পোষ্ট কৰা হৈছে:
18 NOV 2026 3:05PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী তথা কাৰিকৰসকলৰ সা-সামগ্ৰীৰ প্ৰদৰ্শন তথা বিপণনৰ সুবিধা প্ৰদান কৰিব পৰাকৈ বস্ত্ৰ মন্ত্ৰালয়ৰ ডি চি হস্তশিল্পৰ এন এইচ ডি পি আঁচনিৰ সহযোগত উত্তৰ পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত বস্ত্ৰশিল্প উন্নয়ন নিগম-য়ে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ ‘গান্ধী শিল্প বজাৰ’খন ২০২৬ চনৰ ১৭ নৱেম্বৰত যোৰহাট ষ্টেডিয়াম চৌহদত উদ্বোধন কৰা হয়। ২০২৬ চনৰ ২৫ নৱেম্বৰ পৰ্যন্ত চলিব লগা এই প্ৰদৰ্শনীৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী আৰু কাৰুশিল্পীসকলক তেওঁলোকৰ সা-সামগ্ৰীসমূহ প্ৰদৰ্শন তথা বিপণনৰ বাবে এক মঞ্চ প্ৰদান কৰা।
কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ সঞ্চালক ড০ কাৰ্তিক নেওগ আৰু উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ এইচ এছ চি যোৰহাটৰ সহকাৰী সঞ্চালক শ্ৰী শশীকান্ত গুপ্তাৰ উপস্থিতিত উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক শ্ৰী হৰ কান্ত বড়োৱে এই প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে।
এই বজাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৭০ গৰাকী শিপিনী আৰু কাৰুশিল্পীসকলক প্ৰত্যক্ষ বিপণন মঞ্চ প্ৰদান কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ হস্ততাঁতৰ বস্ত্ৰ আৰু হস্তশিল্প সামগ্ৰীসমূহ পোনপটীয়াকৈ গ্ৰাহকক প্ৰদৰ্শন তথা বিক্ৰী কৰিবলৈ সুযোগ লাভ কৰিছে। এই প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত হস্ততাঁত, হস্তশিল্প আৰু ৰেচমৰ সামগ্ৰীৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰদৰ্শন দাঙি ধৰা হৈছে।


***
PG/BM/KB