প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰী ভ্ৰমণসূচীৰে চেক গণৰাজ্যলৈ ৰাওনা সেনা প্ৰধান জেনেৰেল ধীৰাজ শেঠ

দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু সামৰিক বাহিনীৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এই ভ্ৰমণ

পোষ্ট কৰা হৈছে: 15 NOV 2026 10:28AM by PIB Guwahati

সেনা প্ৰধান (চীফ অৱ দা আৰ্মী ষ্টাফ) জেনেৰেল ধীৰাজ শেঠে ২০২৬ৰ ১৬ ৰ পৰা ১৯ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে চেক গণৰাজ্যত উপস্থিত হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা, সামৰিক বাহিনীৰ মাজত সম্পৰ্ক বৃদ্ধি কৰা আৰু প্ৰতিৰক্ষা প্ৰযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ অন্বেষণ কৰা।

ভ্ৰমণৰ সময়ত, চীফ অৱ দা আৰ্মী ষ্টাফগৰাকীয়ে লেফটেনেণ্ট জেনেৰেল পেট্ৰ চেপেলকা, জেনেৰেল ষ্টাফৰ প্ৰথম উপ-প্ৰধান আৰু প্ৰাগৰ জেনেৰেল ষ্টাফ মুখ্য কাৰ্যালয় (জি এছ এইচ কিউ)ত প্ৰতিৰক্ষাৰ উপ-প্ৰধান গৰাকীকে ধৰি চেক সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ সামৰিক নেতাসকলৰ সৈতে মত বিনিময় কৰিব । চীফ অৱ দা আৰ্মী ষ্টাফগৰাকীয়ে জি এছ এইচ কিউত পুষ্পমাল্য অৰ্পণ অনুষ্ঠানত শ্বহীদ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাব। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলকো সাক্ষাৎ কৰিব।এই বৈঠকসমূহত সামৰিক সহযোগিতা, প্ৰশিক্ষণ, আধুনিকীকৰণ আৰু শেহতীয়া নিৰাপত্তা প্ৰত্যাহ্বানকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহত গুৰুত্ব দিয়া হ'ব।

কাৰ্যসূচীৰ অংশ হিচাপে, জেনেৰেল ধীৰাজ শেঠে চেক সশস্ত্ৰ বাহিনীৰ বিশেষ প্ৰশিক্ষণ, কাৰ্যকৰী সামৰ্থ্য আৰু ভৱিষ্যতৰ প্ৰস্তুতিৰ বিষয়ে ধাৰণা লাভ কৰাৰ উদ্দেশ্যে ব্ৰ্নোৰ প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু নাটোৰ যুটীয়া ৰাসায়নিক, জৈৱিক, বিকিৰণশীল আৰু পাৰমাণৱিক প্ৰতিৰক্ষা উৎকৃষ্টতা কেন্দ্ৰ পৰিদৰ্শন কৰিব ।

চীফ অৱ দা আৰ্মী ষ্টাফগৰাকীয়ে প্ৰতিৰক্ষা প্ৰযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগ অন্বেষণ কৰাৰ উদ্দেশ্যে  আন্তঃচৰকাৰী প্ৰতিৰক্ষা সহযোগিতা সংস্থা (এ এম অ’ এছ), প্ৰতিৰক্ষা আৰু নিৰাপত্তা উদ্যোগ সন্থা আৰু আগশাৰীৰ প্ৰতিৰক্ষা নিৰ্মাতাসকলৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব ।

এই ভ্ৰমণে নিৰন্তৰ সামৰিক আলোচনা, পেছাদাৰী মত বিনিময় আৰু ঔদ্যোগিক অংশীদাৰিত্বৰ জৰিয়তে দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰত আৰু চেক গণৰাজ্যৰ যুটীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

***

Nishant / Ashish/DD


(ৰিলিজ আই ডি : 2336563) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati