ্যয়ন, গৱেষণা আৰু অনুবাদ, তালিকাভুক্তকৰণ, শৈক্ষিক আদান-প্ৰদান, অনুমোদিত ডিজিটেল প্ৰৱেশাধিকাৰ আৰু যৌথ গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰে অধিৱেশনখনৰ সামৰণি পৰে। ইয়াৰ জৰিয়তে এছচিঅ’ অঞ্চলজুৰি সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া ঐতিহ্য আৰু জ্ঞানৰ পৰম্পৰাৰ ভূমিকাক পুনৰ দৃঢ়তাৰে প্ৰতিষ্ঠা কৰা হয়।

M Annadurai/SD