সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনআইএছডি-এ ড্ৰাগছ ডি-এডিকচন, কাউন্সেলিং দক্ষতা, চিকিৎসা আৰু পুনৰ্বাসন বিষয়ক তিনি-মহীয়া চাৰ্টিফিকেট ক’ৰ্চৰ প্ৰথম বেটচ (২০২৬–২৭) সফলতাৰে সম্পন্ন কৰিলে

৫১ জন অংশগ্ৰহণকাৰীয়ে শ্ৰেণীকোঠাৰ শিক্ষণ আৰু ব্যৱহাৰিক ক্ষেত্ৰ ভ্ৰমণেৰে প্ৰশিক্ষণ কাৰ্য্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে

পোষ্ট কৰা হৈছে: 20 NOV 2026 7:20PM by PIB Guwahati

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ নেচনেল ইনষ্টিটিউট অৱ ছ’চিয়েল ডিফেন্সৰ (NISD) অধীনস্থ নেচনেল চেন্টাৰ ফৰ ড্ৰাগছ এবিউজ প্ৰিভেনচনে (NCDAP) ২০২৬–২৭ শিক্ষাবৰ্ষৰ ড্ৰাগছ ডি-এডিকচন, কাউন্সেলিং দক্ষতা, চিকিৎসা আৰু পুনৰ্বাসন বিষয়ক তিনি-মহীয়া চাৰ্টিফিকেট ক’ৰ্চৰ প্ৰথম বেটচ সফলতাৰে সম্পন্ন কৰিলে।

ইয়াত মুঠ ৫১ জন অংশগ্ৰহণকাৰীয়ে শ্ৰেণীকোঠাৰ শিক্ষণ আৰু ব্যৱহাৰিক ক্ষেত্ৰ ভ্ৰমণেৰে প্ৰশিক্ষণ কাৰ্য্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে।

এই সন্দৰ্ভত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে ২০২৬-ৰ আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা এই পাঠ্যক্ৰম অংশগ্ৰহণকাৰীসকলক ড্ৰাগছ ডি-এডিকচন, কাউন্সেলিং দক্ষতা, চিকিৎসা আৰু পুনৰ্বাসন বিষয়ত অত্যাৱশ্যকীয় জ্ঞান, ব্যৱহাৰিক দক্ষতা আৰু পেছাদাৰী দক্ষতাৰে সমৃদ্ধ কৰিবলৈ তথা মাদক দ্ৰব্য সেৱনৰ বিকাৰ প্ৰতিৰোধ আৰু চিকিৎসাত অৰিহণা যোগোৱাৰ ক্ষমতা শক্তিশালী কৰিবলৈ ডিজাইন কৰা হৈছে।

তেওঁ কয় যে এই কাৰ্য্যক্ৰমে এনআইএছডি-ত দুমহীয়া ইনটেনছিভ থিঅ’ৰিটিকেল ক্লাছৰুম ছেচনক সামৰি হৈছিল। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), দিল্লী বিশ্ববিদ্যালয় আৰু আন-আন প্ৰখ্যাত শিক্ষানুষ্ঠানৰ বিশিষ্ট বিষয় বিশেষজ্ঞসকলে এয়া সম্পন্ন কৰিছিল।

এই শ্ৰেণীকোঠা-ভিত্তিক শৈক্ষিক কাৰ্য্যক্ৰমৰ পৰিপূৰক হিচাপে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় একচন প্লেনৰ (NAPDDR) অধীনত কাম কৰা ৰাষ্ট্ৰীয় ড্ৰাগছ নিৰ্ভৰশীলতা চিকিৎসা কেন্দ্ৰ (NDDTC), এইমছ আৰু নিচা-মুক্তি কেন্দ্ৰসমূহত পাঁচ সপ্তাহজোৰা ব্যৱহাৰিক ক্ষেত্ৰ ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে জনায়।

 

বিষয়াগৰাকীয়ে কয় যে ২০২৬-ৰ ১৭ নৱেম্বৰত এই পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ২০২৬-ৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ এনআইএছডি-ত বিদায়ী অধিৱেশন আৰু প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত পদক্ষেপৰ জৰিয়তে এনআইএছডি-এ মাদক দ্ৰব্য সেৱনৰ বিকাৰৰ প্ৰতি ৰাষ্ট্ৰীয় সঁহাৰিৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে অৰিহণা যোগাবলৈ সজ্জিত প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষ পেছাদাৰীৰ এটা পুল গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে বুলি তেওঁ কয়।

বিষয়াগৰাকীয়ে উল্লেখ কৰে যে এই কাৰ্য্যক্ৰমে সমগ্ৰ দেশতে গুণমান-বিশিষ্ট ডি-এডিকচন, কাউন্সেলিং, চিকিৎসা আৰু পুনৰ্বাসন সেৱাৰ উপলব্ধতা তথা প্ৰদান কাৰ্য্য ব্যাপক কৰি তুলিব বিচাৰিছে। ইয়ালৈ চৰকাৰে এখনি ড্ৰাগছ-মুক্ত সমাজ গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিয়ে সমৰ্থন আগবঢ়াব।

এনআইএছডি-ৰ সঞ্চালক শ্ৰী গৌৰৱ সিং ৰাজাৱটে সফল অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

***

PR-238-TAR/KV/GA/RK/SB


(ৰিলিজ আই ডি : 2339857) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी