আয়ুষ
azadi ka amrit mahotsav

বুৰ্কিনা ফাছোৰ মন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ বিশেষ উপদেষ্টা ৰজাৰ বাৰোৰ সৈতে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱৰ বৈঠক

পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত বুৰ্কিনা ফাছোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী ভাৰত: শ্ৰী প্ৰতাপৰাও যাদৱ

প্ৰতিষ্ঠানিক সহযোগিতাই পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন দিশ মুকলি কৰিব: শ্ৰী যাদৱ

পোষ্ট কৰা হৈছে: 18 NOV 2026 7:02PM by PIB Guwahati

নতুন দিল্লী, ১৮ নৱেম্বৰ, ২০২৬: কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী প্ৰতাপৰাও যাদৱে আজি নতুন দিল্লীত বুৰ্কিনা ফাছোৰ মন্ত্ৰী তথা ৰাষ্ট্ৰপতিৰ বিশেষ উপদেষ্টা মহামহিম শ্ৰী ৰজাৰ বাৰোৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ সৈতে এক বৈঠকত মিলিত হয়। বুৰ্কিনা ফাছোৰ প্ৰতিনিধি দলটোৱে ১৭ৰ পৰা ২৫ নৱেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণ কৰিছে। এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু আয়ুষ প্ৰতিষ্ঠানসমূহৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ওপৰত আলোকপাত কৰা।

বৈঠকত শ্ৰী প্ৰতাপৰাও যাদৱে কয় যে বুৰ্কিনা ফাছোৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক ভাৰতে যথেষ্ট গুৰুত্ব প্ৰদান কৰে আৰু এই অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ আগ্ৰহী। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু থলুৱা স্বাস্থ্যসেৱা পদ্ধতিৰ এক সমৃদ্ধ ঐতিহ্য আছে, যিয়ে এই ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰিছে।

বুৰ্কিনা ফাছোৰ ৰাষ্ট্ৰপতি মহামহিম কেপ্টেইন ইব্ৰাহিম ট্ৰাওৰে দেশখনৰ পৰম্পৰাগত ঔষধি উদ্ভিদসমূহৰ সংৰক্ষণ আৰু বহনক্ষম বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা বুলি শ্ৰী যাদৱ ইতিমধ্যে অৱগত।লগতে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত বুৰ্কিনা ফাছোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰত আগ্ৰহী। এই ক্ষেত্ৰত বনৌষধিভিত্তিক ঔষধৰ মান নিৰ্ধাৰণ, গুণগত মান নিশ্চিতকৰণ, ফাৰ্মাকোপিয়াৰ মানদণ্ড আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থাকে ধৰি নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা বিনিময় কৰিবলৈ ভাৰত সাজু।

ভাৰতৰ আয়ুষ প্ৰতিষ্ঠানসমূহ আৰু বুৰ্কিনা ফাছোৰ সংশ্লিষ্ট পৰম্পৰাগত চিকিৎসা প্ৰতিষ্ঠানসমূহৰ মাজত প্ৰতিষ্ঠানিক অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰস্তাৱক শ্ৰী যাদৱে আদৰণি জনায়। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ড আৰু বুৰ্কিনা ফাছোৰ সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ সহযোগত পৰম্পৰাগত ঔষধি উদ্ভিদৰ সংৰক্ষণ আৰু বহনক্ষম বিকাশৰ বাবে এক বিশেষ ভাৰত-বুৰ্কিনা ফাছো প্ৰকল্প গ্ৰহণৰ যথেষ্ট সম্ভাৱনা আছে বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বুৰ্কিনা ফাছোত যোগ আৰু আয়ুষভিত্তিক সুস্থতা কাৰ্যসূচীৰ প্ৰসাৰতো ভাৰতে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী। এই ক্ষেত্ৰত এক প্ৰতিষ্ঠানিক আন্ত:গাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতৰ আয়ুষ মন্ত্ৰালয় আৰু বুৰ্কিনা ফাছোৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা দুয়োপক্ষই বিবেচনা কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ওপৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) ভৱিষ্যতৰ গোলকীয় সন্মিলনসমূহত বুৰ্কিনা ফাছোৰ অংশগ্ৰহণ আৰু গুজৰাটৰ জামনগৰত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় পৰম্পৰাগত চিকিৎসা কেন্দ্ৰৰ কাৰ্যসূচীসমূহতো দেশখনৰ অংশগ্ৰহণক আদৰণি জনায়। তাৎক্ষণিক পদক্ষেপ হিচাপে তেওঁ প্ৰস্তাৱসমূহ আগবঢ়াই নিয়া আৰু সহযোগিতাৰ নিৰ্দিষ্ট ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ বাবে দুয়োপক্ষৰ পৰা একোজনকৈ ন’ডেল বিষয়া নিযুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়।

দক্ষিণ-দক্ষিণ সহযোগিতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি আৰু জি-২০ তথা ব্ৰিকছৰ জৰিয়তে দেশখনে আগবঢ়াই অহা ভূমিকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বুৰ্কিনা ফাছোৰ উন্নয়নৰ লক্ষ্যসমূহ পূৰণৰ ক্ষেত্ৰত ভাৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তেওঁ লগতে কয় যে ভাৰতৰ উন্নয়নমূলক অংশীদাৰিত্ব বুৰ্কিনা ফাছো চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ ভিত্তিত পৰিচালিত হয়। আই টি ই চি (ITEC), আই চি চি আৰ (ICCR) আৰু পি চি এফ ডি (PCFD) পাঠ্যক্ৰমৰ দৰে কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ আৰু বৃত্তি প্ৰদানৰ জৰিয়তেও ভাৰতে দক্ষতা বিকাশত সহযোগিতা আগবঢ়াই আহিছে। বিগত কেইটামান বছৰত এই কাৰ্যসূচীসমূহৰ জৰিয়তে বুৰ্কিনা ফাছোৰ ২৫০ৰো অধিক নাগৰিক উপকৃত হৈছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বুৰ্কিনা ফাছোত বাস কৰা সংখ্যাত কম হ’লেও সক্ৰিয় ভাৰতীয় সম্প্ৰদায়টোৱে দেশখনৰ আৰ্থ-সামাজিক উন্নয়নত ইতিবাচক অৱদান আগবঢ়াই আহিছে। ভাৰতীয় সম্প্ৰদায়টোৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বুৰ্কিনা ফাছো চৰকাৰে অব্যাহত ৰখা সহযোগিতাৰ বাবে ভাৰতে কৃতজ্ঞতা প্ৰকাশ কৰিব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে সহযোগিতা, জ্ঞানৰ আদান-প্ৰদান আৰু দক্ষতা বিকাশৰ জৰিয়তে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ভাৰতে বুৰ্কিনা ফাছোৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী যাদৱে প্ৰতিনিধি দলটোক এক সফল আৰু ফলপ্ৰসূ ভ্ৰমণৰ শুভেচ্ছা জনোৱাৰ লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা অধিক আগুৱাই নিয়াৰ আশা প্ৰকাশ কৰে।

বুৰ্কিনা ফাছোৰ প্ৰতিনিধি দলটোত উচ্চ শিক্ষা আৰু স্বাস্থ্য বিষয়ক বিশেষ মন্ত্ৰালয় উপদেষ্টা অধ্যাপক ৰাকিছিদা আলফ্ৰেড অউৱেড্ৰাওগো; স্বাস্থ্য মন্ত্ৰালয়ৰ পৰম্পৰাগত আৰু বিকল্প চিকিৎসা বিভাগৰ সঞ্চালক তথা প্ৰতিনিধি দলটোৰ প্ৰতিবেদন প্ৰস্তুতকাৰী ড০ মৰিয়ম ছাৱাডোগো/বাগায়ান; জোচেফ কি-জেৰব’ বিশ্ববিদ্যালয়ৰ ফাৰ্মাক’গন’ছি বিষয়ৰ অধ্যাপিকা তথা গৱেষক অধ্যাপক আমিনাটা পাগনিমডেবছম নাকুলমা আৰু পৰম্পৰাগত চিকিৎসা তথা সমন্বিত স্বাস্থ্যসেৱা কেন্দ্ৰৰ সঞ্চালক তথা বিশেষজ্ঞ ফাৰ্মাচিষ্ট ড০ হায়াচিন্থ বংকুংগো উপস্থিত থাকে।

বুৰ্কিনা ফাছোৰ দূতাবাসৰ হৈ ৰাষ্ট্ৰদূত শ্ৰী ছোমে ডেজিৰে বনিফাছ, উপ-মিছন প্ৰধান শ্ৰী জিঙে-উৱাট্টাৰা ডিডিয়ে ক্ৰিষ্টিয়ান আৰু দোভাষী শ্ৰী উৱোবা জোৱেলে বৈঠকত অংশগ্ৰহণ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ বুৰ্কিনা ফাছোত ভাৰতৰ ৰাষ্ট্ৰদূত শ্ৰী অ’. পি. মীনা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (মধ্য আৰু পশ্চিম আফ্ৰিকা) উপ-সচিব শ্ৰী কৈলাশ ভাট উপস্থিত থাকে। ইয়াৰ উপৰি আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে।

এই বৈঠকে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰা আৰু ভাৰতৰ আয়ুষ প্ৰতিষ্ঠানসমূহৰ সৈতে বুৰ্কিনা ফাছোৰ সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ উমৈহতীয়া প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।

 

***

SR/AK/SG/MS


(ৰিলিজ আই ডি : 2338211) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi