পোষ্ট কৰা হৈছে:
20 NOV 2026 8:12PM by PIB Guwahati
নতুন দিল্লীৰ পুৰানা কিলাত অনুষ্ঠিতব্য প্ৰথম চাংহাই সহযোগিতা সংস্থা (SCO) চিভিলাইজেচনেল ডায়লগ ফৰাম উপলক্ষে ২০২৬-ৰ ২১-২২ নৱেম্বৰত নতুন দিল্লীস্থিত নেচনেল জুলজিকেল পাৰ্ক দৰ্শনাৰ্থী সকলৰ বাবে বন্ধ থাকিব।
এই আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যসূচীৰ সৈতে জড়িত ব্যৱস্থা আৰু নিৰাপত্তা-সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি অস্থায়ীভাৱে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে।
উক্ত সময়ছোৱাত নেচনেল জুলজিকেল পাৰ্কত পশুৰ যতন, খাদ্য যোগান, পশু চিকিৎসা প্ৰদান, কল্যাণ আৰু দৈনন্দিন ব্যৱস্থাপনা সম্পৰ্কীয় সকলো অত্যাৱশ্যকীয় কাম-কাজ পূৰ্বৰ দৰেই অব্যাহত থাকিব। ইয়াৰ জৰিয়তে চিৰিয়াখানাৰ জীৱ-জন্তুৰ মংগলৰ ওপৰত কোনো প্ৰভাৱ নপৰাটো নিশ্চিত হ’ব।
দৰ্শনাৰ্থীসকলক এই অস্থায়ী বন্ধৰ কথা লক্ষ্য ৰাখি সেই অনুযায়ী ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনোৱা হৈছে। নেচনেল জুলজিকেল পাৰ্কে এনে যিকোনো অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰি আৰু এনে পৰিস্থিতিত দৰ্শনাৰ্থীসকলৰ সহযোগিতা তথা বুজাবুজিৰ শলাগ লৈ আহিছে।
*****
VM/SK/SB