পোষ্ট কৰা হৈছে:
18 NOV 2026 7:54PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জে পি নাড্ডাৰ উপস্থিতিত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যলয় (ভিএমএমচি) আৰু ছফদৰজং চিকিৎসালয়ৰ অষ্টম সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰতিষ্ঠানটোৰ স্থাপনৰ ২৫ বছৰ (২০০১–২০২৬) সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে এই সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
সমৱেত লোকসকলক সম্বোধন কৰি মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত ২৫ বছৰীয়া নিষ্ঠাৱান সেৱা সম্পূৰ্ণ কৰাৰ বাবে বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যলয় (ভিএমএমচি) আৰু ছফদৰজং চিকিৎসালয়ক অভিনন্দন জনায়। তেওঁ মন্তব্য কৰে যে প্ৰতিষ্ঠানটোৱে চিকিৎসা শিক্ষা, ৰোগীৰ সেৱা আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াই দেশৰ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বাস্থ্য খণ্ডত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বিগত ১২ বছৰত ১২খন নতুন এইমছ স্থাপনকে ধৰি দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে।
চিকিৎসা বৃত্তিৰ সৈতে জড়িত দায়িত্বসমূহৰ বিষয়ে আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি কয় যে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী কেৱল এক শৈক্ষিক অৰ্হতা নহয়, বৰঞ্চ মানৱতাৰ প্ৰতি এক আজীৱন প্ৰতিশ্ৰুতিবদ্ধতা। তেওঁ স্নাতক শিক্ষাৰ্থীসকলক সোঁৱৰাই দিয়ে যে চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতি সত্ত্বেও চিকিৎসক আৰু ৰোগীৰ মাজৰ মানৱীয় স্পৰ্শ আৰু সহানুভূতিশীল সম্পৰ্কৰ কোনো বিকল্প নাই। তেওঁ শিক্ষাৰ্থীসকলক পেছাদাৰী নৈতিকতাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰাখিবলৈ আৰু আৰ্থিক অৱস্থা বা সামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিজন ৰোগীয়ে যাতে মৰ্যাদা, কৰুণা আৰু সন্মান লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ গুৰুত্ব আৰোপ কৰে যে স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত কোনো বৈষম্য থাকিব নালাগে আৰু প্ৰতিজন ব্যক্তিয়েই সমান তথা মানৱীয় চিকিৎসা লাভ কৰাৰ যোগ্য।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে এখন সুস্থ ভাৰত অবিহনে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰি, যাৰ বাবে দেশৰ সামগ্ৰিক উন্নয়নত এক শক্তিশালী আৰু সমতাপূৰ্ণ স্বাস্থ্যসেৱা ব্যৱস্থা অপৰিহাৰ্য। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰা চিকিৎসকসকলক তেওঁলোকৰ পেছাদাৰী প্ৰতিশ্ৰুতিবদ্ধতা আৰু সমাজ সেৱাৰ জৰিয়তে এই ৰাষ্ট্ৰীয় আকাংক্ষা আগুৱাই নিয়াৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকা উপলব্ধি কৰিবলৈ আহ্বান জনায়।
যুৱ স্নাতকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে দেশৰ ১৪০ কোটি নাগৰিকৰ মাজত চিকিৎসকসকলে তেওঁলোকৰ বৃত্তিৰ সৈতে জড়িত বিশ্বাস আৰু দায়িত্ববোধৰ বাবে এক অনন্য সন্মানীয় স্থান অধিকাৰ কৰি আছে। তেওঁ শিক্ষাৰ্থীসকলক এই সন্মানক এক বিশেষ অধিকাৰ আৰু দায়িত্ব হিচাপে গণ্য কৰিবলৈ, ব্যক্তিগত স্বাৰ্থতকৈ সদায় ৰাষ্ট্ৰক আগস্থান দিবলৈ আৰু সমাজৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও তেওঁ স্নাতক শিক্ষাৰ্থীসকলক ড্ৰাগছক না ক’বলৈ, নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ আৰু আনকো সুস্থ তথা দায়িত্বশীল জীৱন যাপন কৰিবলৈ সক্ৰিয়ভাৱে উৎসাহিত কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে. পি. নাড্ডাই এই মুহূৰ্তটোক এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে অভিহিত কৰে, যি বহু বছৰৰ নিষ্ঠা, শৈক্ষিক উৎকৰ্ষতা আৰু সেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতীক। চিকিৎসা শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই তেওঁ কয় যে বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাটো এক অত্যন্ত গৌৰৱৰ বিষয়, কিয়নো এই প্ৰতিষ্ঠানটোৱে অসাধাৰণ ক্লিনিকেল অভিজ্ঞতা, বিচিত্ৰ শিক্ষণৰ সুযোগ আৰু পেছাদাৰী দক্ষতা আগবঢ়ায়। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে শিক্ষা যদিও এক মৌলিক অধিকাৰ, চিকিৎসা বৃত্তিত প্ৰৱেশ কৰাৰ সুযোগটো এক বিশেষ সৌভাগ্য, যাৰ সৈতে সমাজৰ প্ৰতি এক গভীৰ দায়িত্ববোধ জড়িত হৈ থাকে। তেওঁ স্নাতকসকলক এই দায়িত্ব নিষ্ঠা, কৰুণা আৰু সততাৰে পালন কৰিবলৈ তথা তেওঁলোকৰ পেছাদাৰী জ্ঞান আৰু দক্ষতা মানৱতাৰ সেৱাত নিয়োজিত কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ চিকিৎসা শিক্ষা খণ্ডত হোৱা উল্লেখযোগ্য ৰূপান্তৰৰ ওপৰত আলোকপাত কৰি শ্ৰী নাড্ডাই কয় যে দেশে চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক সামৰ্থ্য দুয়োটাৰে সম্প্ৰসাৰণত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে বিংশ শতিকাৰ শেষলৈকে ভাৰতত মাত্ৰ এখন এইমছ আছিল, কিন্তু এতিয়া দেশত ২৩খন এইমছ আছে। একেদৰে, চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭ খনৰ পৰা ৮৬৩ খনলৈ বৃদ্ধি পাইছে আৰু অহা পাঁচ বছৰত অতিৰিক্ত ৭৫,০০০ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
চিকিৎসা শিক্ষাৰ সামৰ্থ্য বৃদ্ধি সন্দৰ্ভত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ কথা উল্লেখ কৰি শ্ৰী নাড্ডাই অতিৰিক্ত ৭৫,০০০ চিকিৎসা আসন সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ২০২৯ চনৰ ভিতৰত এই লক্ষ্য বাস্তৱায়িত হ’ব। বিগত দশকত হোৱা সম্প্ৰসাৰণৰ পৰিসৰৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে স্নাতক পৰ্যায়ৰ চিকিৎসা আসন প্ৰায় ৫১,০০০ৰ পৰা ১.৪৩ লাখলৈ বৃদ্ধি পাইছে, আনহাতে স্নাতকোত্তৰ আসন প্ৰায় ৩১,০০০ৰ পৰা ৯১,০০০লৈ বৃদ্ধি পাইছে।
চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ লগতে শৈক্ষিক আৰু প্ৰতিষ্ঠানিক মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই কয় যে বৰ্ধিত সামৰ্থ্যৰ বাবে যাতে গুণগত মানৰ সৈতে কোনো আপোচ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে অৱগত কৰে যে ২০২৫ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় কেবিনেটে প্ৰতিখন অতিৰিক্ত স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা আসনৰ বাবে ১.৫ কোটি টকাৰ বিত্তীয় সাহায্যত অনুমোদন জনাইছে, যাৰ জৰিয়তে ১০,০০০ অতিৰিক্ত চিকিৎসা আসন সৃষ্টিৰ সুবিধাৰ্থে মুঠ ১৫,০০০ কোটি টকা আৱণ্টন দিয়া হৈছে।
ভাষণৰ সামৰণিত শ্ৰী নাড্ডাই স্নাতক শিক্ষাৰ্থীসকলক সোঁৱৰাই দিয়ে যে তেওঁলোকৰ এই সফলতা কেৱল তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফল নহয়, বৰঞ্চ ইয়াত তেওঁলোকৰ পিতৃ-মাতৃ, পৰিয়াল আৰু বৃহত্তৰ সমাজখনৰ ত্যাগ, উৎসাহ আৰু সমৰ্থনো প্ৰতিফলিত হৈছে। তেওঁ শিক্ষাৰ্থীসকলক এই সামূহিক অৱদানৰ বিষয়ে সচেতন হৈ থাকিবলৈ আৰু নিঃস্বাৰ্থ সেৱা, পেছাদাৰী উৎকৰ্ষতা তথা স্বাস্থ্যসেৱা পেছাদাৰী হিচাপে নিজৰ দায়িত্বৰ প্ৰতি অটল প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে সমাজক ইয়াৰ প্ৰতিদান দিবলৈ আহ্বান জনায়।
বিশিষ্ট অতিথিসকলক আদৰণি জনাই ভিএমএমচি আৰু ছফদৰজং চিকিৎসালয়ৰ সঞ্চালিকা ড° কবিতা ৰাণী শৰ্মাই অতিথিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু চিকিৎসা শিক্ষা তথা স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ২৫ বছৰীয়া উল্লেখযোগ্য যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰতিষ্ঠানটোক চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্যসেৱাৰ সুষম সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰে, য’ত শিক্ষা আৰু সেৱা ইয়াৰ প্ৰতিষ্ঠানিক আদৰ্শৰ মূল কেন্দ্ৰবিন্দু হৈ আছে। চিকিৎসা বৃত্তিৰ সংজ্ঞা নিৰূপণ কৰা মূল্যবোধসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ স্নাতক শিক্ষাৰ্থীসকলক সততা, নিষ্ঠা আৰু নৈতিক আচৰণৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰাখিবলৈ তথা একাগ্ৰতা, কৰুণা আৰু ৰোগীৰ সেৱাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰে নিজৰ পেছাদাৰী দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ভাৰতৰ মাননীয় উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে ভিএমএমচি আৰু ছফদৰজং চিকিৎসালয়ৰ বাৰ্ষিক প্ৰতিবেদন আৰু ৰূপালী জয়ন্তী স্মাৰক গ্ৰন্থ উন্মোচন কৰে। তদুপৰি, উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে নিচামুক্ত সমাজৰ বাৰ্তা অধিক শক্তিশালী কৰি “ড্ৰাগছক না কওক” শীৰ্ষক শপত গ্ৰহণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে।
ইয়াৰ পাছতে ভিএমএমচি আৰু ছফদৰজং চিকিৎসালয়ৰ অধ্যক্ষা ড° গীতিকা খান্নাই শৈক্ষিক প্ৰতিবেদন উপস্থাপন কৰে, য’ত চিকিৎসা শিক্ষা, স্বাস্থ্যসেৱা প্ৰদান আৰু গৱেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সাফল্য আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হয়।
অনুষ্ঠানত ২৬৫ গৰাকী স্নাতকোত্তৰ আৰু অতি-বিশেষজ্ঞ শিক্ষাৰ্থী তথা ১৫৮ গৰাকী স্নাতক শিক্ষাৰ্থীকে ধৰি মুঠ ৪২৩ গৰাকী শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰে। তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে ২৯ গৰাকী স্নাতকোত্তৰ/অতি-বিশেষজ্ঞ আৰু ১৭ গৰাকী স্নাতক শিক্ষাৰ্থীকে ধৰি ৪৬ গৰাকী কৃতী শিক্ষাৰ্থীক পদক প্ৰদান কৰা হয়।
SR/MM
HFW/Vice President Addressed the 8th Convocation of VMMC & Safdarjung Hospital/18 November 2026/1