প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰথম এছ চি অ’ সভ্যতাগত আলোচনা মঞ্চ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

সাম্ৰাজ্যসমূহে হয়তো বিশ্বৰ মানচিত্ৰ পুনৰ অংকন কৰিছে, কিন্তু সভ্যতাগত আলোচনাসমূহে বিশ্বৰ চিন্তা-চৰ্চাক ৰূপান্তৰিত আৰু সমৃদ্ধ কৰিছে; সেয়েহে, এছ চি অ’ সভ্যতাগত সন্মিলন কেৱল এক আনুষ্ঠানিক মঞ্চ নহয়; ই বিশ্ববাসীক দিশ নিৰ্দেশনা দিয়াৰ এক মঞ্চ হৈ উঠিব পাৰে: প্ৰধানমন্ত্ৰী

একবিংশ শতিকাৰ প্ৰযুক্তিয়ে বিশ্বত সাংস্কৃতিক সংযোগৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে; যিবোৰ পথেৰে এসময়ত আমাৰ পূৰ্বপুৰুষসকলে মাহৰ পাছত মাহ ধৰি যাত্ৰা কৰিবলগীয়া হৈছিল, আজি সেইসমূহ দেশৰেই লোকসকলে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে: প্ৰধানমন্ত্ৰী

ডিজিটেল প্লেটফৰ্মসমূহে জ্ঞানৰ বিনিময়, সাংস্কৃতিক বিনিময় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পূৰ্বতকৈ অধিক সহজ কৰি তুলিছে; এছ চি অ’ দেশসমূহে এই নতুন সম্ভাৱনাসমূহৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত: প্ৰধানমন্ত্ৰী

আমাৰ ৰাষ্ট্ৰসমূহৰ সংগ্ৰহালয়, পুথিভঁৰাল আৰু অভিলেখাগাৰসমূহত হাজাৰ হাজাৰ বছৰৰ এক অমূল্য ঐতিহ্য সংৰক্ষিত হৈ আছে; প্ৰাচীন পাণ্ডুলিপি, দুষ্প্ৰাপ্য গ্ৰন্থ, ঐতিহাসিক নথিপত্ৰ আৰু প্ৰত্নতাত্ত্বিক সামগ্ৰীসমূহে আমাৰ গভীৰ সম্পৰ্কৰ বহুতো দিশ আলোকিত কৰে; আজি প্ৰযুক্তিয়ে এই ঐতিহ্য নৱপ্ৰজন্মৰ হাতত তুলি দিয়াৰ অপৰিসীম সুযোগ প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

আমি প্ৰাচীন গ্ৰন্থসমূহৰ ডিজিটাইজেচন আৰু অনুবাদৰ ক্ষেত্ৰত সহযোগিতা কৰিব পাৰোঁ আৰু যৌথ গৱেষণা প্ৰকল্পৰ জৰিয়তে আমাৰ উমৈহতীয়া ইতিহাসৰ নতুন দিশসমূহ উন্মোচন কৰিব পাৰোঁ; ইয়াৰ ফলত বিশ্বৰ যিকোনো প্ৰান্তৰ যুৱক-যুৱতীসকলে আন এখন দেশৰ সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে বহু গভীৰভাৱে বুজি পোৱাৰ সুযোগ লাভ কৰিব: প্ৰধানমন্ত্ৰী

আমাৰ সংস্কৃতিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ৰ শিক্ষা দিছে, যাৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বই আমাৰ পৰিয়াল; সেয়েহে, ইয়াত আমাৰ নিজৰ কল্যাণৰ আকাংক্ষা বিশ্ব কল্যাণৰ ভাৱনাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে; আমি পাৰস্পৰিক সদ্ভাৱকেই বিশ্ব কল্যাণৰ আধাৰ বুলি গণ্য কৰোঁ: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 20 NOV 2026 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ পুৰণা কিল্লাত প্ৰথম ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’) সভ্যতাগত আলোচনা মঞ্চ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি তেওঁ এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিশিষ্ট ব্যক্তিসকল, মন্ত্ৰীসকল, ৰাষ্ট্ৰদূতসকল, উচ্চায়ুক্তসকল, পণ্ডিতসকল, শিল্পীসকল আৰু অতিথিসকলক আদৰণি জনায়। বিশ্বজুৰি চলি থকা যুদ্ধ আৰু অস্থিৰতাৰ সময়ত সভ্যতাগত সম্পৰ্কৰ ওপৰত এনে এক সংলাপ অনুষ্ঠিত কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে সাংস্কৃতিক সংযোগেই বিশ্ব শান্তিৰ আটাইতকৈ  শক্তিশালী আশ্ৱস হিচাপে কাম কৰে। তেওঁ লগতে কয় যে

 এই পদক্ষেপে ছাংহাই সহযোগিতা সংস্থাৰ ২৫ সংখ্যক বাৰ্ষিকী তথা নিৰাপত্তা, অৰ্থনীতি আৰু যোগাযোগৰ ক্ষেত্ৰত বৃদ্ধি পোৱা সহযোগিতাক অধিক শক্তিশালী কৰিব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আমাৰ উমৈহতীয়া সভ্যতাগত অভিজ্ঞতাই বিশ্বখনক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।” 

 

 

মহাভাৰত যুগৰ পৰা হাজাৰ হাজাৰ বছৰ পুৰণি ইতিহাস থকা বুলি পণ্ডিতসকলে মত পোষণ কৰা এক সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ পুৰণা কিল্লাৰ ঐতিহাসিক পটভূমিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰাচীন স্থানত অনুষ্ঠিত হোৱা বিশাল সাংস্কৃতিক পৰিৱেশন, উৎসাহপূৰ্ণ বৈদিক মন্ত্ৰোচ্চাৰণ, বৌদ্ধ দৰ্শনৰ উপস্থাপন আৰু হনুমানৰ যাত্ৰাৰ চিত্ৰণে ভাৰতীয় সংস্কৃতিৰ লগতে ভৌগোলিক সীমা অতিক্ৰম কৰি প্ৰেম, একতা আৰু মানৱ কল্যাণৰ সাৰ্বজনীন বাৰ্তা প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “আপোনালোক সকলোৱেও এই অনুষ্ঠানটো উপভোগ কৰিব, আৰু ইয়াক ঐতিহাসিক কৰি তুলি এক নতুন পৰম্পৰাৰ ভেটি স্থাপন কৰিব, যাৰ বাবে ভৱিষ্যতে আপোনালোক সকলোকে মনত ৰাখিব।”

 

প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে সিন্ধু উপত্যকাৰ সভ্যতা আৰু মেছ'পটেমিয়াৰ মাজৰ বাণিজ্যিক সম্পৰ্কৰ পৰা আৰম্ভ কৰি ভাৰত, চীন, মধ্য এছিয়া আৰু ইউৰেছিয়াক সংযোগ কৰা ৰেচম পথ আৰু বাণিজ্যিক নেটৱৰ্কলৈকে শতিকা পুৰণি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ সূত্ৰ বিচাৰি—য’ত ব্যৱসায়ী, পণ্ডিত, পৰিব্ৰাজক আৰু ফাহিয়ান, হিউৱেন চাং, ইজিং আৰু কুচাত জন্মগ্ৰহণ কৰা কুমাৰজীৱৰ দৰে বৌদ্ধ ভিক্ষুসকলৰ লগতে নালন্দাৰ দৰে শিক্ষানুষ্ঠান আৰু কুচা তথা ডুনহুয়াঙৰ দৰে কেন্দ্ৰসমূহে ধাৰণা, ভাষা আৰু বৌদ্ধ গ্ৰন্থৰ আদান-প্ৰদানৰ জৰিয়তে সভ্যতাসমূহক সমৃদ্ধ কৰিছিল । শতিকাজোৰা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ইতিহাস বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে সাংস্কৃতিক বাৰ্তালাপৰ চিৰস্থায়ী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে, “সাম্ৰাজ্যসমূহে নিশ্চয়কৈ বিশ্বৰ মানচিত্ৰ সলনি কৰিছে, কিন্তু সভ্যতাগত বাৰ্তালাপে বিশ্বৰ চিন্তাধাৰা সলনি কৰিছে আৰু সেইবোৰক সমৃদ্ধ কৰিছে।“

 

প্ৰকাশভংগী সলনি হ’লেও জ্ঞান যিদৰে বিভিন্ন অঞ্চললৈ বিয়পি পৰে, সেইদৰে ইয়াৰ আলোকিত কৰা প্ৰভাৱ সদায় একে থাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘পঞ্চতন্ত্ৰ’ই পাৰ্চী আৰু আৰবী ভাষাত ‘কলিলা ৱা দিমনা’ (Kalila wa Dimna) হিচাপে যাত্ৰা কৰি যুগ যুগ ধৰি অমৰ হৈ থকাৰ লগতে ‘ৰামায়ণে’ কম্বোডিয়াত ‘ৰিয়ামকেৰ’ হিচাপে দক্ষিণ-পূব এছিয়াৰ স্থানীয় সংস্কৃতি, পৰিৱেশ্য কলা আৰু সাহিত্যক কিদৰে সমৃদ্ধ কৰিছিল তাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “জ্ঞান যি ৰূপতেই নাথাকক কিয়, ই কেৱল পোহৰহে বিয়পায়।”

 

বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত আন্তঃসাংস্কৃতিক বিনিময়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পণ্ডিত ব্ৰহ্মগুপ্তৰ গাণিতিক ধাৰণাসমূহ কিদৰে বাগদাদ পাইছিলগৈ সেই কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, “তাত আল-খোৱাৰিজমীৰ দৰে পণ্ডিতসকলে গণিতৰ জ্ঞানক আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।”

 

স্থাপত্য আৰু সংগীতৰ উমৈহতীয়া ঐতিহ্য, য’ত মধ্য এছিয়াৰ ‘মাকাম’ আৰু ভাৰতীয় ‘ৰাগ’ পৰম্পৰাৰ মাজৰ সম্পৰ্ক, ভাৰতত কাৱালীক সমৃদ্ধ কৰা চুফী প্ৰভাৱ আৰু সমৰকন্দ তথা হেৰাটৰ মধ্য এছিয়াৰ উদ্যান পৰম্পৰাই ‘চাৰবাগ’ শৈলীক গঢ় দিয়া আদি অন্তৰ্ভুক্ত। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে মুক্ত সাংস্কৃতিক বিনিময় অব্যাহত ৰখাৰ মূল্যবোধৰ ওপৰত জোৰ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এই বিনিময় যাতে আজিও অবাধ গতিত চলি থাকে, তাৰ বাবে এই সন্মিলন আৰু এনে পদক্ষেপসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰে।”

 

প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ প্ৰযুক্তিয়ে সাংস্কৃতিক সংযোগৰ অভূতপূৰ্ব সুযোগ মুকলি কৰি দিছে বুলি গুৰুত্ব আৰোপ কৰে। যাৰ ফলত এসময়ত মাহৰ পাছত মাহ যাত্ৰা কৰিবলগীয়া হোৱা অঞ্চলসমূহৰ লোকসকলে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে সংযোগ স্থাপন কৰিব পাৰিছে আৰু ডিজিটেল প্লেটফৰ্মসমূহে জ্ঞানৰ বিনিময়, সাংস্কৃতিক বিনিময় তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুচল কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে এই অগ্ৰগতিসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এছচিঅ’ দেশসমূহে এই নতুন সম্ভাৱনাসমূহৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত।”

 

সংগ্ৰহালয়, পুথিভঁৰাল আৰু অভিলেখাগাৰসমূহত সংৰক্ষিত হৈ থকা হাজাৰ হাজাৰ বছৰৰ ঐতিহ্য—যেনে প্ৰাচীন পাণ্ডুলিপি, দুষ্প্ৰাপ্য গ্ৰন্থ, ঐতিহাসিক নথিপত্ৰ আৰু প্ৰত্নতাত্ত্বিক সামগ্ৰীসমূহ সংৰক্ষণ আৰু ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সমবেত অতিথিসকলৰ সৈতে পৰামৰ্শ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে প্ৰাচীন গ্ৰন্থসমূহৰ ডিজিটাইজেচন আৰু অনুবাদৰ লগতে উমৈহতীয়া ইতিহাসৰ ওপৰত যৌথ গৱেষণা প্ৰকল্প গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ইয়াৰ ফলত বিশ্বৰ যিকোনো প্ৰান্তত বহি থকা এজন যুৱক বা এগৰাকী যুৱতীয়ে আন এখন দেশৰ সাংস্কৃতিক ঐতিহ্যক বহু উন্নত ধৰণে বুজি পাবলৈ সক্ষম হ’ব।”

 

আজি সম্পদ বৃদ্ধি পোৱাৰ পাছতো বহু মহান সাহিত্যিক আৰু বৌদ্ধিক কৰ্ম সীমিত সংখ্যক ভাষাতহে উপলব্ধ হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰসাৰ বৃদ্ধিৰ বাবে প্ৰযুক্তিগত সঁজুলিসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সেইবোৰৰ অনুবাদৰ কামত নতুন গতি প্ৰদান কৰিব পৰা যায়।”

 

সংগ্ৰহালয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা যৌথ প্ৰদৰ্শনী, বিশ্ববিদ্যালয়সমূহৰ মাজত পণ্ডিত আৰু গৱেষকৰ বিনিময়, ৰেচম পথ আৰু বৌদ্ধ ঐতিহ্য ক্ষেত্ৰসমূহক সংযোগ কৰা ঐতিহ্য চাৰ্কিট আৰু সাংস্কৃতিক পথ, সাংস্কৃতিক পৰ্যটন, যৌথ সাংস্কৃতিক মহোৎসৱ, আৰু শিল্পীৰ বিনিময় আদি অন্তৰ্ভুক্ত সাংস্কৃতিক বিনিময়ৰ অতিৰিক্ত পথসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এনে পদক্ষেপসমূহৰ মানৱীয় প্ৰভাৱৰ প্ৰতি আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দৃঢ়ভাৱে কয়, “এনে প্ৰচেষ্টাৰ জৰিয়তে আমাৰ নাগৰিকসকলে ইজনে সিজনৰ সংস্কৃতিক অধিক ওচৰৰ পৰা জনা আৰু বুজাৰ সুযোগ লাভ কৰিব।”

 

আগন্তুক দশকসমূহত আজিৰ এই সভ্যতাগত আলোচনাক নতুন উচ্চতালৈ লৈ যোৱাৰ দায়িত্ব প্ৰযুক্তি-সচেতন আৰু বিশ্ববাসীক বুজিবলৈ আগ্ৰহী নৱপ্ৰজন্মৰ ওপৰত ন্যস্ত বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় শিল্পী আৰু কাৰিকৰসকলক জড়িত কৰি যুৱক-যুৱতীসকলক বিভিন্ন ভাষা, সাহিত্য আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে সংযুক্ত হোৱাৰ অধিক সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আমাৰ যুৱ শিল্পী, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে ডিজিটেল মাধ্যম আৰু অন্যান্য সৃষ্টিশীল প্লেটফৰ্মৰ জৰিয়তে আমাৰ উমৈহতীয়া ঐতিহ্যক নৱপ্ৰজন্মৰ মাজলৈ লৈ যাব পাৰে।”

 

আধ্যাত্মিক আনুষ্ঠানিকতাৰ সামৰণিত ভাৰতীয় প্ৰাৰ্থনাসমূহে সমগ্ৰ বিশ্বকে এটা পৰিয়াল হিচাপে গণ্য কৰা ‘বসুধৈৱ কুটুম্বকম’ৰ ভাৱনাৰে সকলো প্ৰাণীৰ মাজত সদ্ভাৱ আৰু সমগ্ৰ বিশ্বৰ কল্যাণ কামনা কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় কল্যাণক বিশ্ব শান্তি তথা সমন্বয়ৰ সৈতে সংযুক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়ভাৱে কয়, “আমি পাৰস্পৰিক সদ্ভাৱকেই বিশ্ব কল্যাণৰ আধাৰ বুলি গণ্য কৰোঁ।”

 

পাৰস্পৰিক সদ্ভাৱ উমৈহতীয়া সাদৃশ্যসমূহক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পাৰস্পৰিক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মঞ্চৰ আৰম্ভণিতে শুনা বৈদিক মন্ত্ৰোচ্চাৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিভিন্ন ভাষা, জীৱনশৈলী আৰু পৰম্পৰাৰ মাজত থকা বৈচিত্ৰ্যক আদৰি লোৱা আৰু উদযাপন কৰাৰ ভাৰতীয় অভিজ্ঞতাৰ কথা উল্লেখ কৰে, যিয়ে বহুত্ববাদক একতালৈ ৰূপান্তৰিত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “যেতিয়া আমি এই উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ বৈচিত্ৰ্যই নিজেই আমাৰ একতাৰ আধাৰ হৈ পৰে।”

 

প্ৰধানমন্ত্ৰীয়ে একেলগে আগুৱাই যাবলৈ, একেলগে বাৰ্তালাপ কৰিবলৈ আৰু চিন্তাৰ সমন্বয় সাধন কৰিবলৈ বৈদিক আহ্বান ‘সংগচ্ছধ্বং সংবদধ্বং সং বো মনাংসি জানতাম’ আওৰাই ভাষণৰ সামৰণি মাৰে আৰু প্ৰথম এছচিঅ’ সভ্যতাগত আলোচনা মঞ্চৰ বাবে অভিনন্দন আৰু ফলপ্ৰসূ আলোচনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

******

MJPS/SS/VJ/PRK/DB


(ৰিলিজ আই ডি : 2339416) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Marathi , हिन्दी