পোষ্ট কৰা হৈছে:
21 NOV 2026 5:01PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত অৰুণাচল প্ৰদেশ আৰক্ষীক ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰে। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰ’ৰ সঞ্চালক ড০ মহেশ দীক্ষিত, ৰাজ্যখনৰ মুখ্য সচিব মনীষ গুপ্তা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ৰাজেশ কুমাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰাটো অৰুণাচল প্ৰদেশ আৰক্ষীৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ বাবেও অপৰিসীম গৌৰৱৰ বিষয়। ৰাজ্য এখনৰ ক্ষেত্ৰত এনে গৌৰৱৰ মুহূৰ্ত এবাৰহে আহে। তেওঁ কয় যে সূৰ্যোদয়ৰ ভূমি হিচাপে পৰিচিত অৰুণাচল প্ৰদেশ অত্যন্ত গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চলত অৱস্থিত। ৰাজ্যখনৰ নিৰাপত্তা, শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ সৈতে সমগ্ৰ দেশৰ স্বাৰ্থ জড়িত হৈ আছে।
শ্বাহে কয় যে ৰাষ্ট্ৰপতিৰ পতাকা হৈছে সাহসিকতা, অনুশাসন আৰু পেছাদাৰী উৎকৃষ্টতাৰ স্বীকৃতি। ১৫ বছৰতকৈ অধিক সময় ধৰি সাহসিকতা, নিষ্ঠা আৰু ত্যাগেৰে সেৱা আগবঢ়োৱা আৰক্ষী বাহিনীক এই সন্মান প্ৰদান কৰা হয়। তেওঁ কয় যে অৰুণাচল প্ৰদেশ আৰক্ষী এই সন্মান লাভ কৰা দেশৰ ১৭সংখ্যক আৰক্ষী বাহিনী হিচাপে পৰিগণিত হৈছে। এয়া সকলোৰে বাবে গৌৰৱৰ বিষয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত অৰুণাচল প্ৰদেশৰ নিজা আৰক্ষী বাহিনী নাছিল আৰু সেই অঞ্চলৰ নিৰাপত্তাৰ দায়িত্ব অসম ৰাইফলছৰ হাতত আছিল। ১৯৭১ চনত অঞ্চলটো উত্তৰ-পূব সীমান্ত সংস্থা (NEFA) হিচাপে পৰিচিত হৈ থকাৰ সময়ত জ্যেষ্ঠ আৰক্ষী বিষয়া এল বি সেউৱাৰ নেতৃত্বত অৰুণাচল প্ৰদেশ আৰক্ষী গঠন কৰা হৈছিল।
এল বি সেউৱাক শ্ৰদ্ধাৰে স্মৰণ কৰি শ্বাহে কয় যে ১৯৭৪ চনত মিজোৰামত সশস্ত্ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি তেওঁ শ্বহীদ হৈছিল। তেওঁ কয় যে আজি তেওঁ য’তেই নাথাকক কিয়, নিজ হাতেৰে গঢ় দিয়া আৰক্ষী বাহিনীটোক ১৬ হাজাৰতকৈও অধিক জোৱানৰ এক শক্তিশালী বাহিনী হিচাপে গঢ় লৈ উঠা তথা ৰাষ্ট্ৰপতিৰ পতাকা লাভ কৰা দেখি নিশ্চয় গৌৰৱ অনুভৱ কৰিলেহেঁতেন।
শ্বাহে কয় যে অৰুণাচল প্ৰদেশ আৰক্ষী চাৰিটা ৰেঞ্জ আৰু ২৯খন আৰক্ষী জিলাত বিস্তৃত হৈ আছে। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এই বাহিনীৰ গুৰুত্ব অপৰিসীম। ইয়াৰ অধীনত অৰুণাচল সশস্ত্ৰ আৰক্ষীৰ দুটা বেটেলিয়ন আৰু পাঁচটা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে।
অমিত শ্বাহে কয় যে অৰুণাচল প্ৰদেশ এখন অতি শান্তিপূৰ্ণ ৰাজ্য। ইয়াৰ জনসাধাৰণে কৃষি, ব্যৱসায়, শিক্ষা আৰু ধৰ্মীয় জীৱনশৈলীৰ সৈতে জড়িত হৈ আছে। কিন্তু ৰাজ্যখন দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত। অৰুণাচল প্ৰদেশৰ সৈতে ১,৮৬৩ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। ইয়াৰে ১,২২৬ কিলোমিটাৰ চীনৰ সৈতে, ৫২০ কিলোমিটাৰ ম্যানমাৰৰ সৈতে আৰু ২১৭ কিলোমিটাৰ ভূটানৰ সৈতে সংলগ্ন। সেয়েহে অৰুণাচল প্ৰদেশৰ নিৰাপত্তা আৰু শান্তি কেৱল ৰাজ্যখনৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ।
তেওঁ কয় যে অৰুণাচল প্ৰদেশ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহৰ ক্ষেত্ৰত দেশৰ বিভিন্ন স্থানলৈ ড্ৰাগছ প্ৰেৰণ কৰা ‘ডেথ ট্ৰায়েংগল’ৰ প্ৰৱেশদ্বাৰত অৱস্থিত। ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যখনৰ কৌশলগত গুৰুত্ব অপৰিসীম। আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত উগ্ৰপন্থী কাৰ্যকলাপ, সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ আৰু ক্ৰমবৰ্ধমান চাইবাৰ অপৰাধৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে প্ৰশংসনীয় কাম কৰি আহিছে। ৰাষ্ট্ৰপতিৰ পতাকা লাভৰ পাছত আৰক্ষী বাহিনীটোৱে অধিক উৎসাহ আৰু নিষ্ঠাৰে এই দায়িত্ব পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰুণাচল প্ৰদেশকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ এক নতুন যুগৰ সূচনা হৈছে। সংসদত বিৰোধী দলৰ নেতাসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মোদী চৰকাৰে কি কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰাটো তেওঁৰ বাবে হাস্যকৰ যেন লাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দেশৰ উন্নয়নৰ ইতিহাস যেতিয়া লিখা হ’ব, তেতিয়া ২০১৪ চনৰ পাছৰ সময়ছোৱাক উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ সোণালী যুগ হিচাপে লিপিবদ্ধ কৰা হ’ব।

শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ বিমান আৰু ৰে’ল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণ কৰি মোদী চৰকাৰে কেৱল উত্তৰ-পূৰ্বাঞ্চল আৰু নতুন দিল্লীৰ মাজৰ ভৌগোলিক দূৰত্বই নহয়, আবেগিক দূৰত্বও হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিসৰ উত্তৰ প্ৰদেশতকৈও বৃহৎ আৰু ইয়াৰ সীমান্ত কেইবাখনো দেশৰ সৈতে সংলগ্ন। সেয়েহে এই অঞ্চলৰ উন্নয়ন সমগ্ৰ দেশৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰে। এয়া চৰকাৰৰ দৃঢ় বিশ্বাস বুলিও তেওঁ কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০০৪ৰ পৰা ২০১৪ চনলৈকে বিৰোধী দলৰ চৰকাৰৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ৩৩,৫৩০ কোটি টকা ব্যয় কৰা হৈছিল। আনহাতে, ২০১৪ৰ পৰা ২০২৬ চনলৈকে মোদী চৰকাৰে এই অঞ্চলত ১,৪৯,৬৪৬ কোটি টকাৰ উন্নয়নমূলক কাম সম্পন্ন কৰিছে। ইয়াৰ ফলত উন্নয়নৰ ব্যয় চাৰিগুণতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আবণ্টিত পুঁজি ১৮ গুণ বৃদ্ধি আৰু অনুদান সাহায্য ১.৫ গুণ বৃদ্ধি পোৱাটোৱে প্ৰমাণ কৰে যে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক কেৱল শ্লোগান হিচাপে গ্ৰহণ কৰা নাই, বৰং বাস্তৱ ৰূপ দিছে। বাজেটৰ জৰিয়তে অঞ্চলটোত ব্যাপক উন্নয়নমূলক কাম সম্পন্ন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

অমিত শ্বাহে কয় যে অৰুণাচল প্ৰদেশত ১৩,০০০ ফুট উচ্চতাত ৮২৫ কোটি টকা ব্যয়েৰে ১২ কিলোমিটাৰ দীঘল ছেলা সুৰংগ নিৰ্মাণ কৰা হৈছে। এয়া বিশ্বৰ আটাইতকৈ দীঘল দ্বৈত লেনযুক্ত সুৰংগ। ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ পাছিঘাট-ধেমাজিৰ সৈতে অসমৰ ডিব্ৰুগড়ক সংযোগ কৰা দেশৰ আটাইতকৈ দীঘল ৰে’লপথ সংযুক্ত দলং বগীবিল দলং উদ্বোধন কৰিছিল।
তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ গ্ল’ হ্ৰদক ভাৰতৰ ১০১সংখ্যক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এয়া ৰাজ্যখনৰ প্ৰথম ৰামছাৰ ক্ষেত্ৰ। নামচিক-নামফুকত ৰাজ্যখনৰ প্ৰথমটো অনুমোদিত বাণিজ্যিক কয়লা খনি উদ্বোধন কৰা হৈছে। পূবৰ পৰা পশ্চিমলৈকে ৰাজ্যখনৰ সকলো সীমান্তৱৰ্তী অঞ্চল সংযোগ কৰাৰ উদ্দেশ্যে ৪৪,০০০ কোটি টকা ব্যয় সাপেক্ষে ১,৫০০ কিলোমিটাৰ দীঘল অৰুণাচল ফ্ৰণ্টিয়াৰ হাইৱে’ নিৰ্মাণৰ অনুমোদন দিয়া হৈছে।

শ্বাহে কয় যে ৩২,০০০ কোটি টকা ব্যয়েৰে ২,৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন দিবাং জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ৬,৬০০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আঠটা পেকেজৰ কাম আৰম্ভ কৰা হৈছে। ২,০০০ কিলোমিটাৰ দীঘল আন এটা ফ্ৰণ্টিয়াৰ হাইৱে’ আৰু মেকমোহন লাইন সংলগ্ন আন এটা পথ নিৰ্মাণৰ পৰিকল্পনাতো অনুমোদন জনোৱা হৈছে।

তেওঁ লগতে কয় যে পশ্চিম কামেং আৰু টাৱাং জিলাৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৩০০ কিলোমিটাৰ দীঘল বালিপাৰা-চাৰিদুৱাৰ-টাৱাং পথত নেচিফু সুৰংগ নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২০১৪ চনত বাৰ্ষিক ৰে’ল বাজেট ২,১০০ কোটি টকা আছিল। ২০২৬-২৭ বিত্তীয় বৰ্ষত এই পৰিমাণ বৃদ্ধি কৰি ১১,৪৮৬ কোটি টকা কৰা হৈছে।
নিৰাপত্তাজনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি তথা ৰাজ্যখনত পৰ্যটন, বাণিজ্য আৰু উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে ৬৫০ কোটি টকা ব্যয়েৰে ডঞি প'ল’ বিমানবন্দৰ কাৰ্যক্ষম কৰা হৈছে। হলংগীত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। আনহাতে, তেজু বিমানবন্দৰ উন্নীত কৰি কাৰ্যক্ষম কৰা হৈছে। কেইবাটাও শক্তি প্ৰকল্পৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে অৰুণাচল প্ৰদেশ এখন ৰাজহ উদ্বৃত্ত ৰাজ্য হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰায় ২৩ হাজাৰ কৃষকে সুবিধা লাভ কৰিছে। ২ লাখ ৩০ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ সংযোগ প্ৰদান কৰা হৈছে। ১ লাখ ৯০ হাজাৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে পৰিয়ালসমূহে পাঁচ লাখ টকালৈকে চিকিৎসা সাহায্য লাভ কৰাৰ সুবিধা পাইছে। প্ৰতিমাহে প্ৰতিজন ব্যক্তিক পাঁচ কিলোগ্ৰামকৈ খাদ্যশস্য প্ৰদানৰ জৰিয়তে মুঠ ৮ লাখ ৩২ হাজাৰ লোক উপকৃত হৈছে। উজ্জ্বলা আঁচনিৰ অধীনত ৫৬ হাজাৰ পৰিয়ালক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। লগতে ১২ হাজাৰ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ সুবিধা দিয়া হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে নতুন ফৌজদাৰী আইন প্ৰণয়ন কৰিছে। ব্ৰিটিছ শাসনকালত প্ৰণয়ন কৰা পুৰণি আইনসমূহ বাতিল কৰি ভাৰতৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত সংসদে এই নতুন আইনসমূহ গৃহীত কৰিছে। ইয়াৰ জৰিয়তে দেশত শান্তি আৰু ন্যায়ৰ এক নতুন যুগৰ সূচনা হৈছে।

তেওঁ কয় যে নতুন ফৌজদাৰী আইনসমূহত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ব্যাপক আইনী ব্যৱস্থা ৰখা হৈছে। নাগৰিকক কেন্দ্ৰত ৰাখি আৰু তেওঁলোকৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই আইনসমূহ প্ৰস্তুত কৰা হৈছে। শ্বাহে কয় যে ২০২৭ চনৰ পাছত পঞ্জীয়ন হোৱা প্ৰতিখন এজাহাৰৰ বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয় পৰ্যায়লৈকে তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ ফলত ন্যায় লাভৰ ক্ষেত্ৰত কোনো লোকেই বিলম্বৰ সন্মুখীন হ’বলগীয়া নহ’ব।

অমিত শ্বাহে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সমগ্ৰ দেশক নিচামুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ‘গ’ল্ডেন ট্ৰায়েংগল’ৰ প্ৰৱেশদ্বাৰত অৱস্থিত অৰুণাচল প্ৰদেশকো নিচামুক্ত কৰা হ’ব। তেওঁ অৰুণাচল প্ৰদেশক ভাৰতৰ প্ৰহৰী হিচাপে কাম কৰিবলৈ আহ্বান জনাই কয় যে ৰাজ্যখনৰ মাজেৰে যাতে অলপো নিচাজাতীয় দ্ৰব্য দেশৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰক্ষীৰ ওপৰত বিশেষ দায়িত্ব আছে। তেওঁ কয় যে আমি সকলোৱে মিলি অৰুণাচল প্ৰদেশক নিচামুক্ত কৰাৰ লগতে ৰাজ্যখনৰ পৰা যাতে এটুকুৰা নিচাজাতীয় দ্ৰব্যও ভাৰতৰ কোনো স্থানলৈ যাব নোৱাৰে, সেয়াও নিশ্চিত কৰিম।
ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP) সন্দৰ্ভত ছিয়াং অঞ্চলৰ জনসাধাৰণক আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এইটো অৰুণাচল প্ৰদেশৰ উন্নয়ন, দেশৰ শক্তি সুৰক্ষা, ৰাজ্যখনৰ বাজেট আৰু ৰাজহ তথা কৌশলগত স্বাৰ্থৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্প।
তেওঁ আশ্বাস দিয়ে যে চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ সৈতে ইতিবাচক আৰু গঠনমূলক আলোচনাত মিলিত হ’ব আৰু তেওঁলোকৰ মতামতক সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব। আলোচনাৰ জৰিয়তেহে আগবঢ়াৰ পথ বিচাৰি উলিওৱা হ’ব। শ্বাহে কয় যে চৰকাৰে স্থানীয় জনসাধাৰণৰ সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে আৰু ইয়াৰ কোনো ক্ষতি নকৰাকৈ প্ৰকল্পটো আগবঢ়াই নিয়া হ’ব।
তেওঁ আশ্বাস দিয়ে যে অঞ্চলটোৰ পৰম্পৰা, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ কোনো ক্ষতি নকৰাকৈ চৰকাৰে ভাৰতৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় পুনৰ্সংস্থাপন পেকেজ আগবঢ়াব। স্থানীয় জনসাধাৰণে এই বিষয়ত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা উচিত আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতেও আলোচনা কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে।
শ্বাহে কয় যে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ এই প্ৰকল্পটো কেৱল ইতিবাচক আলোচনা আৰু এক ফলপ্ৰসূ পুনৰ্সংস্থাপন পেকেজৰ জৰিয়তেহে আগবঢ়াই নিয়া হ’ব। প্ৰতিটো পৰ্যায়তে স্থানীয় জনসাধাৰণক আস্থাত লোৱা হ’ব বুলিও তেওঁ পুনৰ আশ্বাস দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ কাশ্মীৰৰ পুলৱামাত সংঘটিত এক সংঘৰ্ষত কাশ্মীৰ আৰক্ষীয়ে লস্কৰ-ই-তৈবাৰ সৈতে জড়িত অন্তিমজন সক্ৰিয় কাশ্মীৰী সন্ত্ৰাসবাদীক নিধন কৰিছে। তেওঁ কয় যে কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী নাই আৰু তাত থকা বাকী সন্ত্ৰাসবাদীসকল বিদেশী।
তেওঁ কয় যে নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাসমূহৰ ৩৫ বছৰীয়া সংগ্ৰাম, নিৰন্তৰ সাহসিকতা, নিষ্ঠা আৰু ত্যাগৰ ফলতেই এই বৃহৎ সফলতা লাভ কৰা সম্ভৱ হৈছে। ১৯৯০ৰ দশকত কাশ্মীৰত সন্ত্ৰাসবাদে চৰম ৰূপ ধাৰণ কৰিছিল আৰু সেই সময়ত কাশ্মীৰক আৰু কিমান দিন নিয়ন্ত্ৰণত ৰাখিব পৰা যাব, তাক লৈ উদ্বেগৰ সৃষ্টি হৈছিল। সেই সময়ত নিৰাপত্তা বাহিনীৰ সাহসিকতাৰ বাবেই কাশ্মীৰ ভাৰতৰ সৈতে একত্ৰিত হৈ থাকিবলৈ সক্ষম হৈছিল।
২০১৯ চনত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ সময়ত সমগ্ৰ বিৰোধী পক্ষই একত্ৰিত হৈ অনুচ্ছেদ ৩৭০ৰ সৈতে সন্ত্ৰাসবাদৰ কি সম্পৰ্ক আছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল। শ্বাহে কয় যে আজি গৌৰৱৰ বিষয় যে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ মাজত বিচ্ছিন্নতাবাদী মনোভাবৰ অৱসান ঘটিছে। ইয়াৰ ফলস্বৰূপে আজি কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ সৈতে জড়িত এজনো কাশ্মীৰী যুৱক নাই।
তেওঁ কয় যে এয়া কেৱল এজন সন্ত্ৰাসবাদীৰ জীৱনৰ অৱসান নহয়, বৰং কাশ্মীৰ উপত্যকাত বিচ্ছিন্নতাবাদী আদৰ্শৰ অৱসানৰো আৰম্ভণি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনৰ পৰা কাশ্মীৰ উপত্যকাত উন্নয়নৰ যি ধাৰা আৰম্ভ হৈছে, আগন্তুক সময়ছোৱা উপত্যকাটোৰ বাবে অতি আশাব্যঞ্জক হ’ব বুলি তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে।
****
RK/PR/PS/DM