বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ জাখিৰাত থকা এইচআইএল ভূমিৰ ই-নিলামৰ বাবে এন এল এম চি- ৰ পৰিশোধৰ গাঁথনি সংশোধন

সংশোধনী নং ৩-ৰ জৰিয়তে ২৪০ দিনলৈকে বিস্তৃত পাঁচটা কিস্তিৰ পৰিশোধ সূচী প্ৰৱৰ্তন

ইএমডি বাদ দি মুঠ বিক্ৰী মূল্যৰ ১০% পৰিশোধ কৰাৰ পাছত হ’ব বিক্ৰী চুক্তি সম্পাদন

"নতুন দিল্লীৰ জাখিৰাত থকা এইচ আই এল (HIL) ভূমিৰ ই-নিলামৰ বাবে এন এল এম চিয়ে (NLMC) পৰিশোধৰ গাঁথনি সংশোধন কৰিছে"

পোষ্ট কৰা হৈছে: 20 NOV 2026 6:00PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ অধীনস্থ ৰাষ্ট্ৰীয় ভূমি মুদ্ৰাকৰণ নিগমে (এনএলএমচি)) নতুন দিল্লীৰ জাখিৰাস্থিত শিৱাজী মাৰ্গ, ৰোহটক ৰোডৰ নজফগড় ঔদ্যোগিক এলেকাত অৱস্থিত এইচ আই এল (ইণ্ডিয়া) লিমিটেডৰ ৫.১১৯ একৰৰ এটা প্ৰধান নিষ্কৰ ভূমি খণ্ডৰ ই-নিলামৰ বাবে প্ৰস্তাৱৰ অনুৰোধ (RFP) সন্দৰ্ভত ৩ নং শুধৰণি-পত্ৰ জাৰি কৰিছে।

প্ৰায় ২০,৭২২.৯৩ বৰ্গ মিটাৰ আয়তনৰ এই সম্পত্তিটোৰ সংৰক্ষিত মূল্য ₹ ৮২৯.৬৯ কোটি নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াক এক স্বচ্ছ তথা প্ৰতিযোগিতামূলক ই-নিবিদা-সহ-ই-নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে আগবঢ়োৱা হৈছে।

শেহতীয়া সংশোধনীটোৱে সংশোধিত পৰিশোধ গাঁথনি আৰু বিক্ৰী চুক্তি (এগ্ৰিমেণ্ট টু চেল) সম্পাদন সম্পৰ্কীয় বিধানসমূহ প্ৰৱৰ্তন কৰিছে, যিয়ে সফল নিবিদাকাৰীৰ বাবে এক সুসংগঠিত পৰিশোধৰ পৰিকাঠামো প্ৰদান কৰে।

সংশোধিত পৰিশোধ গাঁথনি

সংশোধিত বিধানসমূহৰ অধীনত, সফল নিবিদাকাৰীয়ে এইচআইএল-ৰ দ্বাৰা স্বীকৃতি পত্ৰ (এলঅ’এ) জাৰি কৰা তাৰিখৰ পৰা ২৪০ দিনলৈকে বিস্তৃত সময়ছোৱাৰ ভিতৰত পাঁচটা কিস্তিত মুঠ বিক্ৰী মূল্য পৰিশোধ কৰিব লাগিব।

কিস্তি

পৰিশোধৰ সময়সীমা

পৰিশোধযোগ্য পৰিমাণ

প্ৰথম

টি + ১০ দিন

১০%

দ্বিতীয়

টি + ৬০ দিন

৩০%

তৃতীয়

টি + ১২০ দিন

২০%

চতুৰ্থ

টি + ১৮০ দিন

২০%

পঞ্চম

টি + ২৪০ দিন

২০% (যোগ্য ইএমডি সমন্বয়ৰ পাছত)

ইয়াত টি-য়ে স্বীকৃতি পত্ৰ (লেটাৰ অব্ এক্সেপ্টেন্স) জাৰি কৰা তাৰিখটোক বুজায়, য’ত জাৰি কৰাৰ তাৰিখটোও অন্তৰ্ভুক্ত হৈ থাকে।

এই সংশোধিত সূচীখনে লেনদেনটো সম্পূৰ্ণ কৰাৰ বাবে স্পষ্টভাৱে নিৰ্ধাৰিত সময়সীমাৰ সৈতে পৰ্যায়ক্ৰমে ধন পৰিশোধৰ এক ব্যৱস্থা প্ৰদান কৰিছে।

বিক্ৰী চুক্তি (এগ্ৰিমেণ্ট টু চেল) সম্পাদন

সংশোধিত চৰ্তাৱলী অনুসৰি, আৰএফপি-ৰ অধীনত প্ৰযোজ্য আৱশ্যকতাসমূহ পূৰণ সাপেক্ষে, আমানত ধন (ইএমডি) বাদ দি মুঠ বিক্ৰী মূল্যৰ ১০% লাভ কৰাৰ পাছত এইচআইএল আৰু সফল নিবিদাকাৰীৰ মাজত বিক্ৰী চুক্তি সম্পাদন কৰা হ’ব।

বিক্ৰী চুক্তি সম্পাদন কৰিলেই সম্পত্তিটোৰ ওপৰত মালিকীস্বত্ব, স্বত্ব, স্বাৰ্থ বা দখলৰ অধিকাৰ প্ৰদান কৰা নহ’ব। সফল নিবিদাকাৰীগৰাকীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাকী থকা ধন পৰিশোধ কৰিবলৈ বাধ্য থাকিব।

পৰিশোধত ব্যৰ্থতা আৰু অতিৰিক্ত সময়সীমা (গ্ৰেচ পিৰিয়ড)

সংশোধনীটোত ধন পৰিশোধত ব্যৰ্থতা সম্পৰ্কীয় বিধানসমূহো স্পষ্ট কৰা হৈছে।

সফল নিবিদাকাৰীয়ে নিজ নিজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন পৰিশোধ কৰাত ব্যৰ্থ হ’লে, এলঅ’এ বাতিল কৰিব পৰা যাব আৰু আৰএফপি অনুসৰি সেই তাৰিখলৈকে সফল নিবিদাকাৰীয়ে পৰিশোধ কৰা ধনৰাশি, ইএমডি-সহ বাজেয়াপ্ত কৰিব পৰা যাব।

তৃতীয়, চতুৰ্থ আৰু পঞ্চম কিস্তিৰ ক্ষেত্ৰত, বিলম্ব হোৱা সময়ছোৱাৰ বাবে বাৰ্ষিক ১২% হাৰত সৰল সুত পৰিশোধ আৰু অন্যান্য প্ৰযোজ্য চৰ্তাৱলী সাপেক্ষে ৩০ দিনৰ অতিৰিক্ত সময়সীমা বিবেচনা কৰিব পৰা যাব।

সংশোধনীটোত মূল পৰিশোধৰ সময়সূচী বৃদ্ধি নকৰাকৈ, উচ্চ স্থানপ্ৰাপ্ত নিবিদাকাৰীয়ে ধন পৰিশোধত ব্যৰ্থ হ’লে এইচ২ আৰু এইচ৩ নিবিদাকাৰীসকলৰ বাবে প্ৰযোজ্য পৰিশোধৰ দায়বদ্ধতাসমূহো নিৰ্দিষ্ট কৰা হৈছে।

এইচআইএল ই-নিলামৰ সংশোধিত গুৰুত্বপূৰ্ণ তাৰিখসমূহ

সংশোধনী নং ২ অনুসৰি সংশোধিত সময়সূচী তলত দিয়া ধৰণৰ:

বিৱৰণ

সংশোধিত তাৰিখ আৰু সময়

পঞ্জীয়ন, কাৰিকৰী নিবিদা দাখিল আৰু ইএমডি/বেংক গেৰাণ্টি জমা দিয়াৰ অন্তিম তাৰিখ

৩০ নৱেম্বৰ, ২০২৬, বিয়লি ৪:০০ বজা

কাৰিকৰী নিবিদা মুকলি কৰা

১ ডিচেম্বৰ, ২০২৬, বিয়লি ৪:০০ বজা

কাৰিকৰীভাৱে যোগ্য নিবিদাকাৰীসকলৰ নাম ঘোষণা

৭ ডিচেম্বৰ, ২০২৬, বিয়লি ৪:০০ বজা

মক ই-নিলাম

১০ ডিচেম্বৰ, ২০২৬, পুৱা ১১:০০ বজা – বিয়লি ২:০০ বজা

ই-নিলাম

১৪ ডিচেম্বৰ, ২০২৬, পুৱা ১১:০০ বজা – বিয়লি ২:০০ বজা

 

পঞ্জীয়ন আৰু অংশগ্ৰহণ

আগ্ৰহী বিনিয়োগকাৰী আৰু যোগ্য নিবিদাকাৰীসকলে নিৰ্ধাৰিত ই-নিলাম পৰ্টেলৰ জৰিয়তে আৰএফপি, সংশোধনী নং ১, ২ আৰু ৩, সম্পত্তিৰ বিৱৰণ, যোগ্যতাৰ মাপকাঠী আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰসমূহ লাভ কৰিব পাৰিব:

ই-নিলাম পৰ্টেল: https://nlmc.enivida.com এনএলএমচি ৱেবছাইট: https://nlmc.dpe.gov.in

সম্ভাৱ্য নিবিদাকাৰীসকলক সংশোধিত চৰ্তাৱলীসমূহ সাৱধানে পৰ্যালোচনা কৰিবলৈ আৰু ৩০ নৱেম্বৰ, ২০২৬ তাৰিখৰ বিয়লি ৪:০০ বজাৰ ভিতৰত পঞ্জীয়ন, কাৰিকৰী নিবিদা দাখিল আৰু ইএমডি/বেংক গেৰাণ্টিৰ আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

স্বচ্ছ সম্পত্তি মুদ্ৰাকৰণৰ অগ্ৰগতি

এই সংশোধিত বিধানসমূহে ৰাজহুৱা খণ্ডৰ অতিৰিক্ত সম্পত্তিসমূহৰ সুসংগঠিত, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক মুদ্ৰাকৰণ সহজতৰ কৰি তোলাৰ ক্ষেত্ৰত এনএলএমচিৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

এইচআইএল ভূমিৰ ই-নিলামে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানত অৱস্থিত ৰাজহুৱা খণ্ডৰ ভূমিৰ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰা আৰু প্ৰযুক্তি-নিৰ্ভৰ নিলাম প্ৰক্ৰিয়াৰ মাধ্যমেৰে অধিক বিনিয়োগকাৰীৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰে।

২০২৬ চনৰ ৮ অক্টোবৰ তাৰিখৰ মূল আৰএফপি আৰু পূৰ্বৰ সংশোধনীসমূহৰ আন সকলো চৰ্তাৱলী, বিশেষভাৱে সংশোধন নকৰা পৰ্যন্ত অপৰিৱৰ্তিত থাকিব।

 

KT/KMN/SS/MM


(ৰিলিজ আই ডি : 2339390) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी