পোষ্ট কৰা হৈছে:
21 NOV 2026 2:50PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পূণ্য সলিলা শ্ৰীবাস্তৱে আজি মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীড (এনচিজি)ৰ বাৰ্ষিক বৈঠক ২০২৬ত এনচিজিৰ ৰোগী-শিক্ষা পদক্ষেপ ‘এনচিজি বিশ্বাস’ মুকলি কৰে। ‘প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ তথা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিচাৰ্য বিষয়’ আৰু ‘কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় আন্তঃখণ্ডীয় সহযোগিতা’ শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰি তেওঁ কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা, স্ক্ৰীনিং আৰু চিকিৎসাৰ ধাৰাবাহিকতা শক্তিশালী কৰাৰ বাবে ভাৰতৰ ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনিৰ সদ্ব্যৱহাৰ আৰু বিভিন্ন খণ্ডৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। সকলোৰে বাবে সুলভ, ব্যয়সাধ্য আৰু উন্নত মানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰত স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও তেওঁ দোহাৰে।
এনচিজি বিশ্বাসৰ সম্পূৰ্ণ ৰূপ হৈছে ‘Videos to Support Health, Wellness, Awareness and Self-care’। ই হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা ৰোগী শিক্ষাৰ বিশেষ পদক্ষেপ, যাৰ জৰিয়তে স্তন, জৰায়ুমুখ আৰু মুখগহ্বৰৰ কৰ্কট ৰোগ সম্পৰ্কীয় তথ্য হিন্দী, মাৰাঠী, তামিল আৰু ইংৰাজী ভাষাত যোগান ধৰা হৈছে। এই ভিডিঅ’সমূহত ৰোগ প্ৰতিৰোধ, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু দীৰ্ঘম্যাদী যত্নৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। ইয়াৰ ফলত ৰোগী আৰু তেওঁলোকৰ পৰিচৰ্যাকাৰীসকলে নিৰ্ভৰযোগ্য তথ্য লাভ কৰাৰ লগতে সচেতন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব। ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীডৰ অধীনস্থ চিকিৎসালয় আৰু স্বাস্থ্যসেৱাৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ জৰিয়তে এই পদক্ষেপৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হ’ব।
ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীসমূহৰ অধীনত চলি থকা স্ক্ৰীনিঙৰ ব্যাপকতাৰ কথা উল্লেখ কৰি শ্ৰীমতী শ্ৰীবাস্তৱে কয় যে দেশৰ ১.৮৭ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰত ৩০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ মুখগহ্বৰ, স্তন আৰু জৰায়ুমুখৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং কৰা হৈছে। বৰ্তমানলৈ মুঠ ১৫৩ কোটিৰো অধিক স্ক্ৰীনিং সম্পন্ন হৈছে। ইয়াৰ ভিতৰত মুখগহ্বৰৰ কৰ্কট ৰোগৰ ৩৭.১ কোটি, স্তনৰ কৰ্কট ৰোগৰ ১৭.৪ কোটি আৰু জৰায়ুমুখৰ কৰ্কট ৰোগৰ ৯.৭ কোটি স্ক্ৰীনিং অন্তৰ্ভুক্ত।
তেওঁ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত স্ক্ৰীনিঙৰ তথ্য আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট (‘আভা’) পৰিচয় পত্ৰৰ সৈতে সংযুক্ত কৰাৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই পৰ্যন্ত প্ৰায় ৯৯ কোটি ‘আভা' পৰিচয় পত্ৰ সৃষ্টি কৰাৰ লগতে প্ৰায় ১০০ কোটি স্বাস্থ্য সম্পৰ্কীয় তথ্য সংযুক্ত কৰা হৈছে। তেওঁ কয় যে ‘আভা' পৰিচয় পত্ৰই ৰোগীসকলক প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানলৈ যোৱাৰ সময়ত চিকিৎসাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সহায় কৰে। ইয়াৰ ভিতৰত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহো অন্তৰ্ভুক্ত। লগতে ই স্বাস্থ্য সম্পৰ্কীয় দীৰ্ঘম্যাদী তথ্য-পাতি প্ৰস্তুত কৰাত সহায় কৰে। ৰোগীৰ সন্মতি সাপেক্ষে বিভিন্ন পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে যাতে স্বাস্থ্য বিষয়ক তথ্য-পাতিসমূহ লাভ কৰিব পাৰে, সেই কথাও তেওঁ উল্লেখ কৰে।
সজাগতা সৃষ্টিৰ সন্দৰ্ভত শ্ৰীমতী শ্ৰীবাস্তৱে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত সুস্থ নাৰী, সবল পৰিয়াল (‘স্বস্থ নাৰী, সশক্ত পৰিবাৰ’) অভিযানৰ কথা উল্লেখ কৰে। এই অভিযানত ১১ কোটি লোকৰ উপস্থিতি বা সেৱা গ্ৰহণৰ তথ্য নথিভুক্ত হৈছিল। ৰাজ্যসমূহত প্ৰতিমাহে অনুষ্ঠিত আয়ুষ্মান আৰোগ্য শিবিৰৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলিও তেওঁ কয়। ‘এনচিজি বিশ্বাস’ৰ ভিডিঅ’সমূহে ৰোগীসকলৰ ওচৰলৈ পোনপটীয়াকৈ নিৰ্ভৰযোগ্য তথ্য কঢ়িয়াই নিয়াৰ এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে কৰ্কট ৰোগৰ চিকিৎসা ব্যয়সাধ্য কৰি তোলাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁ কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰত বাণিজ্যিক মুনাফাৰ হাৰ যুক্তিসংগত কৰাৰ পদক্ষেপ আৰু আৰ্থিকভাৱে দুৰ্বল তথা প্ৰান্তীয় লোকসকলৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আগবঢ়োৱা আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। এই আঁচনিৰ অধীনত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰায় ২৭,০০০ কোটি টকা আগবঢ়োৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
শ্ৰীমতী শ্ৰীবাস্তৱে কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা থকা সকলো এইমছ প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীডৰ সদস্য হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এতিয়াও সদস্যভুক্ত নোহোৱা প্ৰতিষ্ঠানসমূহক ইয়াত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে এনচিজিৰ সদস্য চিকিৎসালয়সমূহক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)ৰ সহযোগত গঠিত ‘পেন-এইমছ ৰিছাৰ্চ কনছৰ্টিয়াম’ৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে, যাতে ৰোগীৰ সন্মতি সাপেক্ষে আহৰণ কৰা তথ্যসমূহ কৰ্কট ৰোগৰ চিকিৎসা আৰু গৱেষণাৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।
শ্ৰীমতী শ্ৰীবাস্তৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰাথমিক পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈকে অব্যাহত থকা স্বাস্থ্যসেৱাৰ ধাৰাবাহিকতাৰ বিষয়েও আলোচনা কৰে। ২০১৮ চনত ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱাৰ পৰিসৰ ছটাৰ পৰা বাৰটা সেৱা-পেকেজলৈ সম্প্ৰসাৰণ কৰা হৈছিল, য’ত মুখগহ্বৰ, স্তন আৰু জৰায়ুমুখৰ কৰ্কট ৰোগৰ স্ক্ৰীনিং অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ প'ৰ্টেলত স্ক্ৰীনিং আৰু পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষা তথা চিকিৎসাৰ তথ্য নথিভুক্ত কৰা হয়। জিলা চিকিৎসালয়সমূহত মূলতঃ ৰোগ নিৰ্ণয় নিশ্চিত কৰা হয় আৰু চিকিৎসা মহাবিদ্যালয় তথা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে চিকিৎসাৰ ব্যৱস্থা কৰা হয়। জিলা চিকিৎসালয়সমূহত ডে’ কেয়াৰ কৰ্কট চিকিৎসা কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা, কৰ্মীৰ অভাৱ দূৰ কৰিবলৈ প্ৰযুক্তিনিৰ্ভৰ ৰেডিঅ’লজী সেৱা আৰু নতুনকৈ স্থাপন কৰা ২২খন এইমছত কৰ্কট ৰোগৰ চিকিৎসা-সুবিধা শক্তিশালী কৰাৰ বিষয়ত তেওঁ আলোকপাত কৰে। আগতীয়া ৰোগ চিনাক্তকৰণৰ বাবে স্ক্ৰীনিং অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কৰ্কট ৰোগৰ স্ক্ৰীনিং শক্তিশালী কৰা আৰু ব্যয়সাধ্য স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰক একেলগে কাম কৰিবলৈ আহ্বান জনায়।
‘এনচিজি বিশ্বাস’ৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী শ্ৰীবাস্তৱে এই পদক্ষেপৰ শলাগ লয় আৰু দেশৰ কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা তথা চিকিৎসাৰ প্ৰচেষ্টাত ইয়াৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। আশা কৰ্মী আৰু অংগনৱাড়ী কৰ্মীকে ধৰি স্বাস্থ্যসেৱাৰ কৰ্মী আৰু সামূহিক মঞ্চসমূহৰ জৰিয়তে এই ভিডিঅ’সমূহ প্ৰচাৰ কৰি ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ লৈ যোৱাৰ সম্ভাৱনাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে এ বি ডি এম আৰু ‘স্বস্থ ভাৰত’ প'ৰ্টেলৰ দৰে মঞ্চতো এই ভিডিঅ’সমূহ সংযুক্ত কৰিব পাৰি, যাতে কৰ্কট ৰোগ সম্পৰ্কীয় নিৰ্ভৰযোগ্য তথ্য অধিকসংখ্যক লোকে লাভ কৰিব পাৰে। ‘স্বস্থ ভাৰত, বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এটা সংহত, সমতাপূৰ্ণ আৰু জনকেন্দ্ৰিক কৰ্কট ৰোগ চিকিৎসা ব্যৱস্থা গঢ়ি তুলিবলৈ নীতি নিৰ্ধাৰণকাৰী, স্বাস্থ্য প্ৰতিষ্ঠান, গৱেষক, প্ৰযুক্তি বিকাশক আৰু ৰোগী সংগঠনসমূহৰ মাজত অধিক সহযোগিতাৰ বাবে তেওঁ আহ্বান জনায়।
ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীডৰ আহ্বায়ক ডাঃ চি এছ প্ৰমেশে কয় যে এই পদক্ষেপে গ্ৰীডৰ চিকিৎসা সম্পৰ্কীয় বিশেষজ্ঞ ব্যৱস্থাক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱনাৰ সৈতে সংযুক্ত কৰিছে। ইয়াৰ জৰিয়তে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে তেওঁলোকে বুজি পোৱা ভাষাত নিৰ্ভৰযোগ্য আৰু চিকিৎসকৰ দ্বাৰা পৰীক্ষিত তথ্য যোগান ধৰাটো সম্ভৱপৰ হ’ব। “কৰ্কট ৰোগৰ চিকিৎসাৰ প্ৰতিটো পৰ্যায়তে ৰোগী আৰু তেওঁলোকৰ পৰিচৰ্যাকাৰীসকলক শুদ্ধ আৰু সহজে বুজিব পৰা তথ্যৰে সবল কৰি তোলাই আমাৰ লক্ষ্য”, তেওঁ কয়।
টাটা মেম’ৰিয়েল চেণ্টাৰ, মুম্বাইৰ প্ৰতিৰোধমূলক অনক’লজী বিভাগৰ অধ্যাপক তথা মুৰব্বী ডাঃ শৰ্মিলা পিম্পলে ‘বিশ্বাস’ক “এটি নিৰ্ভৰযোগ্য শিক্ষা-সহায়ক ভিডিঅ’ সংগী” বুলি অভিহিত কৰে। প্ৰতিৰোধৰ পৰা উপশমমূলক চিকিৎসালৈকে কৰ্কট ৰোগৰ চিকিৎসাৰ সমগ্ৰ ধাৰাবাহিকতাত ইয়াক অন্তৰ্ভুক্ত কৰা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে।
মুম্বাইত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীডৰ বাৰ্ষিক বৈঠক ২০২৬ত ৩০০ গৰাকীৰো অধিক কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰৰ মুৰব্বী, নীতি নিৰ্ধাৰণকাৰী, আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ নিয়ন্ত্ৰণ সংস্থা, ৰোগী সংগঠন, প্ৰযুক্তি বিকাশক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ নেতাসকলে অংশগ্ৰহণ কৰিছে। ৰোগীকেন্দ্ৰিক স্বাস্থ্যসেৱা ব্যৱস্থা, কৰ্কট ৰোগৰ চিকিৎসাৰ মান উন্নয়ন, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সহযোগিতাৰ জৰিয়তে কৰ্কট ৰোগ নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হৈছে।
ৰাষ্ট্ৰীয় কৰ্কট ৰোগ গ্ৰীড হৈছে ৪০০ৰো অধিক কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ, গৱেষণা প্ৰতিষ্ঠান আৰু ৰোগী সংগঠনৰ এটা নেটৱৰ্ক। মানসম্পন্ন চিকিৎসা-প্ৰট’কল, গুণগত মান নিশ্চিতকৰণ, দক্ষতা বিকাশ আৰু সহযোগিতামূলক গৱেষণাৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থাৰ উন্নতি সাধন কৰাই ইয়াৰ লক্ষ্য।

SR/UD