পোষ্ট কৰা হৈছে:
23 NOV 2026 1:05PM by PIB Guwahati
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতি (এছচি-এনবিডব্লিউএল)-ৰ ৯২সংখ্যক বৈঠকত অধ্যক্ষতা কৰে।
নীতি-নিৰ্ধাৰণৰ কাৰ্যসূচীৰ অংশ হিচাপে স্থায়ী সমিতিয়ে ‘বাসস্থানৰ সংযোগ, বন্যপ্ৰাণীৰ সমৃদ্ধি’ শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা বন্যপ্ৰাণী সপ্তাহ ২০২৬ৰ প্ৰতিবেদন বিবেচনা কৰে। মন্ত্ৰীগৰাকীয়ে বন্যপ্ৰাণী সপ্তাহ ২০২৬ৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত বক্সাত বাঘৰ পুনৰ সংস্থাপন, ৰাজস্থানত ভাৰতীয় বৰটোকোলা (Great Indian Bustard) মুকলি কৰি দিয়া আৰু প্ৰজেক্ট চিতাৰ সম্প্ৰসাৰণ ঘটাই তৃতীয়টো স্থানলৈ সম্প্ৰসাৰিত কৰাৰ দৰে পদক্ষেপসমূহো অন্যতম। এই পদক্ষেপসমূহে ক্ষেত্ৰ পৰ্যায়ত বিজ্ঞানভিত্তিক সংৰক্ষণৰ বাস্তৱসন্মত ফলাফল লাভৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।
ইয়াৰ উপৰি, শ্ৰী যাদৱে বন্যপ্ৰাণী সপ্তাহৰ সময়ছোৱাত নিৰ্বাচিত বঁটাপ্ৰাপকসকলক অভিনন্দন জনায় আৰু ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখৰ শাৰীত কৰ্মৰত কৰ্মচাৰী আৰু স্থানীয় সম্প্ৰদায়সমূহেই যে মূল চালিকাশক্তি, সেই কথা উল্লেখ কৰে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁলোকক সম্বৰ্ধনা জনায়।
- সন্মুখৰ শাৰীৰ কৰ্মচাৰী – সুৰক্ষা আৰু চোৰাং চিকাৰ প্ৰতিৰোধ: প্ৰয়াত বানত নৱীন (তেলেংগানা), শ্ৰী হুকাই এইচ ঝিমো (নাগালেণ্ড) আৰু তিৰু ভি কুমাৰেছন (তামিলনাডু)।
- সন্মুখৰ শাৰীৰ কৰ্মচাৰী – বন্যপ্ৰাণী নিৰীক্ষণ আৰু বিশেষ দক্ষতা: শ্ৰী উমেশ ভাৰত কালছাৰ্পে (মহাৰাষ্ট্ৰ), শ্ৰী অশ্বিনসিংহ কিৰিতসিংহ জাডেজা (গুজৰাট) আৰু বাহৰাইচ মানৱ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনা গোট (উত্তৰ প্ৰদেশ)।
- সামূহিক সংৰক্ষণ বঁটা: তিমি-হাংগৰ সংৰক্ষণৰ বাবে গুজৰাটৰ মাংগ্ৰোলৰ শ্ৰী মহাবীৰ মচ্ছিমাৰ সহকাৰী মণ্ডলী লিমিটেড আৰু তামিলনাডুৰ ছিৰুমালাই পাহাৰৰ পন্নুৰুৱি পৰ্যটন ব্যৱস্থাপনা সমিতি।
অসমৰ নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলকো সংৰক্ষণ নিশ্চিতকৃত ব্যাঘ্ৰ মান ( চি এ। টি এছ)ৰ অধীনত স্বীকৃতি প্ৰদান কৰা হয়।
স্থায়ী সমিতিৰ ৯২সংখ্যক বৈঠকৰ বিষয়বস্তু আছিল ‘সামুদ্ৰিক সংৰক্ষণ’। স্থলজ আৰু সামুদ্ৰিক উভয় প্ৰকাৰৰ বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (ডব্লিউ আই আই)ৰ বিজ্ঞানীসকলে কেইবাটাও বিষয় উপস্থাপন কৰে। সেইসমূহৰ ভিতৰত আছিল—উপকূলীয় আৰু সামুদ্ৰিক সংৰক্ষিত অঞ্চলসমূহৰ ব্যৱস্থাপনাৰ কাৰ্যকাৰিতা মূল্যায়ন (এম ই ই); সমগ্ৰ ভাৰতত সামুদ্ৰিক কাছৰ মূল্যায়ন আৰু নিৰীক্ষণ; ভাৰতত ডুগং আৰু ইয়াৰ বাসস্থানৰ পুনৰুদ্ধাৰৰ অগ্ৰগতি (২০১৬–২০২৬); আৰু বন্যপ্ৰাণীৰ ওপৰত ৰৈখিক আন্তঃগাঁথনিৰ প্ৰভাৱ হ্ৰাস কৰা।
এই উপস্থাপনসমূহত বন্যপ্ৰাণী সংৰক্ষণৰ বৰ্তমানৰ স্থিতি আৰু সাফল্যসমূহ বিশেষকৈ সামুদ্ৰিক সংৰক্ষিত অঞ্চলৰ ব্যৱস্থাপনাৰ কাৰ্যকাৰিতা, সামুদ্ৰিক কাছ আৰু ডুগঙৰ সংৰক্ষণৰ সৈতে জড়িত দিশসমূহত আলোকপাত কৰা হয়। ৰৈখিক আন্তঃগাঁথনিৰ প্ৰভাৱ হ্ৰাস সম্পৰ্কীয় উপস্থাপনত বন্যপ্ৰাণীৰ ওপৰত ইয়াৰ পৰিণতিগত প্ৰভাৱৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মুখামুখি হোৱাৰ লগতে আন্তঃগাঁথনিৰ পৰিকল্পনাকাৰী, নিৰ্মাণকাৰী, পৰিৱেশ পৰামৰ্শদাতা, বন্যপ্ৰাণী ব্যৱস্থাপক, নিয়ন্ত্ৰক, নীতি-নিৰ্ধাৰক আৰু বিশ্লেষককে ধৰি বিভিন্ন অংশীদাৰৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
সামুদ্ৰিক বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি বৈঠকত কেইবাখনো পুস্তিকা উন্মোচন কৰা হয়। এই প্ৰকাশনসমূহত সামুদ্ৰিক জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ প্ৰতিফলিত হৈছে। সেইসমূহ হৈছে—
১. উপকূলীয় আৰু সামুদ্ৰিক সংৰক্ষিত অঞ্চলসমূহৰ ব্যৱস্থাপনাৰ কাৰ্যকাৰিতা মূল্যায়ন (এম ই ই): ২০২৪–২৬ বৰ্ষৰ মূল্যায়নৰ ফলাফলসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ অধীনত ১০৮টা উপকূলীয় আৰু সামুদ্ৰিক সংৰক্ষিত অঞ্চলৰ ব্যৱস্থাপনা মূল্যায়ন কৰা হৈছে। লগতে ব্যৱস্থাপনাৰ সফলতা, উত্তম পদ্ধতি আৰু সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অগ্ৰাধিকাৰ দিবলগীয়া ক্ষেত্ৰসমূহো উল্লেখ কৰা হৈছে।
২. সমগ্ৰ ভাৰতত সামুদ্ৰিক কাছৰ মূল্যায়ন আৰু নিৰীক্ষণ: মন্ত্ৰ্যালয়ৰ বন্যপ্ৰাণীৰ বাসস্থান উন্নয়ন আঁচনিৰ অধীনত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে (ডব্লিউ আই আই) সম্পন্ন কৰা এই মূল্যায়নত ২০২২–২৫ বৰ্ষৰ তিনিটা প্ৰজনন ঋতুক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত প্ৰায় ১,৩০০ কিলোমিটাৰ এলেকাৰ উপকূল আৰু ৩৬০টা সমুদ্ৰতীৰৰ বিস্তৃত অঞ্চলৰ অধ্যয়ন কৰা হৈছে। ইয়াৰ জৰিয়তে সামুদ্ৰিক কাছৰ চাৰিটা প্ৰজাতিৰ কণী পৰা আৰু প্ৰজননৰ স্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে।
৩. ভাৰতত ডুগং আৰু ইয়াৰ বাসস্থানৰ পুনৰুদ্ধাৰৰ অগ্ৰগতি (২০১৬–২০২৬): ‘কেম্পা’ৰ পুঁজিৰে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰূপায়ণ কৰা কাৰ্যসূচীৰ অধীনত বিগত এটা দশকত গ্ৰহণ কৰা সংৰক্ষণমূলক পদক্ষেপসমূহ এই প্ৰকাশনত নথিভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত তামিলনাডুত ড্ৰোনৰ সহায়ত প্ৰথমবাৰৰ বাবে কৰা ডুগঙৰ সংখ্যাৰ অনুমান (২৭০ ± ১৬), ছী-গ্ৰাছৰ বাসস্থান চিনাক্তকৰণ আৰু পাক(Palk) উপসাগৰত ভাৰতৰ প্ৰথমটো ডুগং সংৰক্ষণ সংৰক্ষিত অঞ্চল ঘোষণা কৰাৰ বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।
৪. ভাৰতত আৰৱ সাগৰৰ হাম্পবেক তিমিৰ স্থিতি: ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ২০২২–২৫ বৰ্ষৰ মূল্যায়নৰ ফলাফল এই প্ৰকাশনত দাঙি ধৰা হৈছে। ইয়াত তিমি দেখাৰ সম্ভাৱনা থকা সাতটা গুৰুত্বপূৰ্ণ স্থান চিনাক্ত কৰাৰ লগতে বিশেষকৈ মাছ ধৰা জালত মেৰ খাই পৰাৰ ফলত সৃষ্টি হোৱা বিপদকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰা হৈছে। ভৱিষ্যতৰ সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত এই তথ্যসমূহ সহায়ক হ'ব।
৫. সামুদ্ৰিক কাছ সম্পৰ্কীয় জ্ঞানভিত্তিক প্ৰকাশন: সামুদ্ৰিক কাছ কাৰ্য পৰিকল্পনা (২০২১–২০২৬)ৰ অধীনত প্ৰস্তুত কৰা তিনিখন প্ৰকাশন—‘সামুদ্ৰিক কাছৰ চিহ্নিতকৰণৰ কাৰিকৰী পদ্ধতি’, ‘ভাৰতীয় জলভাগত সামুদ্ৰিক কাছৰ গতিবিধি অনুসৰণ’ আৰু ‘ভাৰতৰ সামুদ্ৰিক কাছ’ উন্মোচন কৰা হয়। এই প্ৰকাশনসমূহে সামুদ্ৰিক কাছৰ নিৰীক্ষণ, গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বৈজ্ঞানিক নিৰ্দেশনা প্ৰদান কৰিব।
ইয়াৰ উপৰি, মন্ত্ৰীগৰাকীয়ে সৰু মেকুৰীজাতীয় বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ‘সৰু মেকুৰীজাতীয় বন্যপ্ৰাণীৰ ক্ষেত্ৰ-পৰ্যায়ৰ হাতপুথি’ উন্মোচন কৰে। এই হাতপুথিখনত ভাৰতত পোৱা সৰু মেকুৰীজাতীয় বন্যপ্ৰাণীৰ নটা প্ৰজাতিৰ বিষয়ে সামৰি লোৱাৰ লগতে প্ৰজাতি চিনাক্তকৰণ, ক্ষেত্ৰভিত্তিক জৰীপ আৰু নিৰীক্ষণৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰ আৰু গোলকীয় পৰিৱেশ সুবিধা (জি ই এফ)ৰ অধীনত ৰূপায়ণ কৰা সৰু মেকুৰীজাতীয় বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্পৰ অধীনত এই হাতপুথিখন প্ৰস্তুত কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান চৰকাৰৰ সহযোগত আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউ এন ডি পি) তথা গ্ল’বেল টাইগাৰ ফ’ৰামৰ সমৰ্থনত এই প্ৰকল্প ৰূপায়ণ কৰিছে।
স্থায়ী সমিতিয়ে লগতে সমগ্ৰ দেশৰ ১৩৩টা প্ৰস্তাৱ বিবেচনা কৰে। এই প্ৰস্তাৱসমূহৰ ভিতৰত পথ নিৰ্মাণ, প্ৰতিৰক্ষা আন্তঃগাঁথনি, খোৱাপানীৰ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় উন্নয়নমূলক কাম-কাজৰ সৈতে জড়িত প্ৰস্তাৱসমূহ অন্তৰ্ভুক্ত হৈছে, যিবোৰৰ বাবে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ বিধান অনুসৰি বন্যপ্ৰাণী সম্পৰ্কীয় অনুমোদনৰ প্ৰয়োজন।
প্ৰস্তাৱসমূহৰ পৰিৱেশগত প্ৰভাৱ, জনকল্যাণ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব তথা বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থান সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰশমনমূলক ব্যৱস্থাৰ পৰ্যাপ্ত স্থিতিৰ ভিত্তিত মূল্যায়ন কৰা হয়। একে সময়তে সেউজ বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ দিশটোও বিবেচনাৰ অধীনলৈ অনা হয়।

*****
VM/UD