57th International Film Festival of India 2026
20 – 28 Nov 2026

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে গোৱাৰ ৫৭ সংখ্যক ইফিত প্ৰকাশন বিভাগৰ বিপণী উদ্বোধন কৰে

২৪ নং বিপণীত প্ৰকাশন বিভাগে প্ৰদৰ্শন কৰিছে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস, কলা, চলচ্চিত্ৰ আৰু সাহিত্য বিষয়ক গ্ৰন্থ

বিপণীখনে চিনেমাপ্ৰেমী, প্ৰতিনিধি আৰু দৰ্শকসকলক ভাৰতৰ বৈচিত্ৰ্যময় সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্য অন্বেষণ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে

পোষ্ট কৰা হৈছে: 21 NOV 2026 9:03PMby PIB Guwahatiৰিলিজ আই ডি : 2339770Views: 3

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি ২০২৬) প্ৰকাশন বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীমতী কাঞ্চন প্ৰসাদৰ উপস্থিতিত প্ৰকাশন বিভাগৰ বিপণীখন (২৪ নং বিপণী) উদ্বোধন কৰে।

২০ ৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ গোৱাত অনুষ্ঠিত হোৱা ইফিৰ এই ৫৭ সংখ্যক সংস্কৰণটোৱে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, চিনেমাপ্ৰেমী, উদ্যোগৰ পেছাদাৰী আৰু প্ৰতিনিধিসকলক একত্ৰিত কৰিছে।

২৪ নং বিপণীত অৱস্থিত প্ৰকাশন বিভাগৰ এই বিপণীখনত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস, কলা, চলচ্চিত্ৰ, সাহিত্য আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ আন বিভিন্ন বিষয় সামৰি লোৱা গ্ৰন্থ তথা প্ৰকাশনৰ এক বৈচিত্ৰ্যময় সংগ্ৰহ প্ৰদৰ্শন কৰা হৈছে। বিপণীখনে দৰ্শকসকলক দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য, সৃজনশীল পৰম্পৰা আৰু বৌদ্ধিক ঐতিহ্যক প্ৰতিফলিত কৰা তথ্যসমৃদ্ধ তথা জ্ঞানবৰ্ধক প্ৰকাশনসমূহ অন্বেষণ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে।

বিপণীখনত ভাৰতীয় চলচ্চিত্ৰ সম্পৰ্কীয় প্ৰকাশনসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে চিনেমাপ্ৰেমী, শিক্ষাৰ্থী, গৱেষক আৰু প্ৰতিনিধিসকলক চলচ্চিত্ৰৰ বিৱৰ্তন, চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃজনশীল যাত্ৰা আৰু ভাৰতীয় চলচ্চিত্ৰৰ ঐতিহ্যলৈ বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে অধিক গভীৰভাৱে জানিবলৈ সুযোগ দিছে।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ এক অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘প্ৰকাশন বিভাগে’ ১৯৪১ চনৰ পৰাই বিভিন্ন বিষয়ৰ ওপৰত গ্ৰন্থ আৰু আলোচনী প্ৰকাশ কৰি আহিছে। নিজৰ প্ৰকাশনসমূহৰ জৰিয়তে বিভাগটোৱে ভাৰতৰ সাহিত্যিক, ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্য সংৰক্ষণ তথা প্ৰসাৰৰ কাম অব্যাহত ৰাখিছে।

‘ইফি ২০২৬’ত প্ৰকাশন বিভাগৰ অংশগ্ৰহণ হৈছে পঠন অভ্যাসৰ প্ৰসাৰ ঘটোৱা, গ্ৰন্থৰ সৈতে জনসাধাৰণক জড়িত হ’বলৈ উৎসাহিত কৰা আৰু মূল্যৱান জ্ঞানক অধিক বৃহৎ পাঠক সমাজৰ বাবে উপলব্ধ কৰি তোলাৰ নিৰন্তৰ প্ৰচেষ্টাৰ এক অংশ।

এই বিপণীখনে চলচ্চিত্ৰক সাহিত্যৰ সৈতে সংযোগ কৰা এক মঞ্চ হিচাপে কাম কৰিছে, যাৰ জৰিয়তে মহোৎসৱৰ প্ৰতিনিধি আৰু দৰ্শকসকলে পৰ্দাৰ বাহিৰতো ভাৰতৰ চহকী কাহিনী কথন পৰম্পৰাসমূহ অন্বেষণ কৰিবলৈ সক্ষম হৈছে।

মহোৎসৱত নিজৰ উপস্থিতিৰ জৰিয়তে প্ৰকাশন বিভাগে পঠন সংস্কৃতিৰ প্ৰসাৰ, ভাৰতৰ সৃজনশীল সফলতাসমূহ উদযাপন কৰা আৰু বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মৰ বাবে দেশৰ সাংস্কৃতিক আৰু সাহিত্যিক ঐতিহ্য সংৰক্ষণ কৰাৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা পুনৰ এবাৰ দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Harshal Akude/ Darshana Rane | IFFI 57 - 055


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339770
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026