পোষ্ট কৰা হৈছে:
20 NOV 2026 6:31PM by PIB Guwahati
সময়োচিত আৰ্থিক সাহায্য আৰু প্ৰতিষ্ঠানিক সহায় লাভ কৰা কাৰ্য্যই অনুসূচিত জাতি সমাজৰ মহিলাসকলৰ মাজত উদ্যমিতাক সুদৃঢ়কৰণত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ক্ষুদ্ৰ ব্যৱসায়ৰ গৰাকী সকলক তেওঁলোকৰ কাৰ্য্যকলাপৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন আৰু উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম কৰি তুলি এনে আৰ্থিক সাহায্যই বহনক্ষম জীৱিকা, অৰ্থনৈতিক স্বাধীনতা আৰু সৰ্বাংগীন বিকাশত অৰিহণা যোগায়।
উদ্যোগ আৰু দৃঢ়তাৰ এটি যাত্ৰা
তামিলনাডুৰ চেলেম জিলাৰ অনুসূচিত জাতি সমাজৰ অন্তৰ্গত ৫৫-বছৰীয়া মহিলা উদ্যোগী লক্ষ্মী দেৱীয়ে (নাম সলনি কৰা হৈছে) নিজৰ পেপাৰ বেগ প্ৰস্তুত উদ্যোগ গঢ়ি তোলা আৰু ইয়াক বৰ্তাই ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য দৃঢ়তা প্ৰদৰ্শন কৰিছে।
কৃষি পটভূমিৰ তেওঁ পেপাৰ বেগ প্ৰস্তুতৰ কাম আৰম্ভ কৰিছিল আৰু দহ বছৰৰো অধিক সময় ধৰি নিজৰ ইউনিটটো সফলতাৰে চলাই আহিছে। নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে তেওঁ স্থানীয় বজাৰত ইয়াৰ উপলব্ধতা নিশ্চিত কৰিছিল। চেলেম আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ গ্ৰাহক আৰু ব্যৱসায়ীসকলক পেপাৰ বেগ যোগান ধৰিছিল।
অভিজ্ঞতা আৰু দায়বদ্ধতাৰ মাজতো সীমিত আৰ্থিক সম্পদে তেওঁৰ উদ্যোগটোৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল। অপৰ্য্যাপ্ত উৎপাদন আন্তঃগাঁথনি আৰু সীমিত উৎপাদন ক্ষমতাই বজাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ আৰু উপাৰ্জন বৃদ্ধি কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাইছিল। তেওঁৰ মাহিলী আয় প্ৰায় ১৫,০০০ টকা হৈয়েই থাকিছিল। এনে সীমিত পৰিমাণৰ আয়ে তেওঁৰ ব্যৱসায়টোক সম্প্ৰসাৰিত কৰিবলৈ অতিৰিক্ত আৰ্থিক সহায়ৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তুলিছিল।
ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আৰ্থিক সাহায্য
নিজৰ উদ্যোগটো সম্প্ৰসাৰণৰ সুযোগ গ্ৰহণ কৰি শ্ৰীমতী লক্ষ্মী দেৱীয়ে নিজৰ উৎপাদন আন্তঃগাঁথনি উন্নত কৰাৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আৰ্থিক সাহায্যৰ অৰ্থে এদিন বেংকৰ কাষ চাপিছিল।
২০২৩-ৰ ১১ অক্টোবৰত তেওঁক এমএছএমই ঋণ আঁচনিৰ অধীনত ৪ লাখ টকাৰ লোনত অনুমোদন জনোৱা হৈছিল। এই সাহায্য ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগমৰ (NSFDC) সৈতে সংযুক্ত হৈছিল।
তেওঁ উক্ত আৰ্থিক সাহায্য ৰাশিৰ যথোপযুক্ত ব্যৱহাৰ কৰি পেপাৰ বেগ প্ৰস্তুত ইউনিটটো সম্প্ৰসাৰিত কৰিছিল, ইয়াৰ কাৰ্য্যকৰী ক্ষমতা বৃদ্ধি কৰিছিল আৰু ব্যৱহাৰৰ বাবে সাজু পণ্যৰ উপলব্ধতা বৃদ্ধি কৰিছিল।

এনে মধ্যৱৰ্তিতাৰ ফলশ্ৰুতিত তেওঁ চেলেম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত পেপাৰ বেগৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী উভয়ৰে সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ৰূপায়ণ কৰা বিশ্বাস আঁচনিৰ (VISVAS scheme) অধীনতো তেওঁ সহায় লাভ কৰিছে বুলি জানিবলৈ দিয়ে।
আয় আৰু অৰ্থনৈতিক স্বাধীনতা বৃদ্ধি
এই আৰ্থিক সাহায্যই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিমাপযোগ্য অগ্ৰগতি সাধন কৰিলে। উৎপাদন ক্ষমতা বৃদ্ধি আৰু বজাৰত প্ৰৱেশৰ অগ্ৰগতি সাধনৰ লগে-লগে তেওঁৰ মাহিলী আয় প্ৰায় ১৫,০০০ টকাৰ পৰা ২০,০০০ টকালৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁৰ প্ৰতিমাহে পূৰ্বতকৈ ৫,০০০ টকা অতিৰিক্ত উপাৰ্জন হ’বলৈ ধৰিলে।
এনেকৈ মাহিলী আয় ৩৩.৩% বৃদ্ধিয়ে ক্ষুদ্ৰ মহিলা উদ্যোগীসকলক সহায় কৰাত প্ৰয়োজন-ভিত্তিক ঋণ সাহায্যৰ ইতিবাচক প্ৰভাৱকে প্ৰতিফলিত কৰিছে।
উপাৰ্জন বৃদ্ধিৰ বাহিৰেও এনে মধ্যৱৰ্তিতাই তেওঁৰ উদ্যোগ পৰিচালনা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত আত্মবিশ্বাস গভীৰ কৰি তুলিছিল। উৎপাদন বৃদ্ধি আৰু বজাৰত অধিক অংশগ্ৰহণে স্থায়ী ব্যৱসায়িক কাৰ্য্যকলাপ আৰু আৰ্থিক আত্মনিৰ্ভৰতাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰাত সহায় কৰিছে।
অন্তৰ্ভুক্ত আৰু বহনক্ষম উদ্যমিতাক প্ৰসাৰিতকৰণ
শ্ৰীমতী লক্ষ্মী দেৱীৰ এই যাত্ৰাই দেখুৱাইছে যে কেনেকৈ সুলভ প্ৰতিষ্ঠানিক ঋণে অভিজ্ঞ মহিলা উদ্যোগীসকলক আৰ্থিক বাধাসমূহ অতিক্ৰম কৰাত আৰু তেওঁলোকৰ উদ্যোগসমূহৰ বিকাশৰ সম্ভাৱনাক বাস্তৱায়িত কৰাত সহায় কৰিব পাৰে।
তেওঁৰ এনে অভিজ্ঞতাই অনুসূচিত জাতি সমাজৰ মাজত উদ্যমিতাৰ প্ৰসাৰ, জীৱিকাৰ বৰ্ধন আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধিৰ ক্ষেত্ৰত এনএছএফডিচি-ৰ জৰিয়তে আগবঢ়োৱা আৰ্থিক সাহায্যৰ গুৰুত্বৰ ওপৰতে আলোকপাত কৰিছে।
ক্ষুদ্ৰ আৰু লঘু উদ্যোগ সমূহৰ সম্প্ৰসাৰণ কাৰ্য্যত সহায় কৰি এনে পদক্ষেপে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ, আত্মনিৰ্ভৰতা আৰু সৰ্বাংগীন অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।
সফলতাৰ কাহিনীটোত হিতাধিকাৰী গৰাকীৰ নাম সলনি কৰা হৈছে আৰু ইয়াত কোনো ব্যক্তিগত যোগাযোগৰ তথ্য নাই।
গ্ৰাফিক্সখনতো হিতাধিকাৰীগৰাকীৰ পৰিচয় সুৰক্ষিত কৰিবলৈ পিছফালৰ পৰা দেখুওৱা মেনুফেকচাৰিং-ইউনিটৰ ফটোখনৰ লগতে মূল ঋণ আৰু আয়ৰ পৰিসংখ্যা অন্তৰ্ভুক্ত কৰা হৈছে।
***
SS-192-TAR/KV/GA/RK/SB