গিৰিশ কাচাৰাভাল্লীৰ বাবে চলচ্চিত্ৰ কেৱল কাহিনী কোৱাৰ কলা নহয়; বৰঞ্চ সমাজে চাবলৈ অস্বীকাৰ কৰা কাহিনীবোৰৰ মুখামুখি হোৱাৰ সাহসহে। জাতিভেদ আৰু সামাজিক স্তৰবিন্যাসৰ পৰা আৰম্ভ কৰি ধৰ্মীয় আধিপত্য আৰু দুৰ্বল জনগোষ্ঠীসমূহৰ উপান্তকৰণলৈকে— এই ‘বৰ্জন বা পাৰ্থক্যকৰণ’ৰ প্ৰক্ৰিয়াটোৱেই তেওঁৰ পাঁচ দশকজোৰা চলচ্চিত্ৰ যাত্ৰাত এক অন্যতম মূল বিষয় হৈ আহিছে। আজি গোৱাৰ কলা একাডেমীত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) ‘ইন কনভাৰচেচন’ অধিৱেশন ‘দ্য মৰেল ইউনিভাৰ্ছ অব্ পেৰেলেল চিনেমা: ৫০ ইয়েৰ্ছ অব্ গিৰিশ কাচাৰাভাল্লী’ত তেওঁৰ এই দৰ্শনেই মুখ্য স্থান লাভ কৰে।
১৯৭৭ চনৰ তেওঁৰ প্ৰথমখন ছবি ‘ঘটশ্ৰাদ্ধ’ৰ পৰা আৰম্ভ কৰি ‘তবৰনা কাথে’, ‘থাই চাহেবা’ আৰু ‘দ্বীপা’ৰ দৰে বহুল প্ৰশংসিত ছবিলৈকে নিজৰ অসাধাৰণ চলচ্চিত্ৰ যাত্ৰাৰ খতিয়ান দাঙি ধৰি ১৪ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী এইগৰাকী প্ৰখ্যাত কানাড়া চলচ্চিত্ৰ নিৰ্মাতাই বাণিজ্যিক আৰু কলাত্মক চলচ্চিত্ৰৰ মাজৰ পৰম্পৰাগত বিভাজনক প্ৰত্যাহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো চলচ্চিত্ৰীয় অভিব্যক্তিৰেই এক মতাদৰ্শগত অৱস্থান থাকে। তেওঁ মন্তব্য কৰে, “ ‘কেৱল মনোৰঞ্জন’ বুলি কোনো কথা নাই। আনকি মনোৰঞ্জনো এক ৰাজনৈতিক ৰূপহে,” আৰু লগতে স্পষ্ট কৰি দিয়ে যে চলচ্চিত্ৰ নিৰ্মাতাসকলে অৱধাৰিতভাৱে হয় প্ৰচলিত সামাজিক মতাদৰ্শক সমৰ্থন কৰে নহয় তাক প্ৰত্যাহ্বান জনায়।
নতুন কানাড়া চলচ্চিত্ৰৰ বিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি তেওঁ ধাৰ কৰা কাঠামোৰ পৰিৱৰ্তে ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক বাস্তৱতাৰ শিপাত প্ৰোথিত এক থলুৱা চলচ্চিত্ৰীয় ভাষা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা কয়। তেওঁ লক্ষ্য কৰে, “কোনো এখন ছবিত শৈলী জাপি দিয়া নহয়; ই বিষয়বস্তুৰ ভিতৰৰ পৰাহে উদ্ভৱ হয়।” নিজৰ কাহিনী কথনৰ দৰ্শন স্পষ্ট কৰি তেওঁ লগতে কয়, “কাহিনীটোৰ পটভূমি বা কাহিনীভাগ গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ কাহিনীটোৰ দৃষ্টিভংগীহে গুৰুত্বপূৰ্ণ।” তেওঁ দুৰ্বল জনগোষ্ঠীসমূহক সমাজৰ মূলসুঁতিৰ পৰা আঁতৰাই ৰখা বা উপান্তকৰণ কৰা ‘বৰ্জন’ৰ প্ৰক্ৰিয়াটোক নিজৰ ছবিসমূহৰ মূল কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত কৰে।
সৰলীকৃত নৈতিক সিদ্ধান্তক নাকচ কৰি কাচাৰাভাল্লীয়ে বুজাই দিয়ে যে চলচ্চিত্ৰই কোনো ৰায়দান কৰাতকৈ দৰ্শকক চিন্তা কৰিবলৈহে উদ্গনি যোগাব লাগে। সাহিত্যিক ইউ আৰ অনন্তমূৰ্তিৰ প্ৰতিটো উত্তৰ এটা ‘কিন্তু’ৰে শেষ কৰাৰ দৰ্শনৰ উদ্ধৃতি দি তেওঁ কয়, “চলচ্চিত্ৰৰ জৰিয়তে ‘এইটো শুদ্ধ, এইটো ভুল’ বুলি কোৱাটোৱেই নিজেই এটা ভুল কথা। মই সহজতে কোনো সিদ্ধান্ত বা ৰায় নিদিওঁ, কাৰণ ই দৰ্শকক চিন্তা কৰিবলৈ বাধ্য কৰায়।”
বাৰ্তালাপত তেওঁৰ ছবিসমূহত নাৰীৰ চিত্ৰায়ণ আৰু তেওঁলোকৰ অসাধাৰণ সহনশীলতাৰ বিষয়েও আলোচনা কৰা হয়। ‘দ্বীপা’ ছবিখনৰ কথা উল্লেখ কৰি তেওঁ মুখ্য চৰিত্ৰ নাগীয়ে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা ব্যৱহাৰিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে আৰু নাগীৰ সংলাপ সুঁৱৰি কয়: “মোক বৰ্তমানটোক আনন্দদায়ক কৰি তুলিবলৈ দিয়া।” তেওঁ কয় যে নাৰীসকলে প্ৰায়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱা আৰু জীৱনৰ অনিশ্চয়তাবোৰৰ সন্মুখীন হোৱাৰ এক অসাধাৰণ সামৰ্থ্য প্ৰদৰ্শন কৰে।
নিজৰ সৃজনশীল প্ৰক্ৰিয়াৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰি কাচাৰাভাল্লীয়ে কয় যে তেওঁ ষ্ট’ৰীব’ৰ্ডতকৈ অতি সূক্ষ্ম আৰু বিতং চিত্ৰনাট্যকহে অগ্ৰাধিকাৰ দিয়ে, যাতে তেওঁৰ সহযোগীসকলে তেওঁৰ দৃশ্যগত কল্পনাক পৰ্দাত সঠিকভাৱে ৰূপায়ণ কৰিব পাৰে। চলচ্চিত্ৰ নিৰ্মাণৰ সমূহীয়া প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “চলচ্চিত্ৰৰ বীজ মোৰ মনত অংকুৰিত হয়, কিন্তু ইয়াক আনসকলেহে বাস্তৱায়িত কৰে।” তেওঁ লগতে কয় যে চলচ্চিত্ৰ হৈছে অৱশেষত এক অভিজ্ঞতা প্ৰদান কৰাৰ মাধ্যম, কেৱল বিবৃতি দিয়াৰ মাধ্যম নহয়।
সাংস্কৃতিক মৌলিকতাৰ বাবে এক আৱেগিক আহ্বানেৰে অনুষ্ঠানটোৰ সামৰণি মাৰি তেওঁ জুলিঅ’ গাৰ্চিয়া এছপিনোছাৰ ‘অসম্পূৰ্ণ চলচ্চিত্ৰ’ৰ দৰ্শনৰ কথা উল্লেখ কৰে আৰু ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক বাহিৰৰ পৰা জাপি দিয়া মাপকাঠীৰে নিজকে জোখাৰ পৰিৱৰ্তে নিজৰ সাংস্কৃতিক আৰু দৃশ্যগত পৰিচয়ৰ শিপাত খামুচি ধৰি থাকিবলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয়, “আন কাৰোবাৰ মাপকাঠীৰে মই কিয় ‘নিখুঁত’ হ’ব লাগে? মই মোৰ নিজৰ পৰিৱেশ আৰু সমাজৰ প্ৰতিহে দায়বদ্ধ হ’ব লাগে।”
এই অধিৱেশনখনে এনে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ জীৱন আৰু কৰ্মৰ এক আলোকসন্ধানী অৱলোকন দাঙি ধৰে, যাৰ ভাৰতীয় চলচ্চিত্ৰলৈ পাঁচ দশকজোৰা অৱদানে আজিও পৰম্পৰাগত ধাৰণাক প্ৰত্যাহ্বান জনাই আহিছে, সামাজিক স্তৰবিন্যাসক প্ৰশ্ন কৰিছে আৰু মানৱীয় মৰ্যাদা তথা বিবেকৰ জটিলতাবোৰ অন্বেষণ কৰিছে। তেওঁৰ চিন্তাধাৰাই এই কথাও সোঁৱৰাই দিয়ে যে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰকৃত শক্তি নিহিত হৈ আছে দেশৰ বৈচিত্ৰ্যময় সাংস্কৃতিক অভিজ্ঞতাৰ শিপাত প্ৰোথিত হৈ নিজা কণ্ঠস্বৰ বিচাৰি উলিওৱাৰ সামৰ্থ্যত।
অধিৱেশনখন সঞ্চালনা কৰে প্ৰখ্যাত চলচ্চিত্ৰ সাংবাদিক, সমালোচক তথা লেখক নমন ৰামচন্দ্ৰনে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Swadhin/ Darshana Rane | IFFI 57 - 047