পোষ্ট কৰা হৈছে:
16 NOV 2026 3:03PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি ওড়িশাৰ কটকস্থিত শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ত আইকনিক টাৱাৰটো উদ্বোধন কৰে। এই অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী ব্ৰজ মোহন ৰাম, মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি আৰু শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা আজীৱন অধ্যক্ষ শ্ৰীশ্ৰী ৰবিশংকৰ উপস্থিত থাকে।
সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই উদ্বোধন কেৱল এটা ভৱন মুকলি কৰাতে সীমাবদ্ধ নহয়; বৰং ই এক দৃষ্টিভংগী, শিক্ষাৰ এক অনুপ্ৰেৰণাদায়ক দৰ্শন, ভাৰতৰ গৌৰৱোজ্জ্বল সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ উদযাপন।
শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ক শ্ৰীশ্ৰী ৰবিশংকৰৰ অসাধাৰণ দূৰদৃষ্টিৰ বাস্তৱ ৰূপ বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা পৰম্পৰাগত শৈক্ষিক শিক্ষাৰ সীমাৰ পৰিধিত সীমাবদ্ধ নহয়। তেওঁ কয় যে প্ৰাচ্যৰ প্ৰজ্ঞা আৰু পাশ্চাত্যৰ জ্ঞানৰ সমন্বয়স্থলী হিচাপে কল্পনা কৰা এই বিশ্ববিদ্যালয়খনে ২০১২ চনত নিজৰ শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ দৰ্শন হ’ল যে প্ৰকৃত শিক্ষাই ব্যক্তিৰ চৰিত্ৰ, চেতনা আৰু সহানুভূতিশীল মনোভাৱৰ বিকাশ সাধন কৰিব লাগিব।সমসাময়িক সময়ত এই দৃষ্টিভংগীৰ প্ৰাসংগিকতাত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে শিক্ষাই যুৱ প্ৰজন্মক কেৱল শৈক্ষিক সফলতাৰ বাবেই প্ৰস্তুত কৰিলেই নহ’ব, বৰং সমাজলৈ অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱা আৰু বিশ্বৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো সক্ষম কৰি তুলিব লাগিব।
শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ে নিজকে “বিশ্বৰ আটাইতকৈ আনন্দময় চৌহদ” হিচাপে অভিহিত কৰাত উপ-ৰাষ্ট্ৰপতিয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে আনন্দ হৈছে সমগ্ৰ মানৱজাতিয়ে কামনা কৰা এটা বিষয় আৰু ই ভাৰতৰ সংস্কৃতি তথা পৰম্পৰাৰ সৈতে গভীৰভাৱে সংপৃক্ত। এই চিৰন্তন সাংস্কৃতিক মূল্যবোধৰ প্ৰসাৰত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা প্ৰচেষ্টাৰো তেওঁ শলাগ লয়।
ওড়িশাৰ সমৃদ্ধ স্থাপত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ৰাজ্যখনৰ স্থাপত্যশৈলী সদায় ভৌতিক পৰিসৰ নিৰ্মাণৰ ঊৰ্ধ্বত আছিল। ৰাজ্যখনৰ মন্দিৰবিলাকে কলাত্মক উৎকৰ্ষ, বৈজ্ঞানিক জ্ঞান, আধ্যাত্মিকতা আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ চিৰস্থায়ী নিদৰ্শন বহন কৰি আহিছে। পুৰীৰ জগন্নাথ মন্দিৰ, ভুৱনেশ্বৰৰ মন্দিৰবোৰ আৰু কোণাৰ্ক মন্দিৰৰ অপূৰ্ব মহিমাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কলিংগ স্থাপত্য পৰম্পৰাই ভাৰতীয় সভ্যতাৰ অসাধাৰণ সৃষ্টিশীল প্ৰতিভাৰ সাক্ষ্য বহন কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে কয় যে আইকনিক টাৱাৰটোৰ নিৰ্মাণত এই সমৃদ্ধ ঐতিহ্যৰ পৰা প্ৰেৰণা গ্ৰহণ কৰা হৈছে। ইয়াৰ ঊৰ্ধ্বমুখী আকৃতিয়ে জ্ঞানৰ ভেটিৰ পৰা প্ৰজ্ঞা আৰু জ্ঞানালোকৰ উচ্চ শিখৰলৈ মানৱীয় আকাংক্ষাৰ যাত্ৰাক প্ৰতিফলিত কৰে।
বৃহত্তৰ ৰাষ্ট্ৰীয় আকাংক্ষাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ সন্মুখত ‘বিকশিত ভাৰত @২০৪৭’ৰ এক অনুপ্ৰেৰণাদায়ক দৃষ্টিভংগী দাঙি ধৰিছে। এই দৃষ্টিভংগীৰ লক্ষ্য হৈছে স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত আত্মবিশ্বাস, সামৰ্থ্য আৰু গোলকীয় নেতৃত্বৰে সমৃদ্ধ এখন উন্নত ভাৰত গঢ়ি তোলা। তেওঁ কয় যে এই ৰাষ্ট্ৰীয় লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানবিলাকৰ ৰূপান্তৰকাৰী ভূমিকাত প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে গুৰুত্ব আৰোপ কৰি আহিছে।
যোৱা বাৰটা বছৰত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা ২০১৪-১৫ চনৰ ৭৬০ৰ পৰা বৃদ্ধি পাই বৰ্তমান ১,৪০০কৈও অধিক হৈছে। তেওঁ কয় যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)ৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ ১৬ৰ পৰা বৃদ্ধি পাই বৰ্তমানে ২৩ হৈছে, আনহাতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM)ৰ সংখ্যা ১৩ৰ পৰা ২২লৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ ৭ৰ পৰা বৃদ্ধি পাই ২০ হৈছে। একেদৰে, উচ্চ শিক্ষানুষ্ঠানবোৰত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সংখ্যাও ২০১৪-১৫ চনৰ ৩.৪২ কোটিৰ পৰা বৃদ্ধি পাই ৪.৫০ কোটিতকৈ অধিক হৈছে।
ওড়িশাত জনজাতীয়সকলৰ সংখ্যাধিক্যৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী উভয় বিশ্ববিদ্যালয়কে জনজাতীয় শিশুসকলৰ বাবে ‘স্কুল কানেক্ট’ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আহ্বান জনায়, যাতে তেওঁলোকে শিক্ষা আধাতে এৰি দিবলগীয়া নহয় আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত হয়।
ভাৰতৰ সাংস্কৃতিক পৰিচয় আৰু ৰাষ্ট্ৰীয় শক্তিৰ গুৰুত্বত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে দেশৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাই বিশেষ ভূমিকা পালন কৰিবলগীয়া আছে। তেওঁ কয় যে ভাৰত এনে এখন শক্তিশালী আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিব বিচাৰে, যাতে কোনেও দেশখনৰ ওপৰত নিজৰ চৰ্ত জাপি দিব নোৱাৰে। দেশৰ স্বাধীনতা, মৰ্যাদা আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শক্তিৰ গুৰুত্বত তেওঁ বিশেষভাৱে আলোকপাত কৰে।
ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এজন ব্যক্তিৰ প্ৰকৃত উচ্চতা তেওঁৰ জ্ঞানৰ গভীৰতা, চৰিত্ৰৰ দৃঢ়তা আৰু সহানুভূতিৰ ব্যাপ্তিৰ দ্বাৰা নিৰ্ধাৰিত হয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ চিন্তা-চৰ্চা আৰু কাৰ্যকলাপত সদায় “ৰাষ্ট্ৰ প্ৰথম” নীতি মানি চলিবলৈ আৰু “ড্ৰাগছক না” ক’বলৈ আহ্বান জনায়।
বিশ্ববিদ্যালয়ৰ সমগ্ৰ পৰিয়ালটোক আইকনিক টাৱাৰে প্ৰতিনিধিত্ব কৰা আদৰ্শসমূহৰ প্ৰতি নতুনকৈ দায়বদ্ধতা গ্ৰহণ কৰিবলৈ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিয়ে কয় যে জ্ঞান হ’ব লাগিব ভেটি, প্ৰজ্ঞা হ’ব লাগিব পথপ্ৰদৰ্শক পোহৰ, উদ্ভাৱন হ’ব লাগিব আহিলা, সহানুভূতি হ’ব লাগিব শক্তি আৰু সেৱা হ’ব লাগিব চূড়ান্ত লক্ষ্য। তেওঁ আশা প্ৰকাশ কৰে যে এই টাৱাৰটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিক্ষাৰ আলোকস্তম্ভ, আকাংক্ষাৰ স্মাৰক আৰু ওড়িশাৰ চিৰন্তন চেতনাৰ প্ৰতীক হিচাপে থিয় হৈ থাকিব। লগতে ই আত্মবিশ্বাসী, সমৃদ্ধিশালী, সহানুভূতিশীল আৰু বিকশিত ভাৰত গঢ়াৰ দিশত অৱদান আগবঢ়াবলৈ প্ৰজন্মৰ পিছত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব।
উপ-ৰাষ্ট্ৰপতিয়ে শ্ৰীশ্ৰী বিশ্ববিদ্যালয়ৰ নৱ-উদ্বোধিত আইকনিক টাৱাৰত থকা অত্যাধুনিক প্লেনেটেৰিয়ামটোও পৰিদৰ্শন কৰে। এই প্লেনেটেৰিয়ামটোৱে বৈজ্ঞানিক অনুসন্ধিৎসা, আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মনোভাৱক উদযাপন কৰে।
***
PR/ASM/VM/PK