পোষ্ট কৰা হৈছে:
22 NOV 2026 10:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ কোটাত সংঘটিত এটা দুৰ্ঘটনাত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে প্ৰাণহানি হোৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা প্ৰাণহানি হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
এক্সত প্ৰধানমন্ত্ৰীয়ে এইদৰে পোষ্ট কৰিছে;
ৰাজস্থানৰ কোটাত সংঘটিত এটা শোকাৱহ দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ খবৰ পাই দুখ পাইছো। দুখৰ এই সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক।
প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi
***
MJPS/SS/VJ/MK