পোষ্ট কৰা হৈছে:
20 NOV 2026 6:03PM by PIB Guwahati
ডাইভিং ছাপৰ্ট ক্ৰাফ্ট (ডি এছ চি) প্ৰকল্পৰ ‘ডি এছ চি এ২১’ জাহাজখন ২০ নৱেম্বৰ ২০২৬ তাৰিখে মুম্বাইৰ নেভেল ডকয়াৰ্ডত ভাৰতীয় নৌসেনাক অৰ্পণ কৰা হয়। কলকাতাৰ মেছাৰ্ছ টিটাগড় ৰেল চিষ্টেমছ লিমিটেডে এই জাহাজখন থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰিছে।
কেটামাৰান-হাল (যমজ কাঠামো) আকৃতিৰ ডিএছচি এ২১-ত অত্যাধুনিক ডাইভিং সঁজুলি সংযোজন কৰা হৈছে। জাহাজখনৰ উৎকৃষ্ট ডিজাইনে অধিক স্থিৰতা, বহল ডেক এলেকা আৰু সাগৰত উন্নত গতিবিধিৰ বৈশিষ্ট্য প্ৰদান কৰে, যিয়ে ইয়াক বিশেষ ভূমিকা পালনৰ বাবে উপযোগী কৰি তুলিছে।
ইণ্ডিয়ান ৰেজিষ্টাৰ অব্ শ্বিপিঙৰ (আইআৰএছ) প্ৰাসংগিক নৌসেনা বিধি আৰু নিয়মাৱলীৰ অধীনত থলুৱাভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা এই জাহাজখনৰ ডিজাইন পৰ্যায়ত হাইড্ৰ’ডাইনামিক বিশ্লেষণ/মডেল পৰীক্ষণ বিশাখাপট্টনমৰ নেভেল ছায়েন্স এণ্ড টেকন’লজিকেল লেবৰেটৰীয়ে (এনএছটিএল) সম্পন্ন কৰিছিল। এই জাহাজসমূহ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ডাইভিং ছাপ’ৰ্ট, পানীৰ তলৰ পৰীক্ষণ, উদ্ধাৰকাৰ্যত সহায়তা আৰু উপকূলীয় অভিযানমূলক নিয়োগৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ সামৰ্থ্য অধিক বৃদ্ধি পাব।
ডিএছচি এ২১ হৈছে ভাৰত চৰকাৰ (জিঅ’আই)/প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ (এমঅ’ডি) মেক ইন ইণ্ডিয়া পদক্ষেপৰ এক গৌৰৱময় ধ্বজাবাহক।
VM/SPS/MM