মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাশী তামিল সংগমম ৫.০-ৰ পূৰ্বে ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু ভজন সন্ধিয়া

পোষ্ট কৰা হৈছে: 22 NOV 2026 7:49PM by PIB Guwahati

কাশী তামিল সংগমম ৫.০-ৰ পূৰ্বে আজি এক ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হৰিশ্চন্দ্ৰ ঘাটৰ ওচৰৰ ঐতিহাসিক কামকোটেশ্বৰ মন্দিৰ দৰ্শন কৰি মন্দিৰটোৰ সুকীয়া স্থাপত্য বৈশিষ্ট্য আৰু সূক্ষ্ম বিৱৰণসমূহ কেমেৰাত বন্দী কৰাৰ লগতে ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ  বুজ লয়।

কাঞ্চী কামকোটি পীঠমৰ সৈতে জড়িত কামকোটেশ্বৰ মন্দিৰ ইয়াৰ সুকীয়া ভাৰতীয় স্থাপত্য পৰম্পৰা আৰু আধ্যাত্মিক তাৎপৰ্যৰ বাবে জনাজাত।শিৱ পঞ্চায়তনৰ অন্তৰ্গত দেৱ-দেৱীসকলৰ মূৰ্তিসমূহ পৰম্পৰাগত স্থাপত্যশাস্ত্ৰৰ নীতি অনুসৰি প্ৰতিষ্ঠা কৰা হৈছে।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এগৰাকী ছাত্ৰী খুশী যাদৱে মন্দিৰটোৰ স্থাপত্যক আকৰ্ষণীয় বুলি বৰ্ণনা কৰে। তেওঁ কয় যে ইয়াৰ ইতিহাস আৰু সুকীয়া বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ পোৱাটো এটা সমৃদ্ধ অভিজ্ঞতা । কাশী আৰু তামিলনাডুৰ সাংস্কৃতিক মিলন অনুভৱ কৰি ৰাজ্যদুখনৰ উমৈহতীয়া পৰম্পৰাৰ বিষয়ে অধিক জানিবলৈ পোৱাৰ সুযোগ সন্দৰ্ভত তেওঁ উৎসাহ প্ৰকাশ কৰে।

আজি সন্ধিয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয় চৌহদৰ বিশ্বনাথ মন্দিৰত এটা ভজন সন্ধিয়াও আয়োজন কৰা হয়। বহু সংখ্যক ভক্ত আৰু ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকক কাশী তামিল সংগমমৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ লগতে কাশী তথা তামিলনাডুৰ উমৈহতীয়া সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়া হয়।

মূল অনুষ্ঠানৰ পূৰ্বৰ কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক কাশীৰ পৰম্পৰা, মন্দিৰ স্থাপত্য আৰু আধ্যাত্মিক ঐতিহ্যৰ সৈতে পৰিচিত কৰোৱাৰ উপৰি উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰা। কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণ ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ আয়োজন কৰা হ'ব।

******

RRTN/DD


(ৰিলিজ আই ডি : 2340135) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati