প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেনিলাত অনুষ্ঠিত ২১ সংখ্যক পূব এছিয়া শীৰ্ষ -সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

পোষ্ট কৰা হৈছে: 17 NOV 2026 4:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেনিলাত অনুষ্ঠিত ২১ সংখ্যক পূব এছিয়া শীৰ্ষ -সন্মিলনত ( ই এ এছ) ভাষণ প্ৰদান কৰে।

সংকট আৰু সংঘাতপূৰ্ণ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে শান্তি প্ৰতিষ্ঠাৰ সকলো প্ৰচেষ্টাক সমৰ্থন জনোৱাৰ বাবে আলোচনা, পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

তেওঁ এখন মুক্ত,সৰ্বাংগীন আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পোষকতা কৰি কয় যে বিশ্বজুৰি শান্তি, সুস্থিৰতা আৰু পূৰ্বানুমানযোগ্য পৰিস্থিতি গঢ়ি তোলাৰ ক্ষেত্ৰত পূব এছিয়া সন্মিলনে বিশেষ ভূমিকা পালন কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে বিশ্বৰ খাদ্য, ইন্ধন আৰু সাৰৰ সুৰক্ষাৰ বিষয়ত সংকট তথা সংঘাতৰ প্ৰভাৱৰ বিষয়টো উত্থাপন কৰে।

 

তেওঁ আন্তঃৰাষ্ট্ৰীয় জলপথত আক্ৰমণৰ লক্ষ্য হৈ পৰা বাণিজ্যিক জাহাজ তথা  নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰো আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন আৰু পশ্চিম এছিয়াত অব্যাহত থকা সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে গ্ৰহণ কৰা সকলো প্ৰচেষ্টাক ভাৰতে সমৰ্থন থকাৰ কথা দোহাৰে।

তেওঁ শান্তিপ্ৰিয় সমাজৰ প্ৰতি সন্ত্ৰাসবাদে সৃষ্টি কৰা ভাবুকিৰ বিষয়েও গুৰুত্বসহকাৰে আলোকপাত কৰে।

পূব এছিয়া সন্মিলনৰ মঞ্চত সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে তলত উল্লেখ কৰা প্ৰস্তাৱসমূহ আগবঢ়ায়:

১) নাৱিকৰ সুৰক্ষাৰ পদক্ষেপ: যৌথ প্ৰশিক্ষণ আৰু জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে নাৱিকসকলৰ সুৰক্ষাৰ এক বিশেষ পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়।

২) পূব এছিয়া সন্মিলনৰ চাইবাৰ অপৰাধ সন্মিলন: অনলাইন প্ৰৱঞ্চনা আৰু চাইবাৰ অপৰাধৰ দৰে সীমান্ত অতিক্ৰমী হৈ থকা নতুন প্ৰজন্মৰ অপৰাধমূলক ভাবুকিৰ মোকাবিলা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত পূব এছিয়া সন্মিলনৰ চাইবাৰ অপৰাধ সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

৩) পূব এছিয়া সন্মিলনৰ সামুদ্ৰিক ঐতিহ্য মহোৎসৱ: গুজৰাটৰ লোথালত পূব এছিয়া সন্মিলনৰ সামুদ্ৰিক ঐতিহ্য মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

৪) পূব এছিয়া সন্মিলনৰ বিশ্ববিদ্যালয় সন্মিলন: পূব এছিয়াৰ দেশসমূহৰ মাজত শৈক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নালন্দাত পূব এছিয়া সন্মিলনৰ বিশ্ববিদ্যালয় সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

সন্মিলনখন সফলভাৱে আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম ফাৰ্ডিনাণ্ড আৰ মাৰ্কোছক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ ভাষণ ইয়াত চাব পাৰিব।  [link].

 

*****************

MJPS/SS/VJ/ST/DM


(ৰিলিজ আই ডি : 2337680) অতিথি কক্ষ : 13