পোষ্ট কৰা হৈছে:
19 NOV 2026 9:28PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাণিজ্যিক জাহাজসমূহৰ ওপৰত সংঘটিত ধাৰাবাহিক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। বিশেষকৈ এই আক্ৰমণসমূহত ভাৰতীয় নাৱিক আক্ৰান্ত হোৱাৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰালয়ে হৰমুজ প্ৰণালীৰ পশ্চিম দিশত ভাৰতীয় পতাকাবাহী অথবা ভাৰতৰ সৈতে জড়িত মুঠ নখন জাহাজৰ গতিবিধি নিৰীক্ষণ কৰি আছে।
সৰ্বানন্দ সোণোৱালে কয়, "বিশ্বৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক জাহাজসমূহৰ ওপৰত সংঘটিত ধাৰাবাহিক আক্ৰমণ, বিশেষকৈ ইয়াত ভাৰতীয় নাৱিক আক্ৰান্ত হৈ থকা ঘটনাসমূহক আমি তীব্ৰ গৰিহণা দিছোঁ। এনে ঘটনাই নাৱিকসকলৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে সামুদ্ৰিক বাণিজ্যত ব্যাঘাত জন্মাইছে আৰু বিশ্বৰ যোগান শৃংখলাৰ স্থিৰতা বিনষ্ট কৰিছে।"
তেওঁ লগতে কয়, "আন্তঃৰাষ্ট্ৰীয় জলসীমাৰে জাহাজ চলাচলৰ স্বাধীনতা আৰু বাণিজ্যিক জাহাজৰ বাধাহীন চলাচল আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইনৰ মৌলিক নীতি। নিৰাপদ আৰু সুৰক্ষিত সামুদ্ৰিক পথ নিশ্চিত কৰাটো কেৱল বিশ্ব বাণিজ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবেই নহয়, বৰং অৰ্থনৈতিক বিকাশ, শক্তি সুৰক্ষা আৰু ৰাষ্ট্ৰসমূহৰ সমৃদ্ধি অক্ষুণ্ণ ৰখাৰ বাবেও অত্যন্ত প্ৰয়োজনীয়।"
প্ৰধানমন্ত্ৰীয়ে নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক সৰ্বাধিক গুৰুত্ব দিয়াৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি সামুদ্ৰিক প্ৰশাসনৰ সঞ্চালকালয় (ডিজিএমএ) আৰু সংশ্লিষ্ট সকলো বিষয়াক সামুদ্ৰিক সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি সোণোৱালে জানিবলৈ দিয়ে।
তেওঁ কয় যে ইয়াৰ ভিতৰত বিপদসংকুল অঞ্চলসমূহৰ পৰিস্থিতিৰ ওপৰত কঠোৰ নিৰীক্ষণ, সময়মতে নিৰাপত্তা সম্পৰ্কীয় সতৰ্কবাণী প্ৰেৰণ, জাহাজ পৰিচালনা কৰা কোম্পানী আৰু জাহাজৰ দায়িত্বত থকা কৰ্তৃপক্ষৰ সৈতে নিয়মীয়া যোগাযোগ তথা সম্ভাব্য ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত ভাৰতীয় নাৱিকসকলৰ মাজত অধিক সজাগতা সৃষ্টি কৰা আদি পদক্ষেপ অন্তৰ্ভুক্ত হৈ থাকিব।
সৰ্বানন্দ সোণোৱালে লগতে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় কূটনৈতিক কাৰ্যালয়সমূহ, সামুদ্ৰিক খণ্ডৰ অংশীদাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
তেওঁ কয়, "ভাৰতীয় পতাকাবাহী জাহাজ অথবা ভাৰতীয় নাৱিক থকা জাহাজত যিকোনো আক্ৰমণৰ ঘটনা সংঘটিত হ'লে যাতে তাৎক্ষণিক সহায় আগবঢ়াব পৰা যায় তাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় কূটনৈতিক কাৰ্যালয়সমূহ, সামুদ্ৰিক খণ্ডৰ অংশীদাৰ আৰু সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিবলৈ মই সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছোঁ।"
মন্ত্ৰালয়ে পাৰস্য উপসাগৰীয় অঞ্চলত হৰমুজ প্ৰণালীৰ পশ্চিম দিশত ভাৰতীয় পতাকাবাহী অথবা ভাৰতৰ সৈতে জড়িত নখন জাহাজৰ গতিবিধি নিৰীক্ষণ কৰি আছে। এই পৰ্যন্ত ভাৰতীয় পতাকাবাহী জাহাজ অথবা ভাৰতলৈ সামগ্ৰী কঢ়িয়াই অনা জাহাজসমূহে হৰমুজ প্ৰণালীৰে মুঠ ৮৬বাৰ অহা-যোৱা কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আক্ৰমণৰ ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণৰ বিষয়টোৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰে। তেওঁ জাহাজ পৰিবহণৰ সঞ্চালক প্ৰধানক এই সন্দৰ্ভত ব্যক্তিগতভাৱে অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিয়ালৰ সদস্যসকলক সময়মতে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও তেওঁ বুজ লয়।
ই-নাৱিক — ভাৰতীয় নাৱিকৰ গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা
মন্ত্ৰালয়ৰ ই-নাৱিক নাৱিক নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে হৰমুজ প্ৰণালীৰ পশ্চিম দিশৰ পাৰস্য উপসাগৰীয় অঞ্চলত ৮০০খনতকৈ অধিক জাহাজৰ গতিবিধি নিৰীক্ষণ কৰা হৈছে। আনহাতে, হৰমুজ প্ৰণালীৰ পূব দিশত ওমান উপসাগৰত ২০০খনতকৈ অধিক জাহাজৰ গতিবিধিও এই ব্যৱস্থাৰ অধীনত নিৰীক্ষণ কৰা হৈছে।
সৰ্বানন্দ সোণোৱালে কয়, "প্ৰতিগৰাকী ভাৰতীয় নাৱিকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সামুদ্ৰিক ক্ষেত্ৰত ভাৰতৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু জাহাজ চলাচলৰ স্বাধীনতাৰ নীতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।"

***
MI/Indu/DM