উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

নতুন দিল্লীস্থিত বৰ্ধমান মহাবীৰ মেডিকেল কলেজ আৰু ছফদৰজং চিকিৎসালয়ৰ ৰূপালী জয়ন্তী উদযাপন আৰু অষ্টম বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

স্নাতক চিকিৎসকসকলক কৰুণা, সততা আৰু বৈজ্ঞানিক মানসিকতা বজাই ৰাখিবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান; চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীক মানৱতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা বুলি মন্তব্য

বিকশিত ভাৰত এখন সুস্থ ভাৰতো হ’ব লাগিব: ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ ৰূপান্তৰৰ ওপৰত উপ-ৰাষ্ট্ৰপতিৰ আলোকপাত

প্ৰযুক্তিয়ে কেতিয়াও চিকিৎসক আৰু ৰোগীৰ মাজৰ মানৱীয় সম্পৰ্কৰ স্থান লোৱা উচিত নহয়: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 18 NOV 2026 6:58PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বৰ্ধমান মহাবীৰ মেডিকেল কলেজ (ভিএমএমচি) আৰু ছফদৰজং চিকিৎসালয়ৰ ৰূপালী জয়ন্তী উদযাপন আৰু অষ্টম বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ৰ কৃতী শিক্ষাৰ্থীসকলক পদক প্ৰদান কৰে।

চিকিৎসা শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজৰ প্ৰতি ২৫ বছৰীয়া নিষ্ঠাবান সেৱা সম্পূৰ্ণ কৰাৰ বাবে ভিএমএমচি  আৰু ছফদৰজং চিকিৎসালয়ৰ পৰিয়ালবৰ্গক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পঁচিশ বছৰে অৰ্জন কৰা বিশ্বাস, স্পৰ্শ কৰা জীৱন, সৃষ্টি কৰা জ্ঞান আৰু আগবঢ়োৱা সেৱাক প্ৰতিনিধিত্ব কৰে। তেওঁ এই অনুষ্ঠানটোক শিক্ষা, আৰোগ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এক ঐতিহ্যৰ উদযাপন বুলি অভিহিত কৰে।

ভাৰতৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষা খণ্ডৰ উল্লেখযোগ্য সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাৰ গতিশীলতাৰ অধীনত দেশখনে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে।

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে এই সম্প্ৰসাৰণে উচ্চ শিক্ষাৰ বৰ্ধিত প্ৰসাৰ আৰু ইয়াৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। এতিয়া গুণগত স্বাস্থ্যসেৱা, চিকিৎসা শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত ক্ৰমান্বয়ে অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ লগতে কয়।

চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী মূলতঃ মানৱতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এজন চিকিৎসকৰ প্ৰকৃত মাপকাঠী হৈছে উন্নত কৰা জীৱন আৰু অক্ষুণ্ণ ৰখা মৰ্যাদা। তেওঁ যুৱ চিকিৎসকসকলক তেওঁলোকৰ দক্ষতাৰ লগত সহানুভূতি ৰাখিবলৈ, সততাৰে তেওঁলোকৰ সিদ্ধান্তসমূহ পৰিচালনা কৰিবলৈ আৰু বৈজ্ঞানিক মানসিকতাৰে তেওঁলোকৰ বৃত্তিগত অনুশীলন শক্তিশালী কৰিবলৈ আহ্বান জনায়।

প্ৰযুক্তিয়ে কেতিয়াও চিকিৎসক আৰু ৰোগীৰ মাজৰ মানৱীয় সম্পৰ্কৰ স্থান ল’ব নালাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ স্নাতকসকলক ধৈৰ্য্যসহকাৰে শুনিবলৈ, সততাৰে যোগাযোগ কৰিবলৈ আৰু আৰ্থিক অৱস্থা বা সামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিজন ব্যক্তিকে মৰ্যাদাৰে চিকিৎসা কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা বিকশিত ভাৰত @ ২০৪৭ৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এখন সুস্থ, শিক্ষিত আৰু সবল জনসংখ্যাই ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰগতিৰ আধাৰ গঠন কৰিব। প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে গুৰুত্ব আৰোপ কৰিছে যে এখন বিকশিত ভাৰত এখন সুস্থ ভাৰতো হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আয়ুষ্মান ভাৰতৰ দৰে পদক্ষেপসমূহে সকলোৰে বাবে গুণগত মানৰ স্বাস্থ্যসেৱা সুলভ আৰু ব্যয়সাধ্য কৰি তোলাৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে।

স্নাতক ডিগ্ৰী লাভ কৰা চিকিৎসকসকলক তেওঁলোকৰ সকলো চিন্তা আৰু কৰ্মত ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ তেওঁলোকৰ জ্ঞানক আৰোগ্য প্ৰদানৰ বাবে আৰু তেওঁলোকৰ কৰুণাক আনক অনুপ্ৰাণিত কৰাৰ বাবে উৎসৰ্গা কৰিবলৈ উৎসাহিত কৰে। তেওঁ লগতে সকলোকে ‘ড্ৰাগছক না কওক’ বুলি ক’বলৈ আহ্বান জনায়।

ভিএমএমচি ভগৱান মহাবীৰৰ নামেৰে নামাকৰণ কৰা হৈছে বুলি স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে ‘জীয়াই থাকা আৰু জীয়াই থাকিবলৈ দিয়া’ দৰ্শন চিকিৎসা বৃত্তিৰ মহৎ লক্ষ্যৰ সৈতে গভীৰভাৱে জড়িত। তেওঁ স্নাতকসকলক ভগৱান মহাবীৰৰ কৰুণা, মানৱতা আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শসমূহ বজাই ৰাখিবলৈ আহ্বান জনায়।

এই উপলক্ষে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলৰ সৈতে “ড্ৰাগছক না কওক” শপত গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে ৰূপালী জয়ন্তী স্মাৰক কফি টেবুল বুকখনো উন্মোচন কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডা, স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ড° এল জি কৃষ্ণ, ভিএমএমচি আৰু ছফদৰজং চিকিৎসালয়ৰ সঞ্চালিকা ড° কবিতা ৰাণী শৰ্মা আৰু অধ্যক্ষা ড° গীতিকা খান্নাৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

PR/ASM/VM/MM


(ৰিলিজ আই ডি : 2338205) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil