প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এঝিমালাৰ ভাৰতীয় নৌসেনা একাডেমীত চলিত বৰ্ষৰ শৰৎকালীন পাঠ্যক্ৰম সমাপ্তিৰ কুচকাৱাজ (PASSING OUT PARADE)-ৰ অভিবাদন গ্ৰহণ কৰিব

পোষ্ট কৰা হৈছে: 21 NOV 2026 2:20PM by PIB Guwahati

ভাৰতীয় নৌসেনা একাডেমীত চলিত বৰ্ষৰ শৰৎকালীন পাঠ্যক্ৰমৰ সমাপ্তিৰ কুচকাৱাজ (PASSING OUT PARADE) অহা ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কুচকাৱাজ (পেৰেড)ৰ অভিবাদন গ্ৰহণ কৰিব। এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ভাৰতীয় নৌসেনাত কমিছনড বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিব।

 

একাডেমীখনৰ পেৰেইৰা পেৰেড গ্ৰাউণ্ডত হ’বলগীয়া এই পেৰেডত বিভিন্ন পাঠ্যক্ৰমৰ ৪০০ গৰাকীৰো অধিক বিষয়া প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। এই পেৰেডে একাডেমীত তেওঁলোকৰ প্ৰশিক্ষণৰ সামৰণি চিহ্নিত কৰিব। পেৰেডত একাডেমীত প্ৰদান কৰা প্ৰশিক্ষণৰ অনুশাসন, নিখুঁততা আৰু উচ্চ মান প্ৰতিফলিত হ’ব, যি প্ৰশিক্ষাৰ্থীসকলক নেতৃত্ব আৰু সেৱাৰ দায়িত্ব তথা প্ৰত্যাহ্বানসমূহৰ বাবে প্ৰস্তুত কৰি তুলিছে। প্ৰশিক্ষাৰ্থীসকলৰ পেছাদাৰী দক্ষতা, নেতৃত্ব প্ৰদানৰ গুণ, শাৰীৰিক সহনশীলতা আৰু চৰিত্ৰ গঠনৰ লক্ষ্যৰে  বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ লগতে তেওঁলোকৰ মাজত কৰ্তব্য, সন্মান আৰু সাহসৰ মূল আদৰ্শসমূহো গঢ়ি তোলা হৈছে।

 

বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰসমূহৰ পৰা অহা বিষয়া প্ৰশিক্ষাৰ্থীসকলে ভাৰতীয় প্ৰশিক্ষাৰ্থীসকলৰ সৈতে একেলগে এই পেৰেডত অংশগ্ৰহণ কৰাটো সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰা আৰু বন্ধুত্বপূৰ্ণ সামুদ্ৰিক ৰাষ্ট্ৰসমূহৰ সৈতে সুদীৰ্ঘ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন। ভাৰতীয় নৌসেনা একাডেমীত একেলগে প্ৰশিক্ষণ গ্ৰহণে পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ লগতে পেছাদাৰী সম্পৰ্ক আৰু সৌহাৰ্দ্য সুদৃঢ় কৰে তথা সামুদ্ৰিক নিৰাপত্তা আৰু সহযোগিতাৰ প্ৰতি উমৈহতীয়া দায়বদ্ধতাক উৎসাহিত কৰে।

 

অনুষ্ঠানত প্ৰশিক্ষণৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিষয়া প্ৰশিক্ষাৰ্থীসকলক পদক আৰু ট্ৰফী প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হ’ব পৰম্পৰাগত পদবীৰ বেজ প্ৰদান (Shipping of Stripes) অনুষ্ঠান। ইয়াৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলক কমিছনড বিষয়া হিচাপে পদবী প্ৰদান কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰশিক্ষাৰ্থীৰ পৰা বিষয়া হিচাপে তেওঁলোকৰ উত্তৰণ ঘটিব আৰু তেওঁলোকৰ ওপৰত নৌসেনাৰ কৰ্মীসকলক নেতৃত্ব দিয়াৰ লগতে সন্মান সহকাৰে দেশৰ সেৱা কৰাৰ গুৰুদায়িত্ব অৰ্পণ কৰা হ’ব।

 

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সাক্ষী হ’ব পাছিং আউট পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সদস্যসকল, যিসকলে তেওঁলোকৰ প্ৰশিক্ষণৰ সমগ্ৰ যাত্ৰাত সহায় আৰু সমৰ্থন আগবঢ়াই আহিছে। ইয়াৰ লগতে নৌসেনাৰ ভৱিষ্যৎ নেতৃত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনা একাডেমীৰ প্ৰশিক্ষকসকলৰ অৱদানকো এই অনুষ্ঠানে স্বীকৃতি প্ৰদান কৰিব।

 

২০২৬ চনৰ শৰৎকালীন পাঠ্যক্ৰমৰ পাছিং আউট পেৰেড ভাৰতীয় নৌসেনাৰ চৰকাৰী ছ’চিয়েল মিডিয়া মাধ্যমসমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব, যাতে দেশ-বিদেশৰ ৰাইজে এই অনুষ্ঠান প্ৰত্যক্ষ কৰিব পাৰে।

 

VM/SPS/UD


(ৰিলিজ আই ডি : 2339600) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी