পোষ্ট কৰা হৈছে:
21 NOV 2026 8:44PM by PIB Guwahati
নতুন দিল্লী, ২১ নৱেম্বৰ: নতুন দিল্লীত ২০ৰ পৰা ২২ নৱেম্বৰলৈকে ভাৰতে আয়োজন কৰা প্ৰথমখন ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’)ৰ সভ্যতামূলক আলোচনা মঞ্চৰ দ্বিতীয় দিনা সভ্যতাৰ সাংস্কৃতিক অভিব্যক্তি, কলা আৰু স্থাপত্যৰ ক্ষেত্ৰত উমৈহতীয়া ঐতিহ্য তথা ঐতিহাসিক বাণিজ্যিক সম্পৰ্কৰ বিষয়ে কেইবাখনো আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই সত্ৰসমূহত এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰ আৰু আলোচনাৰ অংশীদাৰ দেশসমূহৰ মন্ত্ৰী, জ্যেষ্ঠ প্ৰতিনিধি, শিক্ষাবিদ, ইতিহাসবিদ আৰু কলা-সংস্কৃতিৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। দিনজোৰা আলোচনাত বিভিন্ন সভ্যতাৰ মাজত সাংস্কৃতিক আদান-প্ৰদান, উমৈহতীয়া শিল্পকলাৰ পৰম্পৰা আৰু ঐতিহাসিক সম্পৰ্কৰ বিভিন্ন দিশ সামৰি লোৱা হয়।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত এই মঞ্চখনৰ উদ্বোধন কৰিছিল। এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰা, উমৈহতীয়া সভ্যতাগত ঐতিহ্যৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধি কৰা তথা সাংস্কৃতিক মতবিনিময়ৰ নতুন সুযোগ সৃষ্টি কৰাই এই মঞ্চৰ মূল উদ্দেশ্য। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আইজিএনচিএ) এই অনুষ্ঠানৰ জ্ঞান সহযোগী হিচাপে জড়িত হৈ আছে।
দ্বিতীয় দিনা ‘সভ্যতামূলক আৰু সাংস্কৃতিক অভিব্যক্তি’ শীৰ্ষক প্ৰথম আৰু দ্বিতীয়খন যুটীয়া সত্ৰত সভাপতিত্ব কৰি কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কয় যে ঐতিহাসিক সম্পৰ্কই বিভিন্ন দেশক পৰস্পৰৰ ওচৰ চপাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে সম্পৰ্কই পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু বন্ধুত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত সাংস্কৃতিক সহযোগিতাৰ অপৰিসীম সম্ভাৱনাকো উজলাই তুলিছে।
তেওঁ কয় যে আজিৰ আলোচনাসমূহৰ আধাৰ হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত উল্লেখ কৰা চিৰন্তন বৈদিক প্ৰাৰ্থনাৰ মূল ভাবনা— “ওম সংগচ্ছধৱম সম্বদধৱম সং ভো মনাংসি জনতাম”। ইয়াৰ অৰ্থ হৈছে— “আহা, আমি একেলগে আগবাঢ়োঁ, একেলগে আলোচনা কৰোঁ আৰু আমাৰ মনৰ মাজত সম্প্ৰীতি গঢ়ি তোলোঁ।“
তেওঁ লগতে কয় যে সভ্যতাসমূহ কেৱল অতীতৰ স্মৃতি বা ঐতিহ্যতে সীমাবদ্ধ নহয়। এইবোৰ একোটা জীৱন্ত পৰম্পৰা, যাৰ জ্ঞানে বৰ্তমানক আলোকিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মকো অনুপ্ৰাণিত কৰি আহিছে।
তেওঁ উমৈহতীয়া সভ্যতাগত জ্ঞান আৰু ঐতিহ্যক সংলাপ, প্ৰতিষ্ঠানসমূহৰ মাজত অংশীদাৰিত্ব, সাংস্কৃতিক আদান-প্ৰদান আৰু পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে সামূহিক প্ৰচেষ্টাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ আহ্বান জনায়। এই মঞ্চখনে সভ্যতাসমূহৰ মাজত বুজাবুজি বৃদ্ধি, সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় আৰু এছ চি অ’ৰ সদস্য দেশসমূহৰ মাজত বান্ধোন অধিক গভীৰ কৰাৰ এক স্থায়ী মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক আগৰৱালে আদৰণী ভাষণত মঞ্চখনৰ বিষয়বস্তুৰ বিষয়ে ব্যাখ্যা কৰি কয় যে এছ চি অ’ৰ সভ্যতামূলক আলোচনা মঞ্চই সদস্য ৰাষ্ট্ৰসমূহক নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক সম্পৰ্ক আৰু উমৈহতীয়া সভ্যতাগত মূল্যবোধৰ বিষয়ে জনাৰ লগতে পৰস্পৰৰ মাজত মত-বিনিময়ৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে।
পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী ড০ মুছাদ্দিক মাছুদ মালিকে পুৰণি কিল্লাত খনন কাৰ্যৰ সময়ত উদ্ধাৰ হোৱা বিভিন্ন যুগৰ প্ৰত্নতাত্ত্বিক সমলৰ প্ৰসংগ উল্লেখ কৰি কয় যে প্ৰতিনিধিসকল বহি থকা দুৰ্গটো নিজেই এক ইতিহাসৰ জীৱন্ত কাহিনী। তেওঁ কয় যে তিমুৰিদ বংশৰ হুমায়ুনে এই দুৰ্গৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। তেওঁ মধ্য এছিয়াৰ পৰা আহিছিল। পৰৱৰ্তী সময়ত আফগানিস্তানৰ পৰা অহা শ্বেৰ শ্বাহ ছুৰীয়ে ইয়াৰ নিৰ্মাণৰ কাম আগবঢ়াই নিছিল। সেয়েহে, এই দুৰ্গৰ একেখন দেৱালতে দুগৰাকী ভিন্ন শাসকৰ শিল্পকলাৰ নিদৰ্শন, দুটা পৃথক সাংস্কৃতিক স্তৰ আৰু দুটা পৰম্পৰাৰ চিহ্ন বিচাৰি পোৱা যায়। প্ৰতিনিধিসকলক উদযাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা বৈচিত্ৰ্যৰ এয়াই প্ৰকৃত নিদৰ্শন বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানটোক ‘তেহজিব কি গুফতগু' বা ‘সভ্যতামূলক সংলাপ’ বুলি অভিহিত কৰাকো তেওঁ প্ৰশংসা কৰে।
তেওঁ লগতে কয় যে বৈচিত্ৰ্যৰ মাজতেই প্ৰকৃত আলোচনাৰ পথ মুকলি হয়। আগদিনা শ্ৰী শ্বেখাৱতৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিহাস আৰু সংস্কৃতিৰ বিভিন্ন স্তৰ হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চলৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। সেয়েহে, প্ৰতিটো সুকীয়া পৰিচয়ৰ নিজস্ব গুৰুত্ব আছে বুলি স্বীকাৰ কৰাৰ লগতে বিভিন্ন পৰিচয়ৰ মাজত আলোচনা অব্যাহত ৰখাটোও সমানেই প্ৰয়োজনীয়। বিভিন্ন মত আৰু পৰিচয়ৰ মানুহক একত্ৰিত কৰি তেওঁলোকৰ মাজত মুক্তভাৱে ভাবৰ আদান-প্ৰদানৰ সুযোগ সৃষ্টি কৰাই এই সমাৱেশৰ মূল উদ্দেশ্য বুলি তেওঁ কয়। এনে বৈচিত্ৰ্যপূৰ্ণ পৰিচয়সমূহক স্বীকৃতি দিয়া, সন্মান কৰা, আঁকোৱালি লোৱা আৰু একেলগে আগবাঢ়ি যোৱাতেই প্ৰকৃত প্ৰজ্ঞা আৰু সাহস নিহিত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’)-ৰ ৰাষ্ট্ৰীয় সমন্বয়ক শ্ৰী অলোক ডিমৰিয়ে প্ৰথমখন সত্ৰৰ আলোচনাৰ সাৰাংশ দাঙি ধৰে। এছ চি অ’ৰ দৃষ্টিকোণৰ পৰা নিজৰ মত প্ৰকাশ কৰি তেওঁ কয় যে সংস্থাটোৱে এতিয়া কেৱল নিৰাপত্তাকেন্দ্ৰিক দৃষ্টিভংগীৰ মাজতে সীমাবদ্ধ নাথাকি ইয়াৰ পৰিসৰ অধিক বিস্তৃত কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট হৈ পৰিছে। আলোচনাত সাংস্কৃতিক নেটৱৰ্ক, জলবায়ু, যুৱ সমাজ, ডিজিটেলকৰণ আৰু যৌথ প্ৰকল্পকে ধৰি কেইবাটাও উমৈহতীয়া বিষয় উত্থাপিত হোৱা বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে, সংস্কৃতিক কেৱল চৰকাৰ আৰু চৰকাৰী প্ৰতিষ্ঠানৰ মাজতে সীমাবদ্ধ নাৰাখি সাধাৰণ জনতাৰ কাষলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথাও আলোচনাত বিশেষভাৱে প্ৰতিফলিত হৈছে। এই মঞ্চখনে মানুহৰ হৃদয় আৰু মনৰ মাজত সংযোগ স্থাপনৰ এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব বুলি তেওঁ মন্তব্য কৰে।
যুটীয়া অধিৱেশনত আজাৰবাইজানৰ সংস্কৃতি মন্ত্ৰী শ্ৰী আদিল কাৰিমলি, নেপালৰ সংস্কৃতি, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী খড়্গ ৰাজ পৌডেল (গণেশ), পাকিস্তানৰ কেন্দ্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী ড০ মুছাদ্দিক মাছুদ মালিক আৰু তাজিকিস্তানৰ সংস্কৃতি মন্ত্ৰী শ্ৰীমতী মাটলুবাখন আমনজোদা ছাট্টৰিয়নে নিজৰ মতামত দাঙি ধৰে। বেলাৰুছ, ইৰান, কাজাখস্তান, কম্বোডিয়া, কিৰ্গিস্তান, লাওছ, ৰাছিয়া, ছৌদি আৰব, উজবেকিস্তানকে ধৰি অন্যান্য দেশৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
পৰৱৰ্তী সত্ৰত ভাৰত আৰু অন্যান্য দেশৰ গৱেষক তথা বিশেষজ্ঞসকলে বিভিন্ন সভ্যতাৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে। বক্তাসকলৰ ভিতৰত আছিল দিল্লী বিশ্ববিদ্যালয়ৰ ফাৰ্চী বিভাগৰ অধ্যাপক চন্দ্ৰশেখৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক শ্ৰীকান্ত কণ্ডাপল্লী, ভাৰতীয় বিদ্যাৰ গৱেষক শ্ৰী মেঘ কল্যাণসুন্দৰম, ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষ (আইচিডব্লিউএ)-ৰ জ্যেষ্ঠ গৱেষক ড০ সঞ্জীৱ কুমাৰ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক পুনীত গৌৰ।
দিনটোৰ তৃতীয় সত্ৰত ‘সভ্যতাসমূহৰ মাজত কলা আৰু স্থাপত্য: উমৈহতীয়া নান্দনিকতা’ বিষয়টো আলোচনা কৰা হয়। ‘এখন উমৈহতীয়া সাংস্কৃতিক কেনভাছ: এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শিল্পকলা আৰু স্থাপত্যৰ আদান-প্ৰদান’, শীৰ্ষক এই সত্ৰত বিভিন্ন দেশৰ শিল্পকলাৰ পৰম্পৰা, স্থাপত্যশৈলী আৰু সাংস্কৃতিক প্ৰভাৱৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়।
ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ (এএছআই)-ৰ সঞ্চালক প্ৰধান শ্ৰী যদুবীৰ সিং ৰাৱটৰ সভাপতিত্বত অনুষ্ঠিত এই সত্ৰখন পৰিচালনা কৰে এএছআই-ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ সঞ্জয় কুমাৰ মঞ্জুলে। আজাৰবাইজানৰ সংস্কৃতি উপ-মন্ত্ৰী শ্ৰীমতী ছাদাত ইউছিফ’ভাই বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰে।
দিনটোৰ চতুৰ্থ সত্ৰতো ‘সভ্যতাসমূহৰ মাজত কলা আৰু স্থাপত্য: উমৈহতীয়া নান্দনিকতা’ বিষয়টোৰ আলোচনা কৰা হয়। অধিৱেশনখনৰ বিশেষ উপ-বিষয়বস্তু আছিল— ‘বাণিজ্য: ব্যৱসায়ী, বৌদ্ধ ভিক্ষু আৰু শাসক—পৃথক বাণিজ্যিক পথেৰে গঢ়ি উঠা সাংস্কৃতিক মিলন’। ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ (এএছআই)-ৰ সঞ্চালক প্ৰধান শ্ৰী যদুবীৰ সিং ৰাৱটে অধিৱেশনখনত সভাপতিত্ব কৰে আৰু এএছআই-ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী জানৱী শৰ্মাই ইয়াৰ আঁত ধৰে।
এই সত্ৰত বাণিজ্যিক পথ, পৰ্যটক, ভ্ৰমণকাৰী, বৌদ্ধ ভিক্ষু আৰু শাসকসকলৰ জৰিয়তে বিভিন্ন অঞ্চলৰ মাজত গঢ়ি উঠা ঐতিহাসিক সম্পৰ্ক আৰু ইয়াৰ সাংস্কৃতিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। বিভিন্ন দেশৰ প্ৰতিনিধিসকলেও এই সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে।
ইয়াৰ পিছত প্ৰতিনিধিসকলে নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত ‘দ্য লাইট এণ্ড দ্য ল’টাছঃ ৰেলিক্স অৱ দ্য অৱাকেন্ড ৱান’ শীৰ্ষক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰে। দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে। ইয়াৰ পিছত ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ সচিবে আয়োজন কৰা আনুষ্ঠানিক নৈশ ভোজত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
প্ৰথমখন এছ চি অ’ সভ্যতামূলক আলোচনা মঞ্চৰ দ্বিতীয় দিনটো বিভিন্ন দেশৰ উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য, কলা, স্থাপত্য, ঐতিহাসিক সম্পৰ্ক আৰু সভ্যতাগত মূল্যবোধৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠে। একে সময়তে, দেশসমূহৰ মাজত ভৱিষ্যতে সাংস্কৃতিক সহযোগিতা বৃদ্ধিৰ নতুন পথ আৰু সম্ভাৱনাও উন্মোচিত হয়।
*****
M. Annadurai/MS