পোষ্ট কৰা হৈছে:
16 NOV 2026 5:58PM by PIB Guwahati
লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত জনসংখ্যা গণনাৰ বাবে স্ব-গণনা প্ৰক্ৰিয়া আজিৰে পৰা গোৱা, পঞ্জাৱ, উত্তৰ প্ৰদেশৰ লগতে উত্তৰাখণ্ডৰ বৰফমুক্ত অঞ্চলসমূহত আৰম্ভ হৈছে। এই ৰাজ্য আৰু অঞ্চলসমূহৰ বাসিন্দাসকলে ৩০ নৱেম্বৰ, ২০২৬লৈকে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য দাখিল কৰিব পাৰিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, উক্ত ৰাজ্য আৰু অঞ্চলসমূহত ঘৰে ঘৰে গৈ জনসংখ্যা গণনাৰ কাম ১ ডিচেম্বৰৰ পৰা ২০২৬ৰ ৪ জানুৱাৰীলৈকে চলিব। ইয়াৰ পিছত ৫ৰ পৰা ৯ জানুৱাৰীলৈ সংশোধনী পৰ্যায় অনুষ্ঠিত হ’ব। এই অঞ্চলসমূহৰ বাবে গণনাৰ নিৰ্ধাৰিত তাৰিখ ২০২৭ৰ ৫ জানুৱাৰীৰ নিশা ১২ বজা।
আনহাতে, বাকী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৭লৈ জনসংখ্যা গণনা কৰা হ’ব। ১ৰ পৰা ৫ মাৰ্চলৈ সংশোধনী পৰ্যায় চলিব। এই অঞ্চলসমূহত ১০ৰ পৰা ২৪ জানুৱাৰীলৈ স্ব-গণনাৰ সুবিধা উপলব্ধ হ’ব। এই ক্ষেত্ৰত গণনাৰ নিৰ্ধাৰিত তাৰিখ ২০২৭ৰ ১ মাৰ্চৰ নিশা ১২ বজা।
লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনাৰ কাম মণিপুৰৰ বাহিৰে দেশৰ ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত সম্পূৰ্ণ হৈছে।
উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে লোকপিয়ল ২০২৭ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হৈছে। ইয়াৰ অংশ হিচাপে স্ব-গণনাৰ ব্যৱস্থা এক অতিৰিক্ত সুবিধা হিচাপে প্ৰৱৰ্তন কৰা হৈছে। এই সুবিধা ১৬টা ভাৰতীয় ভাষাত উপলব্ধ। বাসিন্দাসকলে নিজৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি se.census.gov.in নামৰ চৰকাৰী পৰ্টেলত প্ৰৱেশ কৰিব পাৰিব। প্ৰথম পৰ্যায়ত পঞ্জীয়ন কৰা ম’বাইল নম্বৰ ব্যৱহাৰ কৰাটো অধিক সুবিধাজনক হ’ব।
পৰ্টেলত পৰিয়াল আৰু ব্যক্তিগত তথ্য সম্পৰ্কীয় ৪০টা নিৰ্ধাৰিত প্ৰশ্নৰ উত্তৰ দিব লাগিব। সফলতাৰে তথ্য দাখিল কৰাৰ পিছত এক বিশেষ স্ব-গণনা পৰিচয় নম্বৰ প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত গণনাকাৰীয়ে ঘৰত উপস্থিত হ’লে এই নম্বৰটো তেওঁক প্ৰদান কৰিব লাগিব।
স্ব-গণনাৰ সুবিধা গ্ৰহণ নকৰা পৰিয়ালসমূহৰ তথ্য গণনাকাৰীয়ে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব। সকলো নিৰ্ধাৰিত অঞ্চলতে এই অভিযান অব্যাহত থাকিব।
গৃহ মন্ত্ৰালয়ে জনাইছে যে, ১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য সম্পূৰ্ণ গোপনীয় হৈ থাকিব আৰু কেৱল পৰিসংখ্যাগত বিশ্লেষণ তথা উন্নয়নমূলক পৰিকল্পনাৰ বাবেহে ব্যৱহাৰ কৰা হ’ব। এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি গণনাকাৰীসকলক সহযোগিতা আগবঢ়াবলৈ বাসিন্দাসকলক আহ্বান জনোৱা হৈছে।
****
RK/RR/SK/PR/PS/DM