পোষ্ট কৰা হৈছে:
19 NOV 2026 1:02PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৪৫ চনৰ ঔষধ নিয়মাবলীত ঔষধজাত সামগ্ৰীৰ বাবে উত্তম সংৰক্ষণ আৰু বিতৰণ পদ্ধতিৰ নিৰ্দেশনাৱলী অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে নিৰ্মাতা বা আমদানিকাৰকৰ পৰা ৰোগীক যোগান ধৰা পৰ্যন্ত সমগ্ৰ বিতৰণ শৃংখলত ঔষধজাত সামগ্ৰীসমূহৰ গুণগত মান, সুৰক্ষা, কাৰ্যকাৰিতা আৰু অখণ্ডতা অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰা।
প্ৰস্তাৱিত কাঠামোটো কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা (চি ডি এছ চি অ)-ৰ দ্বাৰা প্ৰস্তুত কৰা উত্তম সংৰক্ষণ আৰু বিতৰণ পদ্ধতি (জি এছ ডি পি) সম্পৰ্কীয় নিৰ্দেশনাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই নিৰ্দেশনাসমূহৰ লক্ষ্য হৈছে বিতৰণ প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়তে ঔষধজাত সামগ্ৰীৰ গুণগত মান আৰু পৰিচয় অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰা। ইয়াৰ ভিতৰত ক্ৰয়ৰ বাবে যোগান সংগ্ৰহ, ক্ৰয়, সংৰক্ষণ, বিতৰণ, পৰিবহণ, নথিপত্ৰ প্ৰস্তুতকৰণ আৰু অভিলেখ সংৰক্ষণ আদি অন্তৰ্ভুক্ত।
উৎপাদন পৰ্যায়ৰ পাছতো ঔষধজাত সামগ্ৰীৰ গুণগত মান আৰু অখণ্ডতা বৰ্তাই ৰখাৰ বাবে উপযুক্ত সংৰক্ষণ আৰু বিতৰণৰ পৰিৱেশ বজাই ৰখাটো অতি প্ৰয়োজনীয়। গুৰুত্বপূৰ্ণ। প্ৰস্তাৱিত জি এছ ডি পি কাঠামোৰ জৰিয়তে যোগান শৃংখলৰ বিভিন্ন পৰ্যায়ত ঔষধজাত সামগ্ৰীৰ পৰিচালনা আৰু স্থানান্তৰৰ সৈতে জড়িত সম্ভাৱ্য বিপদসমূহ মোকাবিলা কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ভিতৰত ঔষধৰ গুণগত অৱনতি, দূষিত হোৱা, ভুলবশতঃ সামগ্ৰীৰ সালসলনি, জালিয়াতি, স্থানান্তৰ আৰু অনুমতিবিহীন বিতৰণ আদি অন্তৰ্ভুক্ত।
ঔষধ বিধি, ১৯৪৫ত জি এছ ডি পিৰ প্ৰয়োজনীয়তাসমূহ অন্তৰ্ভুক্ত কৰাৰ ফলত ঔষধৰ বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে থকা বিধিগত কাঠামো অধিক শক্তিশালী হোৱাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ দ্বাৰা ফলপ্ৰসূ নিয়ন্ত্ৰণমূলক তদাৰকী, পৰিদৰ্শন আৰু আইন বলৱৎকৰণৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি, সুসংগঠিত নথিপত্ৰ প্ৰস্তুতকৰণ, অভিলেখ সংৰক্ষণ আৰু সামগ্ৰীৰ গতিপথ অনুসৰণৰ ব্যৱস্থা গঢ়ি তোলাৰ লগতে বিতৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত উৎপাদক, আমদানিকাৰী, পাইকাৰী বিক্ৰেতা, বিতৰক, ষ্টকিষ্ট আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ দায়বদ্ধতা বৃদ্ধি কৰিব।
প্ৰস্তাৱিত নিৰ্দেশনাসমূহে সংৰক্ষণ আৰু পৰিবহণৰ সময়ছোৱাত ঔষধজাত সামগ্ৰীসমূহৰ নিৰ্ধাৰিত গুণগত মান আৰু পৰিৱেশগত পৰিস্থিতি অক্ষুণ্ণ থকাটো অধিক সুনিশ্চিত কৰিব। ইয়াৰ ফলত ঔষধৰ গুণগত অৱনতি, দূষিত হোৱা, ভুলবশতঃ সামগ্ৰীৰ সালসলনি, জালিয়াতি, স্থানান্তৰ আৰু অনুমতিবিহীন বিতৰণৰ আশংকা হ্ৰাস পাব। ইয়াৰ জৰিয়তে ৰোগী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ বাবে নিশ্চিত গুণগত মানসম্পন্ন ঔষধজাত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰাত সহায়ক হ'ব।
প্ৰস্তাৱিত সংশোধনীটোৱে ভাৰতৰ ঔষধজাত সামগ্ৰীৰ গুণগত মান ব্যৱস্থাপনা প্ৰণালী অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে উৎপাদনৰ পৰ্যায়ত নিশ্চিত কৰা গুণগত মান সমগ্ৰ যোগান শৃংখলৰ প্ৰতিটো পৰ্যায়তে অক্ষুণ্ণ ৰাখি ঔষধজাত সামগ্ৰী ৰোগীৰ হাতত পৰাৰ পৰ্যন্ত সেই মান বজাই ৰখাটো সুনিশ্চিত কৰিব।
এই সন্দৰ্ভত সংশ্লিষ্ট অংশীদাৰসকল আৰু সাধাৰণ ৰাইজক তেওঁলোকৰ কোনো আপত্তি বা পৰামৰ্শ থাকিলে সেয়া ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অবৰ সচিব (ঔষধ নিয়ন্ত্ৰণ), U-6, ৱৰ্ক হল, C উইং, প্ৰথম মহলা, কৰ্তব্য ভৱন-১, নতুন দিল্লী–১১০০০১ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আপত্তি আৰু পৰামৰ্শসমূহ drugsdiv-mohfw[at]nic[dot]in ই-মেইলযোগেও প্ৰেৰণ কৰিব পাৰিব।
চৰকাৰী গেজেট (Official Gazette) তলৰ লিংকত উপলব্ধ:
Official Gazette – View PDF
*****
SR/US