পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত মাইচ আৰু বিবাহ পৰ্যটন সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত

চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অধিক ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে মাইচ আৰু বিবাহ পৰ্যটনৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাত গুৰুত্ব

আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বজনীন স্থান ২০২২ চনৰ ৩৭সংখ্যকৰ পৰা ২০২৫ চনত ২৬সংখ্যকলৈ উন্নীত

পোষ্ট কৰা হৈছে: 20 NOV 2026 6:49PM by PIB Guwahati

পৰ্যটন মন্ত্ৰালয়ৰ সচিব শ্ৰী ভুৱনেশ কুমাৰৰ অধ্যক্ষতাত ২০২৬ চনৰ ১৯ নৱেম্বৰত নতুন দিল্লীত মাইচ (এম আই চি ই -- বৈঠক, উদগনি, সন্মিলন আৰু প্ৰদৰ্শনী) আৰু বিবাহ পৰ্যটন সন্দৰ্ভত এখন অংশীদাৰী পৰামৰ্শ সভা অনুষ্ঠিত হয়। এই পৰামৰ্শ সভাত আগশাৰীৰ উদ্যোগ সংস্থা, সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ তথা উদ্যোগ নিকায়সমূহৰ প্ৰতিনিধিসকল একত্ৰিত হৈ খণ্ড দুটাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰতক ব্যৱসায়িক অনুষ্ঠান আৰু বিবাহৰ বাবে এক আগশাৰীৰ গোলকীয় গন্তব্যস্থান হিচাপে গঢ়ি তুলিবলৈ উদ্যোগ খণ্ডৰ পৰামৰ্শ বিচাৰে।

এই পৰামৰ্শমূলক বৈঠকত ভাৰতীয় প্ৰদৰ্শনী উদ্যোগ সংস্থা (আই ই আই এ), অনুষ্ঠান আৰু মনোৰঞ্জন ব্যৱস্থাপনা সংস্থা (ই ই এম এ),, ভাৰতীয় বিবাহ উদ্যোগ সংস্থা (আই ডব্লিউ আই এ), জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ (জে ডব্লিউ চি চি), ইণ্ডিয়া ট্ৰেড প্ৰম'শ্যন অৰ্গেনাইজেশ্যন (আই টি পি অ’) ইণ্ডিয়া কনভেনশ্যন প্ৰম'শ্যন ব্যুৰ' (আই চি পি বি),, ভাৰতীয় বাণিজ্য আৰু উদ্যোগ মণ্ডলসমূহৰ ফেডাৰেশ্যন ( এফ আই চি চি আই) , পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (পি এইচ ডি চি চি আই)  আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চি আই আই)--ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

চিত্ৰ ৬

অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি শ্ৰী ভুৱনেশ কুমাৰে মাইচ খণ্ডৰ সম্ভাৱনাৰ কথা উল্লেখ কৰাৰ লগতে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত এটা সুপৰিকল্পিত দৃষ্টিভংগী, অধিক ঘনিষ্ঠ সমন্বয় আৰু নিয়মীয়া যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অতিৰিক্ত সচিব তথা পৰ্যটন সঞ্চালক প্ৰধান শ্ৰী সুমন বিল্লাই মাইচ আৰু বিবাহ পৰ্যটনৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত খণ্ডভিত্তিক সংস্থাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে।

বৈঠকৰ আলোচনাত মাইচ আৰু বিবাহ পৰ্যটনৰ সামগ্ৰিক পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা, পেছাদাৰী সেৱা প্ৰদানকাৰীসকলক স্বীকৃতি প্ৰদান, খণ্ডভিত্তিক তথ্যৰ উন্নতি সাধন আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত ভাৰতীয় পৰ্যটনস্থলীসমূহৰ প্ৰচাৰৰ বিষয়সমূহত গুৰুত্ব দিয়া হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ মাইচ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আহিছে। ২০২৪ চনত ভাৰতৰ মাইচ বজাৰৰ মূল্য আছিল ৪৯.৪ বিলিয়ন মাৰ্কিন ডলাৰ। ২০৩০ চনলৈ এই বজাৰৰ মূল্য ১০৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ সম্ভাৱনা আছে। পৰ্যটন মন্ত্ৰালয়ে ‘ইনক্ৰেডিবল ইণ্ডিয়া’ অভিযানৰ অধীনত ‘মীট ইন ইণ্ডিয়া’ উপ-ব্ৰেণ্ডৰ জৰিয়তে ভাৰতক মাইচ গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰি আহিছে।

আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সন্মিলন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ইণ্টাৰনেশ্যনেল কংগ্ৰেছ এণ্ড কনভেনশ্যন এছ'চিয়েশ্যন ( আই চি চি এন এ)-ৰ তথ্য অনুসৰি, বিশ্বজনীন স্থানৰ ক্ষেত্ৰত ভাৰতৰ স্থান ২০২২ চনৰ ৩৭সংখ্যকৰ পৰা ২০২৫ চনত ২৬সংখ্যকলৈ উন্নীত হৈছে, আনহাতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেশখনে ষষ্ঠ স্থান লাভ কৰিছে । ২০২৫ চনত নতুন দিল্লীয়ে ভাৰতীয় চহৰসমূহৰ ভিতৰত শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে বেংগালুৰু আৰু মুম্বায়ে যুটীয়াভাৱে দ্বিতীয় স্থান অধিকাৰ কৰিছিল।

RK/Krdd


(ৰিলিজ আই ডি : 2339409) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati