পোষ্ট কৰা হৈছে:
20 NOV 2026 8:14PM by PIB Guwahati
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অব্যাহত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF), ২০২৬-ত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পেভিলিয়নে দৰ্শনাৰ্থী সকলৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। ইয়াত বিক্ৰীৰ পৰিমাণ ২০২৬-ৰ ১৯ নৱেম্বৰলৈকে ৬০.৭৮ লাখ টকাৰো অধিক হৈছে।

বিক্ৰীৰ ক্ষেত্ৰত এনে অবিৰত বৃদ্ধিয়ে সমগ্ৰ দেশতে ভাৰতৰ পৰম্পৰাগত কাৰুকাৰ্য্য, থলুৱা সামগ্ৰী, ভিন্ন সমাজৰ শিল্পী সকলৰ উদ্যোগী প্ৰতিভা আৰু বহনক্ষম জীৱিকা সৃষ্টিৰ প্ৰতি উপভোক্তা সকলৰ ক্ৰমবৰ্ধমান সঁহাৰিৰ মনোভাৱকে প্ৰতিফলিত কৰিছে।

আইটিপিঅ’-ৰ ভূমি মহলাৰ ৫ নং হলত অৱস্থিত মন্ত্ৰালয়ৰ পেভিলিয়নে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ কলাত্মক পৰম্পৰা, থলুৱা দক্ষতা আৰু উদ্যোগী প্ৰতিভাক প্ৰদৰ্শন কৰা এখনি স্পন্দনশীল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। একে সময়তে পৰম্পৰাগত শিল্পী আৰু উপভোক্তা সকলৰ মাজত প্ৰত্যক্ষ সংযোগৰ সুবিধা প্ৰশস্ত কৰিছে।
মন্ত্ৰালয়ৰ পেভিলিয়নে দৰ্শনাৰ্থীসকলক ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু কলাত্মক ঐতিহ্যৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে। একেদৰে শিল্পী সকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় প্ৰশস্ত কৰিছে আৰু প্ৰামাণিক, থলুৱা তথা হস্তনিৰ্মিত সামগ্ৰী ক্ৰয় কৰি তেওঁলোকৰ অৰ্থনৈতিক সবলীকৰণত অৰিহণা যোগাইছে।

মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ১৯ খন ৰাজ্যৰ ১৩০ জনৰো অধিক শিল্পী-কাৰিকৰে মন্ত্ৰালয়ৰ তিনি এপেক্স কৰ্পৰেচন ক্ৰমে ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম (NSFDC), ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম (NBCFDC) তথা ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগমৰ (NSKFDC) জৰিয়তে অব্যাহত বাণিজ্য মেলাখনিত নিজ-নিজ সামগ্ৰী-সম্ভাৱ থূপাই প্ৰদৰ্শন কৰিছে।

তেওঁ কয় যে মন্ত্ৰালয়ৰ তিনি এপেক্স কৰ্পৰেচনৰ অংশগ্ৰহণ কাৰ্য্যই বজাৰ সংযোগ শক্তিশালী কৰা, উদ্যমিতাক প্ৰসাৰিত কৰা আৰু অনুসূচিত জাতি, পিছপৰা শ্ৰেণী, ছাফাই মিত্ৰ তথা ডি-নটিফাইড, যাযাবৰী আৰু অৰ্ধ-যাযাবৰী জনজাতিৰ (DNT) অন্তৰ্গত শিল্পী আৰু উদ্যোগীসকলৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত অবিৰত প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যত আলোকপাত কৰিছে। এয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰ সৈতে সংগতিপূৰ্ণ।

বিষয়াগৰাকীয়ে কয় যে এই পেভিলিয়নত দেশৰ ভিন্ন অঞ্চলৰ স্বকীয় কলাত্মক পৰিচয় আৰু চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত হস্ততাঁত, সূক্ষ্মভাৱে ডিজাইন কৰা হস্তশিল্প, হস্তনিৰ্মিত গহনা, বস্ত্ৰ, জোতা, হাতেৰে নিৰ্মিত সামগ্ৰী আৰু আন-আন থলুৱা সামগ্ৰীৰ এক বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰা হৈছে।

আইআইটিএফ-ৰ দৰে ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কাৰ্য্যই শিল্পীসকলক পণ্যৰ দৃশ্যমানতা বৃদ্ধি কৰা, উপভোক্তা সকলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰা, উপভোক্তাৰ পছন্দসমূহ বুজি পোৱা, ব্যৱসায়িক নেটৱৰ্ক স্থাপন আৰু নতুন বজাৰৰ সুযোগ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিছে বুলি তেওঁ কয়।

তেওঁ কয় যে আইআইটিএফ, ২০২৬-ত মন্ত্ৰালয়ৰ অংশগ্ৰহণৰ এটা উল্লেখযোগ্য দিশ হৈছে টিউলিপ (TULIP-পৰম্পৰাগত শিল্পীৰ জীৱিকাৰ উত্থান কাৰ্য্যক্ৰম) ৰ প্ৰচাৰ। এই কাৰ্য্যই শিল্পী-কাৰিকৰ সকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বাবে এক সুকীয়া বজাৰ পৰিচয় স্থাপন আৰু উপভোক্তা সকলৰ মাজত ইয়াৰ স্বীকৃতি বৃদ্ধি কৰিব বিচাৰিছে।
টিউলিপ ব্ৰেণ্ডৰ প্ৰচাৰৰ জৰিয়তে মন্ত্ৰালয়ে পৰম্পৰাগত কাৰুকাৰ্য্য আৰু সমসাময়িক বজাৰৰ প্ৰয়োজনীয়তাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ, উদ্ভাৱনক উৎসাহিত কৰিবলৈ, উদ্যমিতা ক্ষমতাক সুদৃঢ় কৰিবলৈ আৰু শিল্পীসকলৰ বাবে বহনক্ষম আয় সৃষ্টিৰ সুযোগ সৃষ্টি কৰিবলৈয়ো বিচৰা হৈছে বুলি তেওঁ লগতে কয়।

২০২৬-ৰ ১৩ নৱেম্বৰত উদ্বোধন কৰা আৰু বৰ্তমানে অব্যাহত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, ২০২৬-এ ভিন্ন পটভূমিৰ উৎপাদক আৰু উপভোক্তা সকলক একত্ৰিত কৰি ব্যৱসায়, বাণিজ্য, উদ্যমিতা আৰু সাংস্কৃতিক বিনিময়ৰ এখনি বিশিষ্ট মঞ্চ প্ৰশস্ত কৰিছে। ২০২৬-ৰ ২৭ নৱেম্বৰত এই বাণিজ্য মেলাৰ পৰিসমাপ্তি ঘটিব।
***
PR-239-TAR/KV/GA/RK/SB