পোষ্ট কৰা হৈছে:
18 NOV 2026 2:52PM by PIB Guwahati
ইটালীৰ ৰোমত চৰকাৰী ভ্ৰমণসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে যোৱা ১৭ নৱেম্বৰত দেশখনৰ কেইবাটাও আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।
মন্ত্ৰীগৰাকীয়ে ৱাল্টাৰ টষ্টো এছ.পি.এ.-ৰ পৰিচালন সঞ্চালক শ্ৰী লুকা টষ্টো, নৰ্ডিম্পিয়াণ্টি ছিষ্টেম এছ.আৰ.এল.-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জিয়ান পিয়েৰো গাগলিয়াৰ্ডি, এটিটেকৰ অধ্যক্ষ শ্ৰী জিয়ানি লেটিয়েৰি, মাগাল্ডি গ্ৰীণ এনাৰ্জীৰ পৰিচালন সঞ্চালক শ্ৰীমতী লেটিজিয়া মাগাল্ডি আৰু ব্ৰাকো ইমেজিং এছ.পি.এ.-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ফুলভিঅ' ৰেনল্ডি ব্ৰাকোৰ সৈতে বৈঠকত মত বিনিময় কৰে।
বৈঠকসমূহত ভাৰতত ইটালীৰ বিনিয়োগ সম্প্ৰসাৰণ, প্ৰযুক্তি হস্তান্তৰ আৰু ভাৰতীয় অংশীদাৰসকলৰ সৈতে যৌথ উদ্যোগ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কোম্পানীসমূহে তেওঁলোকৰ প্ৰযুক্তি ভাৰতলৈ অনাৰ লগতে উৎপাদন, বিমান মেৰামতি, তাপীয় শক্তি সঞ্চয় আৰু ঔষধৰ উপাদান আদি ক্ষেত্ৰত ভাৰতীয় উদ্যোগৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে।
মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে কোম্পানীকেইটাই প্ৰকাশ কৰা আগ্ৰহক আদৰণি জনায় আৰু ভাৰতৰ আন্তঃগাঁথনি, বিমান পৰিবহণ আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন খণ্ডত ভাৰতীয় উদ্যোগৰ সৈতে অংশীদাৰিত্ব স্থাপনৰ বাবে তেওঁলোকক উৎসাহিত কৰে।
পৰৱৰ্তী পদক্ষেপ হিচাপে উপযুক্ত ভাৰতীয় যুটীয়া উদ্যোগৰ অংশীদাৰ বিচাৰি উলিওৱা, পৰীক্ষামূলক প্ৰকল্প গ্ৰহণ, ব্যয়ৰ তুলনামূলক অধ্যয়ন আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে যুটীয়া অধ্যয়নৰ সম্ভাৱনা অন্বেষণ কৰাৰ বিষয়ত বৈঠকসমূহত সকলো পক্ষই সহমত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ভাৰত আৰু ইটালীৰ মাজৰ বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক আগুৱাই নিয়াৰ লগতে ২০২৯ চনৰ ভিতৰত দুয়োখন দেশৰ মাজৰ বাৰ্ষিক দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০ বিলিয়ন ইউৰোত উপনীত কৰোৱাৰ লক্ষ্যৰে চলি থকা প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই বৈঠকসমূহ অনুষ্ঠিত কৰা হয়।
***
Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/UD