প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৰুগ্ৰামত প্ৰাক্তন সৈনিকৰ নিয়োগ মেলাৰ আয়োজন ডি জি আৰৰ

পোষ্ট কৰা হৈছে: 20 NOV 2026 5:12PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ (ডিইএছডব্লিউ)-অন্তৰ্গত পুনৰ্সংস্থাপন সঞ্চালকালয়ৰ (ডিজিআৰ) উদ্যোগত ২০ নৱেম্বৰ ২০২৬ তাৰিখে গুৰুগ্ৰামৰ ৫৪ এয়াৰ ষ্ট’ৰছ পাৰ্ক (এএছপি) বায়ুসেনা কেন্দ্ৰত প্ৰাক্তন সৈনিকসকলৰ (ইএছএম) বাবে এক নিয়োগ মেলাৰ আয়োজন কৰা হয়। এই নিয়োগ মেলাত ৮৬৮ গৰাকীতকৈও অধিক প্ৰাক্তন সৈনিক আৰু ৫৬ টা অগ্ৰণী ৰাষ্ট্ৰীয় তথা বহুজাতিক কোম্পানীয়ে অংশগ্ৰহণ কৰে, য’ত বিভিন্ন খণ্ডত ২,৫৪৪ টাতকৈও অধিক নিয়োগৰ সুযোগ আগবঢ়োৱা হয়।

ছ’চাইটি অব্ ইণ্ডিয়ান ডিফেঞ্চ মেনুফেকচাৰাৰ্ছ (এছআইডিএম)-ৰ সঞ্চালক প্ৰধান শ্ৰী ৰমেশ কে-ৰ উপস্থিতিত যুটীয়া সচিব (ইএছডব্লিউ) শ্ৰী প্ৰবীণ আগৰৱালে এই নিয়োগ মেলাখন উদ্বোধন কৰে।  শ্ৰী ৰমেশ কে-য়ে কৰ্প’ৰেট সন্মানীয় অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণকাৰী প্ৰাক্তন সৈনিক আৰু কৰ্প’ৰেট প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু কৰ্প’ৰেট খণ্ডত প্ৰাক্তন সৈনিকসকলৰ অৰ্থপূৰ্ণ পুনৰ্সংস্থাপনৰ বাবে আগবঢ়োৱা এই পদক্ষেপ তথা সুযোগসমূহৰ শলাগ লয়।

এই নিয়োগ মেলাত অংশগ্ৰহণ কৰা প্ৰখ্যাত নিয়োগকৰ্তা প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছিল চিবিআৰই গ্ৰুপ, ডিএলএফ লিমিটেড, বিগ বেং বুম ছলিউচনছ, এয়াৰ ইণ্ডিয়া এছএটিএছ, জেচিবি, অবেৰয় গ্ৰুপ অব্ হোটেলছ, ড্ৰ’নভাৰ্ছ, পালটেক কুলিং টাৱাৰ্ছ এণ্ড ইকুইপমেণ্টছ, ৰিলেক্সো ফুটৱেৰছ, ছ’মানী চিৰামিকছ, চেকমেট ছিকিউৰিটি ছাৰ্ভিচেছ, কেইআই ইণ্ডাষ্ট্ৰীজ, কেটেণ্ট আৰু মাল্টিকালাৰ ষ্টীলছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডকে ধৰি আন বহুতো প্ৰতিষ্ঠিত সংস্থা।

এই নিয়োগ মেলাখনে উদ্যোগ জগত আৰু প্ৰাক্তন সৈনিকসকলৰ মাজত সংযোগ স্থাপনৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে, যাৰ জৰিয়তে প্ৰাক্তন সৈনিকসকলে তেওঁলোকৰ কাৰিকৰী দক্ষতা, নেতৃত্বৰ গুণাৱলী, পৰিচালনাগত সামৰ্থ্য আৰু প্ৰশাসনিক অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি, অংশগ্ৰহণকাৰী কোম্পানীসমূহকো প্ৰমাণিত সাংগঠনিক আৰু কাৰ্যকৰী সামৰ্থ্য থকা এক সুশৃংখলিত, দক্ষ তথা অভিজ্ঞ কৰ্মশক্তি নিযুক্তি দিয়াৰ সুযোগ প্ৰদান কৰে।

এনে পদক্ষেপৰ জৰিয়তে ডিজিআৰে অৱসৰগ্ৰহণ কৰিবলগীয়া আৰু অৱসৰপ্ৰাপ্ত সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ বাবে নিয়োগৰ সুযোগ আৰু অৰ্থপূৰ্ণ দ্বিতীয় কেৰিয়াৰ গঢ়ি তোলাত নিৰন্তৰ সহায় আগবঢ়াই আহিছে, যাতে তেওঁলোকে অসামৰিক জীৱনৰ সৈতে সহজে খাপ খাব পাৰে আৰু তেওঁলোকৰ সমৃদ্ধ অভিজ্ঞতা তথা দক্ষতা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব পাৰে।

এই পদক্ষেপে সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক সমাজ আৰু কৰ্প’ৰেট ভাৰতৰ মাজত অধিক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলি প্ৰাক্তন সৈনিকসকলৰ কল্যাণ, পুনৰ্সংস্থাপন আৰু সৱলীকৰণৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰবাৰ দৃঢ় কৰি তুলিছে।

 

JS/PC/CV/MM


(ৰিলিজ আই ডি : 2339391) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu