মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাশী তামিল সংগমম ৫.০ক লৈ উৎসাহ-উদ্দীপনা সৃষ্টিৰ উদ্দেশ্যে আছী ঘাটত ৰংগোলী প্ৰতিযোগিতা

মূল অনুষ্ঠানৰ পূৰ্বে আয়োজিত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সাংস্কৃতিক প্ৰকাশ আৰু ৰাইজৰ অংশগ্ৰহণেৰে কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক অধিক নিবিড় কৰাৰ প্ৰয়াস।

পোষ্ট কৰা হৈছে: 21 NOV 2026 7:27PM by PIB Guwahati

কাশী তামিল সংগমম ৫.০ অহা ২৮ নৱেম্বৰত আৰম্ভ হ’ব। মূল অনুষ্ঠানৰ পূৰ্বে ইয়াক লৈ উৎসাহ-উদ্দীপনা সৃষ্টি আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউৰ)-এ এলানি প্ৰাক্-অনুষ্ঠানমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।

 

ইয়াৰ অংশ হিচাপে শনিবাৰে আছি ঘাটত  ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ লগতে চহৰখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়বস্তু আৰু বাৰ্তাৰ আধাৰত ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু সামাজিক মূল্যবোধৰ প্ৰতিফলন ঘটাই ৰংগোলীৰ নান্দনিক আৰ্হি সৃষ্টি কৰে। এই শিল্পকৰ্মসমূহে পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তেওঁলোকক ৰংগোলীসমূহৰ আলোকচিত্ৰ গ্ৰহণ কৰিবলৈও উৎসাহিত কৰে।

 

এই প্ৰাক্-অনুষ্ঠানমূলক কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া বি এইচ ইউৰ চৌহদত থকা বিশ্বনাথ মন্দিৰত এটি ভজনৰ অনুষ্ঠানৰো আয়োজন কৰা হয়।

 

কাশী তামিল সংগমম ৫.০ৰ বি এইচ ইউৰ ন’ডেল বিষয়া অধ্যাপক আঞ্চল শ্ৰীবাস্তৱে কয় যে এই কাৰ্যসূচীসমূহৰ উদ্দেশ্য হৈছে অনুষ্ঠানটোৰ সৈতে যথাসম্ভৱ অধিক সংখ্যক লোকক জড়িত কৰা আৰু সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত কাশী আৰু তামিলনাডুৰ সাংস্কৃতিক ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰা। ৰংগোলী প্ৰতিযোগিতাৰ দৰে কাৰ্যসূচীৰ জৰিয়তে বি এইচ ইউৱে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে কাশী তামিল সংগমম ৫.০ক লৈ উৎসাহ-উদ্দীপনা গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে বুলিও তেওঁ কয়।

 

এইবাৰৰ কাশী তামিল সংগমম ৫.০ৰ বিষয়বস্তু হৈছে ‘তিৰুক্কুৰল পয়িলভোম – তিৰুক্কুৰল অধ্যয়ন কৰোঁ আহক’। সন্ত-কবি তিৰুৱল্লুৱৰে ৰচনা কৰা তিৰুক্কুৰল তামিল সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ ধ্ৰুপদী গ্ৰন্থ। গ্ৰন্থখন তিনিটা প্ৰধান ভাগত বিভক্ত—অৰম (নৈতিকতা), পৰুণ (সম্পদ) আৰু ইনবম (প্ৰেম)। এই তিনিটা ভাগে সামূহিকভাৱে মানৱীয় আচৰণৰ পথৰ নিৰ্দেশনা দিয়ে আৰু অৰ্থপূৰ্ণ জীৱনৰ আদৰ্শক প্ৰতিফলিত কৰি অৱশেষত ‘বীডু’ (মুক্তি)ৰ দিশে আগুৱাই নিয়ে।

 

অনুবাদৰ জৰিয়তে তিৰুক্কুৰলৰ শিক্ষাক তামিলভাষী সমাজৰ পৰিসৰৰ বাহিৰলৈ লৈ যোৱাটোৱেই কাশী তামিল সংগমম ৫.০ৰ অন্যতম লক্ষ্য। ইয়াৰ ফলত সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণে এই কালজয়ী গ্ৰন্থখনৰ জ্ঞান, মূল্যবোধ আৰু শিক্ষাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব।

 

 

RRTN/UD


(ৰিলিজ আই ডি : 2339795) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Odia , Tamil